পৰ্তুগাল উইংগাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু মাত্ৰ কেইখনমান মেচৰ পিছতে বিশ্ব ৰেকৰ্ডৰ অধিকাৰী হৈ উঠিব। আন্তঃৰাষ্ট্ৰীয় ফুটবলত আৰু মাত্ৰ ৮ টা গ’ল কৰিব পাৰিলেই ৰ’নাল্ডোৱে সৃষ্টি কৰিব পাৰিব এক নতুন বিশ্ব ৰেকৰ্ড। বুধবাৰে এন্দ’ৰাৰ বিৰুদ্ধে খেলা এখন প্ৰীতি ফুটবল মেচত ৰ’নাল্ডোৱে তেওঁৰ ১০২সংখ্যক আন্তঃৰাষ্ট্ৰীয় গ’লটো কৰিবলৈ সক্ষম হয়।
আন্তঃৰাষ্ট্ৰীয় ফুটবলত বৰ্তমানলৈকে ইৰাণৰ পূৰ্বৰ ফুটবলাৰ Ali Daei য়ে ১০৭ টা গ’ল কৰি সৰ্বাধিক গ’ল কৰাৰ ৰেকৰ্ড গঢ়ি থৈছে। বৰ্তমানলৈকে ১০২টা গ’ল কৰি দ্বিতীয় স্থানত আছে ৰ’নাল্ডো।
৩৫বৰ্ষীয় ৰ’নাল্ডোৱে বৰ্তমানলৈকে ১৭ বছৰ কালত ১৬৮ খন আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ খেলি ১০২ টা গ’ল কৰিবলৈ সক্ষম হৈছে। কিন্তু আশ্চৰ্যজনক ভাৱে বয়স বৃদ্ধিৰ লগে লগে ৰ’নাল্ডোৰ খেল দুৰ্বল হোৱাৰ পৰিবৰ্তে গ’ল কৰাৰ ৰেট বৃদ্ধি হে হৈছে।
ৰ’নাল্ডোৱে তেওঁৰ কেৰিয়াৰৰ প্ৰথম ১১বছৰত ২০০৩ চনৰ পৰা ২০১৪ চনলৈ ১১৮খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। এই সময়ছোৱাত তেওঁ ৫২ টা গ’ল দিবলৈ সক্ষম হৈছিল। আনহাতে ২০১৫ চনৰ পৰা বৰ্তমানলৈকে ৰ’নাল্ডোৱে মাত্ৰ ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৫০ টা গ’ল কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ফুটবলত বৰ্তমানলৈকে মাত্ৰ ২ জন ফুটবলাৰেই ১০০ ৰ অধিক গ’ল কৰিবলৈ সক্ষম হৈছে। আগন্তুক চাৰি, পাঁচখন মেচত ৰ’নাল্ডোৱে শীৰ্ষ স্থান অধিকাৰ কৰিব বুলি ধাৰণা কৰা হৈছে যদিও দীৰ্ঘসময়লৈকে যে অন্য খেলুৱৈয়ে ১০০ গ’লৰ ক্লাবত সোমাবলৈ সক্ষম নহ’ব সেয়া নিশ্চিত হৈছে। কিয়নো আন্তঃৰাষ্ট্ৰীয় ফুটবলত সৰ্বাধিক গ’ল কৰাৰ তৃতীয় স্থানত আছে ভাৰতৰ অধিনায়ক সুনীল ছেত্ৰী। ছেত্ৰীয়ে বৰ্তমানলৈকে ৭২টা আন্তঃৰাষ্ট্ৰীয় গ’ল কৰিবলৈ সক্ষম হৈছে। খুব কম সময়ৰ ভিতৰতে যে সুনীলে ১০০ গ’লৰ ক্লাবত সোমাবলৈ সক্ষম হ’ব সেয়া নিশ্চিত নহয় বা ইমান সহজ নহয়।