Tuesday, October 4, 2022
HomeNewsউশ্বুৰ জুনিয়ৰ নেচনেলত অসমৰ ৮ টা পদক

উশ্বুৰ জুনিয়ৰ নেচনেলত অসমৰ ৮ টা পদক

উশ্বুৰ জুনিয়ৰ নেচনেলত অসমৰ ৮ টা পদক

অলিম্পিয়া প্ৰতিবেদন:কেৰালাত উৰিল অসমৰ উশ্বু খেলুৱৈৰ বিজয় ধ্বজা । জুনিয়ৰ নেচনেলত অসমৰ ৮ টা পদক । পদকজয়ী খেলুৱৈৰ মুখত গৌৰৱৰ হাঁহি ।

যোৱা ১ ৰ পৰা ৬ ছেপ্টেম্বৰলৈ কেৰালাত অনুষ্ঠিত হয় ২১ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপ । এই ৰাষ্ট্ৰীয় মানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমৰ জুনিয়ৰ পৰ্যায়লৈ ল’ৰা ছোৱালীৰ দলে । উশ্বু এছচিয়েচন অৱ ইণ্ডিয়াই আয়োজন কৰা প্ৰতিযোগিতাখনত বিভিন্ন ৰাজ্যৰ লগতে অসমে অংশগ্ৰহণ কৰি স্বৰ্ণসহ ৮ টাকৈ পদক লাভ কৰিছে । চান্দা আৰু টাউলু ইভেন্টত অসমৰ উদীয়মান খেলুৱৈসকলে আজুৰি আনিছে পদক । চান্দাৰ ৬৫ কেজি ল’ৰাৰ শাখাত স্বৰ্ণজয় কৰিছে অসমৰ হোমৰাজ লামাই ।

সেইদৰে টাউলুত মনিষ চেত্রী আৰু ৫২ কেজি ছোৱালীৰ চান্দাত ৰূপ অৰ্জন কৰিছে এলিনা ৰাভাই । আনহাতে, ৪৫ কেজি ল’ৰাৰ চান্দাত আটছ দত্ত, ল’ৰাৰ ৪৮ কেজি চান্দা য়ুথ শাখাত ছোভেৰেইন ডি পাটৰ, ৬০ কেজি ল’ৰাৰ য়ুথ চান্দাত অনুভৱ বৰা, ৫৬ কেজি ল’ৰাৰ য়ুথ চান্দাত নৱকান্ত পেগু আৰু আৰোহণ বৰাই টাউলুত লাভ কৰিছে ব্ৰঞ্জৰ পদক । এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমে ১ টা স্বৰ্ণ, ২ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জ দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

পদকজয়ী অসমৰ দলটোক অভিনন্দন জনাইছে অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ চৌধুৰী, সম্পাদক ৰঞ্জিত বড়োৰ লগতে সমূহ বিষয়ববীয়াই ।

ক্ৰীড়া অনুৰাগীৰ আশা — অসমৰ উশ্বু খেলুৱৈৰ এই বিজয়ধাৰা চিৰপ্ৰবাহমান হওক । জুনিয়ৰ খেলুৱৈসকল আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গনতো হৈ পৰক অপ্ৰতিৰোধ্য ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments