Tuesday, October 4, 2022
HomeNewsএআইএফএফৰ নিৰ্বাচনত ৰাজনৈতিক নেতাৰ হস্তক্ষেপ নসাৎ অজয় কৃপাৰ

এআইএফএফৰ নিৰ্বাচনত ৰাজনৈতিক নেতাৰ হস্তক্ষেপ নসাৎ অজয় কৃপাৰ

অলিম্পিয়া প্ৰতিবেদন

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচনৰ ফলাফলত আছিল নেকি ৰাজনৈতিক নেতাৰ হস্তক্ষেপ ? ইয়াকে লৈ উত্তাল দেশৰ ফুটবল ক্ষেত্র । অভিযোগৰ আঙুলি উঠিছে আইনমন্ত্রী কিৰণ ৰিজিজুলৈ ।

অলপতে নতুন দিল্লীত অনুষ্ঠিত হয় সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচন । সভাপতিৰ পদত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে ভাৰতীয় ফুটবলৰ কিংবদন্তি ফুটবলাৰ বাইচুং ভূটিয়া । উত্তৰ পূৰ্বাঞ্চলৰ সন্তান গৰাকীয়ে নিৰ্বাচনত ১ টা ভোট লাভ কৰাৰ বিপৰীতে শাসকীয় দলৰ নেতা তথা প্ৰাক্তন ফুটবলাৰ কল্যাণ চৌবেই লাভ কৰিলে সৰ্বাধিক ৩৩ টা ভোট । লগে লগে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি পদত অধিষ্ঠিত হ’ল ৰাজনৈতিক নেতা তথা প্ৰাক্তন ফুটবলাৰ কল্যাণ চৌবে ।
কিন্তু এই নিৰ্বাচনৰ ফলাফলক লৈ সুখী নহয় বিভিন্ন পক্ষ । ৰাজস্থান ফুটবল এছচিয়েচনৰ মুৰব্বী তথা কংগ্ৰেছী নেতা মানবেন্দ্ৰ সিঙে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজেজুৰ বিৰুদ্ধে আনিছে অভিযোগ । তেওঁলোকৰ অভিযোগ — সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচনৰ ফলাফলক প্ৰভাৱিত কৰিছে কেন্দ্ৰীয় মন্ত্ৰীজনে ।

পিছে এই অভিযোগ কিমান সঁচা ? সচাঁকৈয়ে ৰাজনৈতিক কাৰণত পৰাজয় বৰণ কৰিলে নেকি তাৰকা ফুটবলাৰ বাইচুং ভূটিয়াই ? বিভিন্ন পক্ষৰ এনে অভিযোগ খণ্ডন কৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নৱ নিৰ্বাচিত কোষাধ্যক্ষ তথা উত্তৰ পূৰ্বাঞ্চলৰ সন্তান অজয় কৃপাই । তেওঁ এই অভিযোগক পোনচাতেই নাকচ কৰি এয়া একাংশৰ ভুল ধাৰণা বুলি অভিহিত কৰিলে —

 

কোনো কাৰণতে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজেজুয়ে এই নিৰ্বাচনৰ ফলাফলত প্ৰভাৱিত কৰা নাই । লগতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচনত হোৱা নাই কোনো ৰাজনৈতিক হস্তক্ষেপ বুলি মন্তব্য অজয় কৃপাৰ —-

 

ইয়াৰ বিপৰীতে ভাৰতীয় ফুটবলৰ কিংবদন্তি বাইচুং ভূটিয়াৰ সহযোগিতাতে ভাৰতীয় ফুটবল আগুৱাব লাগিব বুলি মতপোষণ নৱ নিৰ্বাচিত কোষাধ্যক্ষজনৰ —

 

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নৱ নিৰ্বাচিত কোষাধ্যক্ষ অজয় কৃপাৰ মতে সকলো ৰাজ্যৰ ফুটবল সন্থাই জানে কিদৰে ভাৰতীয় ফুটবল ক্ষেত্র আগুৱাব । এক কথাত অজয় কৃপাই নসাৎ কৰিছে সকলো অভিযোগ —-

 

এতিয়া প্ৰশ্ন হয়, শাসকীয় দলৰ ৰাজনৈতিক নেতা হোৱাৰ বাবেই সঁচাকৈ জয় হ’ল নেকি কল্যাণ চৌবে ? এতিয়াও ভাৰতীয় ফুটবল ফেডাৰচনত অন্ত হোৱা নাই নেকি তৃতীয় পক্ষৰ হস্তক্ষেপ ? তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে ফিফাই সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বিত কৰাৰ পাছত কিবা শিক্ষা ল’লেনে ফেডাৰেচনে ? ফিফাই এতিয়া নৱ নিৰ্বাচিত সভাপতি কল্যাণ চৌবেক এগৰাকী ৰাজনীতিবিদ নে ফুটবলাৰ হিচাপে দৃষ্টি ৰাখিব, সেয়া হ’ব লক্ষণীয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments