Tuesday, October 4, 2022
HomeMiscellaneousএক নতুন যুগৰ অপেক্ষাত অসম ফুটবল উত্তৰ-পূবৰ ফুটবল আৰু অসম

এক নতুন যুগৰ অপেক্ষাত অসম ফুটবল উত্তৰ-পূবৰ ফুটবল আৰু অসম

✍️ অলিম্পিয়াৰ প্ৰতিবেদক

ভাৰতৰ ফুটবলৰ দৃশ্যপট উত্তৰ-পূবৰ ফুটবল অবিহনে আজি আধৰুৱা। এসময়ত পশ্চিমবংগ, গোৱা, কেৰালা আদিৰ যি আধিপত্য আছিল সেই আধিপত্য ভাৰতীয় ফুটবলত এতিয়া আৰু নাই। তাৰ স্থান ইতিমধ্যেই উত্তৰ-পূবে লৈ পেলাইছে। সততে মূল ভাৰতখণ্ডই অঞ্চলটোক মাহী আইৰ দৃষ্টিৰে চোৱাৰ প্ৰোথিত বিশ্বাসক অঞ্চলটোত ফুটবলৰ ক্ৰমবৰ্ধমান উত্তৰণে হয়তো এদিন নাশ কৰিব পাৰিব। ফুটবলে হয়তো এদিন উত্তৰ-পূবক ভাৰতৰ কাষলৈ নহয়, বৰঞ্চ ভাৰতকহে উত্তৰ-পূবৰ বুকুলৈ সুমুৱাই আনিবলৈ সক্ষম হ’ব। উত্তৰ-পূবত ফুটবলৰ এনে উত্তৰণৰ আঁৰত কি কাৰকে ক্ৰীড়া কৰিব পাৰে বাৰু· বহু ক্ৰীড়া বিশ্লেষকৰে মনলৈ সততে অহা এটা প্ৰশ্ন। অসম আৰু ত্ৰিপুৰাক বাদ দি উত্তৰ-পূবৰ বাকীকেইখন ৰাজ্যত ক্ৰিকেটৰ প্ৰভাৱ প্ৰায় শূন্যই বুলিব পাৰি। সমগ্ৰ ভাৰতৰে ক্ৰীড়া ক্ষেত্ৰখনক নিয়ন্ত্ৰণ কৰি থকা ক্ৰিকেটে ভাৰতৰ এই অংশত বৰ বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই। তাৰ বিপৰীতে  ফুটবল এই অঞ্চলৰ জনসাধাৰণৰ আত্মাত বাস কৰে।

অৱশ্যে আঠখন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যই অঞ্চলটোৰ ফুটবল মানচিত্ৰৰ সৰহসংখ্যক ঠাই অধিকাৰ কৰি আছে। মণিপুৰ— যাক কোৱা হয় ফুটবলৰ কাৰখানা। য’ৰ পৰা বহুসংখ্যক খেলুৱৈ মূল ভাৰতীয় ফুটবল দৃশ্যপটত চামিল হৈছে। অৰ্থনৈতিক বা ৰাজনৈতিক অস্থিৰতায়ো টলাব নোৱৰা ক্ৰীড়াসুলভ মানসিকতাই মণিপুৰক প্ৰতিবাৰেই ভাৰতভূমিৰ সমুখত সসন্মানেৰে নিজৰ অস্তিত্ব জাহিৰ কৰাৰ অৱকাশ আনি দিছে। ৰাজ্যখনৰ ফুটবল সংস্কৃতিয়ে ভাৰতীয় ফুটবলক উপহাৰ দিছে গোপেশ্বৰ, গুণবীৰ, খাম্বিটন, ৰেনেডী, ৰতন, জেমছ, থ’ই, উদান্ত, গৌৰাংগমণি আদিৰ দৰে অজস্ৰ প্ৰতিভাক।

মেঘালয়, উত্তৰ-পূবৰ আন এখন ৰাজ্য, য’ত ফুটবলৰ  অজস্ৰ সম্ভাৱনাই মূৰ দা¿ã উঠিছে। মেঘালয়ৰ ফুটবলে এক নতুন গতি লাভ কৰে সিদিনা, যিদিনা শ্বিলং লাজং ক্লাব উত্তৰ-পূবৰ প্ৰথমটো ব্যৱসায়িক ক্লাব হিচাপে ভাৰতীয় ক্লাব ফুটবলৰ ইতিহাসত নিজৰ নাম খোদিত কৰে। শ্বিলং লাজং ক্লাবৰ উত্থান সমগ্ৰ উত্তৰ-পূবৰ ফুটবলৰ বাবেই এক ধনাত্মক বাৰ্তা। মিয়ান গাপট’, আইবৰলাং খংগজি, ইউগ’ছেন লিংডো, হাৰ্ডি নংগাব্ৰি, ৰিডিম লাং আদি ভাৰতীয় ফুটবলৰ তাৰকাসকল মেঘালয় ফুটবলৰেই ফচল।

ভাৰতীয় ফুটবলৰ যোৱা দুটা দশকৰ ইতিহাসত যিখন ৰাজ্যত ফুটবলৰ নৱজাগৰণ হোৱা বুলি ক’ব পাৰি সেইখন হৈছে মিজোৰাম। কেৱল এঘাৰ লাখমান জনসংখ্যাৰ মিজোৰাম এখন সৰু ৰাজ্য কিছু সীমিত সুবিধাৰ সৈতে। তথাপি ভাৰতীয় ফুটবলৰ এক নতুন শক্তি হৈ পৰিছে অঞ্চলটো। ৰাজ্যখনত হোৱা ফুটবলৰ উত্তৰণে সমগ্ৰ দেশৰ ফুটবলকে উজ্জীৱিত কৰিছে। দেশৰ আগশাৰীৰ ফুটবল টুৰ্নামেণ্ট আই লীগ আৰু আই এছ এলত ৰাজ্যখনৰ প্ৰায় ৪৮জন খেলুৱৈয়ে বিভিন্ন দলৰ হৈ খেলি আহিছে। অৰ্থাৎ সমগ্ৰ দেশৰ বিভিন্ন ক্লাবত খেলি থকা প্ৰায় বিশ শতাংশ খেলুৱৈ কেৱল মিজোৰামৰ পৰাই ওলাই আহিছে। ভাৰতীয় ফুটবলৰ তাৰকা সুনীল চেট্টীৰ উত্তৰসূৰী বুলি যদি কোনোবা আছে, তেন্তে সেইজন হৈছে জে জে লালপেখলোৱা। জে জে হৈছে মিজোৰামৰ ভাৰতীয় ফুটবলৰ প্ৰতি আগবঢ়োৱা এই সময়ৰ আটাইতকৈ শ্ৰেষ্ঠ উপহাৰটি। তদুপৰি যিসকল উদীয়মান ফুটবলাৰে ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেইসকলৰো সৰহসংখ্যকেই মিজোৰামৰ সন্তান। মিজোৰামৰ ফুটবলৰ এনে উত্তৰণৰ মূলতে এটাই নাম মনলৈ আহে। সেইটো হৈছে লাংঘিংলোভা মাৰ। পেছাত এজন সাংবাদিক যদিও ফুটবল আছিল তেওঁৰ হৃদস্পন্দন। অসংখ্য প্ৰতিভাৰ জন্মস্থান মিজোৰামত সেই সময়ত নাছিল উপযুক্ত আন্তঃগাঁথনি তথা ফুটবলৰ বিকাশৰ বাবে আটাইতকৈ প্ৰয়োজনীয় পেছাদাৰিত্বৰ এটা পৰিৱেশ। লাংঘিংলোভা ৰাজ্যখনৰ ফুটবল সংস্থাৰ সম্পাদক নিৰ্বাচিত হোৱাৰ পিছৰে পৰা এই দৃশ্যপট সলনি হ’ল। ফুটবলৰ বাবে নিজৰ পৰিয়াল, ঘৰ, ক্ষুদ্ৰস্বাৰ্থ পৰিহাৰ কৰি মিজোৰামত ফুটবলৰ নৱজাগৰণৰ বাবে কঁকালত টঙালি বান্ধি ল’লে মাৰে। সৃষ্টি হ’ল মিজোৰামৰ ফুটবলৰ ইতিহাসত নতুন অধ্যায়। মাৰে দায়িত্ব লৈয়েই মিজোৰামত ফুটবল লীগৰ আৰম্ভণি ঘটালে। তদুপৰি প্ৰশিক্ষকৰ শিক্ষা আৰু ৰেফাৰীৰ শিক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হ’ল। এনেদৰেই মিজোৰামৰ  ফুটবলে নতুনকৈ প্ৰাণ পাই উঠিল।

উত্তৰ-পূবৰ ফুটবলৰ মানচিত্ৰত সৰহভাগ ঠাই আলোচিত তিনিখন ৰাজ্যই অধিকাৰ কৰি আছে। বাকী ৰাজ্যকেইখনৰ কথা আমি এই প্ৰবন্ধৰ আওতালৈ আনিব খোজা নাই। কিন্তু বিশেষভাৱে উল্লেখ কৰিব খুজিছো আমাৰ ৰাজ্য অসমৰ ফুটবলৰ কথা। বাকীকেইখন ৰাজ্যতকৈ তুলনামূলকভাৱে অসম এখন সকলো দিশৰ পৰা উন্নত ৰাজ্য। তদুপৰি সুযোগ-সুবিধাৰ ফালৰ পৰাও চাবলৈ গ’লে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত সকলোতকৈ আগবঢ়া। অথচ অসমত ফুটবলৰ বিকাশৰ অন্য এক ছবিহে দেখিবলৈ পাওঁ। আন্তঃগাঁথনিমূলকভাৱে অসমতকৈ মেঘালয়, মিজোৰাম আৰু মণিপুৰৰ দৰে ৰাজ্যহে আগবঢ়া। এইকেইখন উত্তৰ-পূবৰ ৰাজ্যত ফুটবল ষ্টেডিয়াম স্থাপন হৈছে। তাৰ বিপৰীতে এটা বিয়াগোম ক্ৰীড়া বিভাগ তথা ফুটবল সংস্থা থকাৰ পিছতো আজিলৈ অসমত হৈ নুঠিল এখনো ফুটবল ষ্টেডিয়াম। তদুপৰি তৃণমূল পৰ্যায়ৰ ফুটবলসমূহেও প্ৰয়োজনীয় পৃষ্ঠপোষকতা লাভ নকৰাৰ ফলশ্ৰুতিতে ফুটবলে আজিও অসমৰ ক্ৰীড়া ক্ষেত্ৰত খোপনি পুতিব পৰা নাই। অৱশ্যে এইখিনিতে আশাৰ কিৰণ হিচাপে দেখা দিছে ‘বেবী লীগ’ৰ দৰে ফুটবল জনপ্ৰিয়কৰণৰ মাধ্যমৰ অসমত শুভাৰম্ভণি ঘটা কথাটোৱে। আমেৰিকান আৰু ইউৰোপীয়ান দেশবিলাকৰ লেখীয়াকৈ ভাৰতত শুভাৰম্ভণি ঘটোৱা বেবী লীগ ইতিমধ্যে উত্তৰ-পূবৰ মেঘালয় আৰু মিজোৰামত অনুষ্ঠিত হৈ আহিছে। অসমতো বেবী লীগৰ শুভাৰম্ভণিয়ে অসমৰ ফুটবল ক্ষেত্ৰলৈ এক ধনাত্মক বাৰ্তা কঢ়িয়াই অনা বুলি ক’ব পাৰি।

অসমৰ সাম্প্ৰতিকফুটবলৰ প্ৰতিচ্ছবিখনৰ বিষয়ে জানিবলৈ আমি কাষ চাপিছিলো অসমৰ বহুকেইজন ক্ৰীড়া সংগঠকৰ। আহকচোন আমি জানিবলৈ চেষ্টা কৰো এই সম্পৰ্কে তেখেতসকলে কি মতামত ব্যক্ত কৰে—

অসমৰ এজন বিশিষ্ট ক্ৰীড়া সংগঠক তথা এসময়ৰ স্বীকৃতিপ্ৰাপ্ত ফুটবল ৰেফাৰী ধনছিং ৰংপীয়ে অসমৰ সাম্প্ৰতিক সময়ৰ ফুটবলৰ প্ৰতিচ্ছবিখনৰ বিষয়ে কয়— ‘ফুটবলৰ বিকাশৰ বাবে ক্ৰীড়া সংস্থাসমূহে সক্ৰিয়ভাৱে কাম কৰিব পৰা নাই। ফুটবলৰ সংস্থা আৰু খেলুৱৈসকলৰ মাজত থাকিব লগা সম্পৰ্কটো বৰ সুদৃঢ় নহয়। তদুপৰি খেলুৱৈসকলৰ মাজত  পেছাদাৰিত্বৰ অভাৱো এটা চিন্তাৰ বিষয়। তদুপৰি ফুটবলৰ সংগঠক এজন খেলটোৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ লগতে খেলটোক মনে-প্ৰাণে ভাল পোৱাটো সমানে প্ৰয়োজনীয়।’

ৰাজ্যখনৰ এজন আগশাৰীৰ ক্ৰীড়া সমালোচক তথা সংগঠক লগতে অসমত প্ৰথমবাৰৰ বাবে আয়োজিত হ’ব লগা বেবী লীগৰ আয়োজনত বিশেষভাৱে আগভাগ লোৱা ক্ৰীড়া সাংবাদিক সিদ্ধাৰ্থ শংকৰ ডেকাই অসমৰ ফুটবল সম্পৰ্কে কয়— ‘ফুটবলৰ সামগ্ৰিক উন্নয়নৰ লগতে ‘ফুটবল সংস্কৃতি’ বোলা কথাষাৰ জড়িত হৈ থাকে। ফুটবলৰ উত্তৰণৰ কথা কোৱাৰ আগতে আমি ফুটবল সংস্কৃতিৰ কথা ক’ব লাগিব। মেঘালয়, মণিপুৰ, মিজোৰাম আদি ৰাজ্যকেইখনত সেই ফুটবল সংস্কৃতিটো আছে। অসমত সেই সংস্কৃতি যেন হেৰাই গ’ল। সেই সংস্কৃতি ওভতাই অনাটো অসমৰ সামগ্ৰিক ফুটবল উত্তৰণৰ বাবে প্ৰয়োজনীয়। প্ৰতিখন ঘৰৰ পৰা আৰম্ভ হ’ব লাগিব ফুটবল। তাৰ পিছতহে ইয়াৰ লগত জড়িত আনুষংগিক কথাসমূহ আহে। ক্লাব, একাডেমী অথবা ফুটবল সংস্থাই ইয়াৰ পিছতহে নিজৰ ভূমিকা পালন কৰিব পাৰিব। তেনে এক উদ্দেশ্য আগত ৰাখিয়েই অসমতো বৰ্তমান ‘বেবী লীগ’ৰ দৰে ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰথম অৱস্থাত নগাঁও আৰু মৰিগাঁৱক সংলগ্ন কৰি গ্ৰেটাৰ গুৱাহাটীক সামৰি এক বেবী লীগৰ আয়োজন কৰা হৈছে। এই লীগ যদি প্ৰতিখন জিলাতে আয়োজন কৰিব পৰা যায় লগতে শিশুসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাবটো জগাই তুলিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিলে ফুটবলৰ ভেটিটো সবল হ’ব বুলি আশা কৰিব পাৰি। এইক্ষেত্ৰত এ আই এফ এফ-এ এক সুন্দৰ পদক্ষেপ লোৱা বুলি ক’ব পাৰি। অতীতত কি ভুল হ’ল তাৰ প্ৰতি মনোনিৱেশ নকৰি বৰ্তমান কিদৰে আগবাঢ়িলে ফুটবলৰ বিকাশ ঘটিব সেই কথাটোত গুৰুত্ব দিয়াটো জৰুৰী বুলি ভাবো। তদুপৰি ভাৰতীয় ফুটবলৰ এটা সমস্যা হৈছে যে সকলোৱে ইয়াত ফুটবলৰ শীৰ্ষ দৃশ্যপটটো অৰ্থাৎ আই এছ এল অথবা আই লীগ আদিৰ দৰে ফুটবলৰ শীৰ্ষ অনুষ্ঠানৰ প্ৰতি মন দিয়ে, কিন্তু তলৰ পৰ্যায়ত কি চলি আছে অৰ্থাৎ ভেটিটো কেনেকৈ গঢ় দিয়া হৈছে সেই কথাটোৰ প্ৰতি আওকাণ কৰা দেখা যায়। ফলত ভেটিটো দুৰ্বল হৈ থাকে। ক্লাবসমূহেও এইক্ষেত্ৰত শিশু অৱস্থাৰ পৰা খেলুৱৈ নিৰ্মাণত গুৰুত্ব দিব লাগে।’ তদুপৰি বৰদলৈ ট্ৰফী, ডুগৰ শ্বিল্ড আদিৰ দৰে ঐতিহ্য বহনকাৰী ফুটবল টুৰ্নামেণ্টসমূহৰ দুৰৱস্থাৰ কথা ক’বলৈ গৈ ডেকাই কয় যে ফুটবলটো এটা আৱেগৰ বস্তু নহয়। কোনো আৱেগে খেলবিধক জীয়াই ৰাখিব নোৱাৰে। খেল পৰিচালনাকাৰী সংস্থাসমূহে গোটেই বছৰটো নিষ্ক্ৰিয় হৈ থাকি কোনোবা এটা মাহত হঠাৎ সাৰ পাই দুই-তিনিটা দল গোটাই লৈ প্ৰতিযোগিতা পাতিলে হয়তো ফুটবলৰ উন্নতি কৰিব পৰা নাযাব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments