Thursday, July 7, 2022
HomeNewsঋতুশ্ৰাৱৰ বিষয়ে মুকলিকৈ ক'লে ভাৰতীয় মহিলা খেলুৱৈয়ে

ঋতুশ্ৰাৱৰ বিষয়ে মুকলিকৈ ক’লে ভাৰতীয় মহিলা খেলুৱৈয়ে

২৮ মে’, গুৱাহাটী : আজি বিশ্ব ঋতুস্ৰাৱ পৰিচ্ছন্নতা দিৱস। ২০১৪ চনৰ পৰা প্ৰতি বছৰে ২৮ মে’ত এই বিশেষ দিনটো পালন কৰা হয়। বৰ্তমানৰ এই আধুনিক বিজ্ঞানৰ যুগত ঋতুস্ৰাৱ হোৱা মহিলাক নিজৰ ঘৰখনতেই নিষিদ্ধ বুলি গণ্য কৰা হয় আৰু এই ঋতুশ্ৰাৱৰ লগত বহু অন্ধবিশ্বাস জড়িত হৈ আছে। বিশেষকৈ দেশৰ গ্ৰাম্য অঞ্চলত ঋতুশ্ৰাৱ হোৱা মহিলাৰ ক্ষেত্ৰত এনে আচৰণ সৰ্বাধিক। অৱশ্যে সময়ৰ লগে লগে  ইয়াৰ বহুখিনি সলনি হৈ আছে। তথাপিও ভাৰতীয় সমাজত এতিয়াও ঋতুশ্ৰাৱৰ বিষয়ে মুকলিকৈ কথা পাতিবলৈ অস্বস্তি অনুভৱ কৰে।

আজিৰ এই বিশেষ দিনটোত ভাৰতীয় আগশাৰীৰ মহিলা খেলুৱৈসকলে ঋতুশ্ৰাৱক লৈ কি কয়, এই বিষয়ে তেওঁলোকৰ ধাৰণা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। আহকচোন কোনে কি কয় সেই বিষয়ে চকু ফুৰাই চাওঁ।

অদিতি চৌহান :

গোৱাত জন্মগ্ৰহণ কৰা অদিতি চৌহান ভাৰতীয় মহিলা ফুটবল দলৰ গ’লৰক্ষক। তেওঁ বৰ্তমান আইচলেণ্ডৰ মহিলা লীগৰ  Hamar Hveragerði মহিলা দলৰ হৈ খেলে। ইয়াৰ উপৰিও, এইগৰাকী মহিলা ফুটবলাৰে ৱেষ্ট হাম ইউনাইটেড লেডিজ আৰু গোকুলাম কেৰালাত তেওঁৰ ব্যৱসায় চলাইছে।

অদিতি চৌহানে স্পোৰ্টষ্টাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঋতুস্ৰাৱৰ সৈতে তেওঁৰ সংগ্ৰামৰ বিষয়ে উল্লেখ কৰিছ। বিশ্ব ঋতুস্ৰাৱ পৰিচ্ছন্নতা দিৱস উপলক্ষে, ২৮ বছৰীয়া যুৱতীগৰাকীয়ে কয় যে, তেওঁ শৈশৱত ঋতুস্ৰাৱ হোৱা স্বত্বেও খেলিছিল। তেওঁ কয়, “যেতিয়া মই খেলিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া ঋতুশ্ৰাৱৰ সময়তো মোৰ মা-দেউতাই সদায় মোক খেলি থাকিবলৈ উৎসাহিত কৰিছিল। তেওঁলোক এই বিষয়ত সজাগ আছিল যে ই (ঋতুশ্ৰাৱ) জীৱনৰ এক অংশ, আৰু যদি স্বাস্থ্যৱান হ‌ও তেন্তে নিয়মীয়া কাৰ্যকলাপ বন্ধ কৰিব নালাগিব।”

অদিতি চৌহানৰ আকৌ বৰ্ণনা কৰিছে যে পূৰ্বে কিদৰে খেলুৱৈসকলে ঋতুশ্ৰাৱৰ সময়ত প্ৰথম কেইদিনমান প্ৰশিক্ষণৰ পৰা বিৰতি লৈছিল আৰু এতিয়া ই কেনেদৰে সলনি হৈছে। তেওঁ  লগতে এই সাক্ষাৎকাৰত ঋতুশ্ৰাৱ সম্পৰ্কে দেশত অধিক সজাগতা সৃষ্টি কৰিবলৈ জোৰ দিছিল আৰু ইয়াক নিষিদ্ধ বুলি বিবেচনা কৰাটো নিষিদ্ধ কৰিব লাগে।

দুতী‌ চান্দ :

সাম্প্ৰতিক সময়ত ভাৰতৰ  শ্ৰেষ্ঠ ট্ৰেক এথলিটসকলৰ ভিতৰৰ এগৰাকী অন্যতম এথলিট দুতী চান্দ। এইগৰাকী ট্ৰেক এথলিটে She The People ৰ সৈতে হোৱা এক বাৰ্তালাপত ঋতুস্ৰাৱৰ বিষয়ে মুকলিকৈ মন্তব্য কৈছ। She The People ৰ ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ত, ২৫ বছৰীয়া এথলিটে গৰাকীয়ে প্ৰশিক্ষণৰ সময়ছোৱাত ঋতুশ্ৰাৱৰ ফলত কৰিবলগীয়া হোৱা সংগ্ৰামৰ বিষয়ে উল্লেখ কৰিছে। “আমাক ঋতুস্ৰাৱৰ সময়ত এদিন বা দুদিনৰ  বাবে বিশ্ৰাম দিয়া হয় আৰু বিষৰ বাবে প্ৰশিক্ষণ কম হয়। ঋতুস্ৰাৱৰ সময়ত কঠোৰ প্ৰশিক্ষণে শৰীৰক নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে।” দুতী চান্দে ক‌ই এইদৰে।

অঞ্জু ববি জৰ্জ :

এথলেটিকছত বিশ্ব চেম্পিয়নশ্বিপৰ পদক জয় কৰা প্ৰথম ভাৰতীয় অঞ্জু ববি জৰ্জ ভাৰতৰ শ্ৰেষ্ঠ এথলিট সকলৰ ভিতৰত অন্যতম।  ২০১৫ চনতে  Scroll.in সৈতে হোৱা এক সাক্ষাৎকাৰত, অঞ্জুৱে তেওঁৰ খেলি থকা সময়ছোৱাৰ দিনবোৰত ঋতুস্ৰাৱে তেওঁক কিদৰে প্ৰভাৱিত কৰিছিল সেই বিষয়ে মুকলিকৈ কৈছিল

তেওঁ কৈছে, “ইয়াৰ বাবে (ঋতুশ্ৰাৱৰ বাবে) মই দুটা বৃহৎ লং জাম্প প্ৰতিযোগিতাত পৰাজিত হৈছিলো, কিন্তু কেতিয়াও কাকো সেই বিষয়ে ক’ব পৰা নাছিলো। মই আন সকলো ধৰণে শীৰ্ষ ফৰ্মত আছিলো, কিন্তু ঋতুশ্ৰাৱে মোক দুৰ্বল অনুভৱ কৰাইছিল আৰু মই ইয়াৰ বাবে একো কৰিব পৰা নাছিলোঁ। বহুলোকে মোৰ প্ৰদৰ্শনক সমালোচনা কৰিছিল কিন্তু  মই তেওঁলোকক কেতিয়াও এই বিষয়ে ক’ব নোৱাৰোঁ।

জোছনা চিনাপ্পা :


জোছনা চিনাপ্পা নিঃসন্দেহে ভাৰতৰ শ্ৰেষ্ঠ স্কোয়াছ খেলুৱৈসকলৰ মাজৰ এজন। এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত একাধিক পদক লাভ কৰি ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে দেশৰ বাবে সুনাম কঢ়িয়াই আনিছে। এইগৰাকী খেলুৱৈয়ে Scroll.in ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, ঋতুস্ৰাৱৰ সৈতে তেওঁৰ যুজঁ আৰু প্ৰশিক্ষকৰ সৈতে এই বিষয়ে মুক্তভাৱে কথা পাতিবলৈ কিদৰে এক ভাল সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়োজন সেই বিষয়ে উল্লেখ কৰিছিল। তেওঁ কৈছে, “আমি কঠোৰ পৰিশ্ৰম কৰোঁ। প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ সময়ত যথেষ্ট বিষত অভ্যস্ত, সেয়েহে মই নিশ্চিতভাৱে ভাবো যে আমি ঋতুস্ৰাৱৰ সৈতে মোকাবিলা কৰিব পাৰোঁ… মই ভাবো এইটো আপুনি আপোনাৰ প্ৰশিক্ষকসকলৰ সৈতে ভাগ বতৰা কৰা উচিত।”

মেৰী কম :


বিশ্বত খ্যাতি লাভ কৰা ভাৰতৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰৰ এগৰাকী অন্যতম খেলুৱৈ মেৰী কমে অলিম্পিকত পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইগৰাকী তাৰকা বক্সাৰে ২০১৪ চনত, ভাৰতত ঋতুস্ৰাৱৰ সৈতে সম্পৰ্কিত অন্ধবিশ্বাস বোৰৰ ওপৰত তীব্ৰ সমালোচনা কৰিছিল আৰু ঋতুশ্ৰাৱৰ বাবে থকা নিষিদ্ধতা ভংগ কৰিবলৈ অধিক সজাগতাৰ আহ্বান জনাইছিল।

তেওঁ কৈছিল, “ভাৰতত ঋতুস্ৰাৱক সাংস্কৃতিকভাৱে লেতেৰা বুলি গণ্য কৰা হয় সেয়েহে আমি এই নিষিদ্ধতা ভংগ কৰিব লাগিব আৰু আমাৰ ছোৱালীসকলক শিকাব লাগিব যে ঋতুস্ৰাৱ হোৱাটো ভাল। ঋতুস্ৰাৱ হৈছে স্বাস্থ্যকৰ মাতৃত্বৰ দিশত প্ৰথম পদক্ষেপ।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments