হকী বিশ্বকাপক কেন্দ্ৰ কৰি উৰিষ্যাত নিৰ্মাণ কৰা হ’ব ভাৰতৰ সৰ্ববৃহৎ হকী ষ্টেডিয়াম।য’ত ২০ হাজাৰ দৰ্শকে একেলগে মেচ উপভোগ কৰিব পাৰিব। উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই বিষয়ে ঘোষণা আগবঢ়াইছে। জানিব পৰা মতে উৰিষ্যাৰ ষ্টিল চিটি হিচাপে পৰিচিত ৰাউৰকেলাত নিৰ্মাণ কৰা হ’ব এই বৃহৎ ষ্টেডিয়ামখন। ষ্টেডিয়ামখনৰ বাবে প্ৰায় ১৫ একৰ ভূমি নিৰ্ধাৰণ কৰা হৈছে।
২০২৩ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া হকী বিশ্বকাপৰ দ্বিতীয় ভ্যেনু হ’ব এই নিৰ্মিত হ’বলগীয়া ষ্টেডিয়ামখন। আনহাতে বিশ্বকাপৰ আন আন মেচবোৰ ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।