Tuesday, October 4, 2022
HomeNewsউৰিষ্যা এফ চিৰ পৰা মুম্বাই চি টি এফ চিত যোগদান অসমৰ...

উৰিষ্যা এফ চিৰ পৰা মুম্বাই চি টি এফ চিত যোগদান অসমৰ বিনীত ৰাইৰ

উৰিষ্যা এফ চিৰ পৰা মুম্বাই চি টি এফ চিত যোগদান অসমৰ বিনীত ৰাইৰ

অলিম্পিয়া প্রতিবেদন: সদ্যসমাপ্ত অৰ্থবহুল ফুটবল টুৰ্ণামেণ্ট ইণ্ডিয়ান চুপাৰ লীগ চমুকৈ আই এছ এলত অসমৰ যি কেইজন খেলুৱৈয়ে বিভিন্ন দলত প্ৰদৰ্শন আগবঢ়ালে তাৰ ভিতৰত বিনীত ৰাই অন্যতম। ভাৰতীয় ছিনিয়ৰ দলৰ হৈয়ো খেলাৰ সুযোগ লাভ কৰা বিনীত ৰাই আছিল উৰিষ্যা এফ চিৰ অন্যতম অধিনায়ক । সম্প্ৰতি বিনীতে মুম্বাই চিটি এফচি দলৰ সৈতে যোগদান কৰিছে । ২৪ বছৰীয়া মিডফিল্ডাৰ বিনীতে ২০২২ ৰ ৩১ মে পৰ্যন্ত মুম্বাই চিটি এফচিৰ হৈ খেলিব ।

আৰু অধিক পঢ়ক

অসমৰ দুলিয়াজানৰ এই সুসন্তানগৰাকীয়ে টাটা ফুটবল একাডেমীৰ যোগেদি প্ৰশিক্ষিত হৈ পেছাদাৰী ফুলবলত ভৰি দিয়ে । প্ৰথমে গোৱাৰ ডেম্পো দলৰ হৈ খেলা বিনীতে ২০১৬ ৰ আই এছ এলত কেৰেলা ব্লাষ্টাৰ্ছৰহৈ খেলিছিল । পাছত তেওঁ ২০১৭ ত দিল্লী ডাইনামো এফ চি (পাছত উৰিষ্যা এফ চি ৰূপে নামকৰণ) হৈ আই এছ এলত খেলে । তেতিয়াৰে পৰা বিনীত ৰাই হৈ পৰে উৰিষ্যা এফ চিৰ হৈ সৰ্বাধিক ৭২খন মেচ খেলা খেলুৱৈ । ২০২১ – ২২ ছিজনৰ পূৰ্বে তেওঁক ক্লাবটোৰ অন্যতম অধিনায়ক ৰূপে দায়িত্ব দিয়া হয় । সদ্যসমাপ্ত আই এছ এলত বিনীতে উৰিষ্যা এফ চি ৰ হৈ মিডফিল্ডাৰ হিচাপে ৮ খন মেচ খেলে । নতুন দল মুম্বাই চিটি এফ চিত বিনীতৰ জাৰ্চি নম্বৰ হ’ব ১৬ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখ্য যে মুম্বাই চিটি এফচি দলৰ মিডফিল্ডাৰ হিচাপে আছে অসমৰে আন এগৰাকী সু-সন্তান শিৱসাগৰ জিলাৰ পানীবিলৰ প্ৰাঞ্জল ভূমিজ । নতুন দলত যোগদান কৰি উৎসাহিত বিনীতে কয় , “এটা চেম্পিয়ন ক্লাবত যোগদান কৰিবলৈ পাই মই যথেষ্ট আনন্দিত । মুম্বাই চিটি দলত যথেষ্ট দক্ষ খেলুৱৈ আছে । ইয়াৰ বাবে মোৰ স্থান নিশ্চিত কৰাৰ বাবে যুঁজ দিব লাগিব । দলৰ নতুন সতীৰ্থসকলৰ সৈতে যাত্ৰা আৰম্ভ কৰিবলৈ মই সকলো প্ৰকাৰে চেষ্টা চলাম ।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments