Tuesday, July 5, 2022
HomeNewsএকবিংশ শতিকাত টেষ্ট ক্ৰিকেটত চেঞ্চুৰীৰ দিশে ভাৰত

একবিংশ শতিকাত টেষ্ট ক্ৰিকেটত চেঞ্চুৰীৰ দিশে ভাৰত

এক বিশেষ অভিলেখ গঢ় দিবলৈ আগবাঢ়িছে ভাৰতীয় ক্ৰিকেট দলে। মাত্ৰ আৰু ২ খন টেষ্ট জয় কৰিব পাৰিলেই ভাৰতে ১০০ খন টেষ্ট জয় কৰাৰ এক ইতিহাস গঢ়ি তুলিব। একবিংশ শতিকাত ১০০ খন টেষ্ট জয় কৰা প্ৰথমটো এছিয়ান দল ৰূপে পৰিগণিত হ’বলৈ আগবাঢ়িছে ভাৰত।

২০০০ চনৰ পৰা বৰ্তমানলৈকে ভাৰতে ২১৬ খন টেষ্টত অংশগ্ৰহণ কৰিছে। ইয়াৰে ৯৮ খনত জয় লাভ কৰাৰ বিপৰীতে ৫৯ খনত পৰাস্ত আৰু ৫৯ খন ড্ৰ খেলিছে।

একবিংশ শতিকাত ভাৰতৰ টেষ্ট জয়ৰ পৰিসংখ্যালৈ চালে দেখা যায় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে সৰ্বাধিক জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক পৰাজয় হৈছে। ভাৰতে ২০০০চনৰ পৰা বৰ্তমানলৈকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৬ খন টেষ্টত অংশগ্ৰহণ কৰিছে। ইয়াৰে ১৯ খনতে ভাৰতে জয়লাভ কৰাৰ বিপৰীতে ১১ খনত ড্ৰ খেলিছে। আনহাতে ইংলেণ্ডৰ লগত ৩৮ খন টেষ্ট খেলিছে। ইয়াৰে ১২ খনত ভাৰত জয় হোৱাৰ বিপৰীতে ১৫ খনত পৰাস্ত হৈছে আৰু ১১টেষ্ট ড্ৰ খেলিছে।

১৯৩২ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত আত্মপ্ৰকাশ কৰা ভাৰতে টেষ্ট ক্ৰিকেটত জয়লাভ কৰিবলৈ অপেক্ষা কৰিবলগীয়া হৈছিল ২০ বছৰ। ১৯৫২ চনত ভাৰতে প্ৰথমবাৰৰ বাবে টেষ্টত জয়লাভৰ সোৱাদ লৈছিল। ১৯৩২ চনৰ পৰা বৰ্তমানলৈকে ভাৰতে মুঠ ৫৪৬খন টেষ্ট খেলিছে। ইয়াৰে ১৫৯ খনত ভাৰতে জয়লাভ কৰিছে। ইয়াৰে ১০০ খন টেষ্টত ভাৰতক জয়লাভ কৰিবলৈ প্ৰয়োজন হৈছিল ৭৭ বছৰ‌। ২০০৯ চনত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয় কৰিলে শততম টেষ্টখনত।

ভাৰতৰ হাতত এতিয়া পুনৰ এক ৰেকৰ্ড গঢ়াৰ সোণালী সুযোগ। ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় কৰিব পাৰিলেই ভাৰত হৈ পৰিব একবিংশ শতিকাত ১০০ খন টেষ্ট জয় কৰা প্ৰথমটো এছিয়ান দল। ইয়াৰ উপৰিও ইংলেণ্ডক ঘৰৰ মাটিত ২০ বাৰ পৰাস্ত কৰা একমাত্ৰ এছিয়ান দেশ হোৱাৰো এক সুযোগ লাভ কৰিছে ভাৰতে। এতিয়ালৈকে ভাৰতে নিজৰ মাটিত ইংলেণ্ডৰ লগত ৬০ খন টেষ্টত মুখামুখি হৈছে। ইয়াৰে ১৯ খনত ভাৰতে জয় লাভ কৰাৰ বিপৰীতে ১৩ খনত পৰাজিত হৈছে আৰু ২৮ খন টেষ্ট ড্ৰহৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments