ভাৰতীয় জাতীয় ফুটবল দলৰ নিৰ্ভৰযোগ্য অসমীয়া ফুটবলাৰ হলিচৰণ নাৰ্জাৰীক এইবাৰ ফুটবলৰ ঠাইত ভোট গণনাৰ দায়িত্ব অৰ্পন কৰা হৈছে। যাৰ বাবে আচৰিত হৈ পৰিছে ভাৰতীয় জাতীয় দলৰ ফুটবলাৰ গৰাকী। শেহতীয়াকৈ ডুবাইত ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচ খেলি গুৱাহাটীত আহি উপস্থিত হোৱা ফুটবলাৰ গৰাকীয়ে তেওঁক পশ্চিম গুৱাহাটী সমষ্টিৰ ভোট গণনাৰ দায়িত্ব অৰ্পন কৰাৰ খবৰ লাভ কৰিছে। যাৰ বাবে অসহায় হৈ ফুটবলাৰ গৰাকীয়ে কৈছে, মই ভোটৰ বিষয়ে নাজানোঁ, মোক খেলিব দিয়ক।
ৰাজ্যৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মণে তেওঁৰ ইউটিউব চেনেলত আপলোড কৰা এক ভিডিঅ’ত এই কথা প্ৰকাশ পাইছে। ইফালে হলিচৰণ নাৰ্জাৰীক ভোট গণনাৰ কামত নিয়োগ কৰাত আশ্চৰ্য প্ৰকাশ কৰি বিপুল বৰ্মণে প্ৰশ্ন কৰিছ যে, ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ঋষভ পণ্ট, কে এল ৰাহুল, বুমৰাহ যিদৰে জাতীয় দলৰ সদস্য হলিচৰণ নাৰ্জাৰীও জাতীয় দলৰ সদস্য। ঋষভ, ৰাহুল, বুমৰাহক ভোট গণনাৰ কামত লগাব নেকি? সাংবাদিক বৰ্মণে উল্লেখ কৰিছে হলিচৰণে বৰ্তমানলৈকে দেশৰ হৈ জুনিয়ৰ আৰু ছিনিয়ৰ মিলাই ১০০ খনতকৈ অধিক মেচ খেলিছে। ইফালে হলিচৰণ নাৰ্জাৰীক ভোট গণনাৰ কামৰ দায়িত্ব দিয়াত প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটাৰ দেৱাশীষ সিনহাই আশ্চৰ্য প্ৰকাশ কৰিছে। তেওঁ কৈছে, হলিচৰণ নাৰ্জাৰী বৰ্তমান অসমৰ এজনেই খেলুৱৈ যিয়ে যোৱা পাঁচটা বছৰে ভাৰতৰ হৈ খেলি আছে।