Uchu

এক সম্ভাৱনাময় ভৱিষ্যতৰ দিশে অসমৰ উচু

সমৰ ক্ৰীড়া জগতখনে বিগত সময়ছোৱাত কঢ়িয়াই অনা সাফল্যৰ সুবাদতে ক্ৰীড়া বিভাগে অসমক দেশৰ ক্ৰীড়াৰ ৰাজধানী কৰাৰ পৰিকল্পনা তৈয়াৰ কৰি উলিয়াইছে। প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যিক সংহত ক্ৰীড়া আঁচনি চ্ঙ্মৰ6-ৰ7। ৰাজ্য চৰকাৰক ক্ৰীড়াৰ ক্ষেত্ৰত এনেবোৰ প্ৰচেষ্টা ল’বলৈ বাধ্য কৰাইছে অসমৰ প্ৰতিভাৱান খেলুৱৈসকলে। কাৰণ অসমৰ ক্ৰীড়া প্ৰতিভাবোৰে শেহতীয়াকৈ বিশ্বৰ ক্ৰীড়া জগতত খলকনি তুলিবলৈ সক্ষম হৈছে। এই প্ৰতিভাৱান ক্ৰীড়া প্ৰতিভাবোৰক উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে উপযুক্ত কৰি তোলাৰ ক্ষেত্ৰত ক্ৰীড়া সংস্থাসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। অসমৰ ক্ৰীড়া সংস্থাসমূহৰ ভিতৰত এক উল্লেখযোগ্য ক্ৰীড়া সংস্থা হ’ল অসম উচু সন্থা। সন্থাটোৰ বিষয়ববীয়াসকলৰ নিঃস্বাৰ্থ অৱদানৰ লগতে স্বভাৱগত সৰলতাই সংস্থাটোক অন্যান্য ক্ৰীড়া সংগঠনৰ পৰা পৃথক কৰিছে। সন্থাটোৰ ইতিহাস সম্পৰ্কে এক প্ৰতিবেদন তৈয়াৰ কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ সময়ত পোহৰলৈ আহিছিল অসম উচু সন্থাৰ বহু নজনা কথা। এটা ক্লাবৰ পৰা কিদৰে এটা অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সফল ক্ৰীড়া সন্থালৈ ৰূপান্তৰ হৈছিল—

ৰজ্ঝ7চ্ছ্ৰ চনৰ কথা। গুৱাহাটী ছাত্ৰীবাৰীত ‘ছাত্ৰীবাৰী মাৰ্চিয়েল  ক্লাব’ নামেৰে এটা সমৰকলাৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে সেই সময়ৰ সমৰকলাৰ লগত জড়িত  মুৰুলীধৰ চৌধুৰীয়ে। ক্লাবটোত কাৰাটে, জুডো, বক্সিং আদি সকলো সমৰকলাৰ প্ৰশিক্ষণ দিয়া হৈছিল। পৰৱৰ্তী সময়ত এই সকলোবোৰ একাকাৰ কৰি কাৰাটে কৰা হ’ল। সেই ক্লাবটোৰ প্ৰায়বোৰ ছিনিয়ৰ প্ৰশিক্ষাৰ্থীয়ে কাৰাটেত থাৰ্ড ডান, ফ’ৰ্থ ডান ব্লেক বেল্ট লাভ কৰে। কিন্তু ইয়াৰ পিছত সকলোবোৰ ভাগ হৈ কিছু সংখ্যক গ’ল জুডোত, কিছু সংখ্যক গ’ল কাৰাটেত। বৰ্তমানৰ বিভিন্ন কাৰাটেৰ লগত জড়িত প্ৰায়ভাগেই সেই ছাত্ৰীবাৰী ক্লাবৰ পৰা অহা। ইয়াৰ ভিতৰত অন্যতম অসম জুডো সন্থাৰ সভাপতি বাণীব্ৰত দাস। ছাত্ৰীবাৰী মাৰ্চিয়েল ক্লাবৰ প্ৰশিক্ষক তথা একাংশ প্ৰশিক্ষাৰ্থীয়ে সদায়ে সময়ৰ লগত সমানে আগবাঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিছিল। তেওঁলোকে সমৰকলাৰ প্ৰায়বোৰ শাখা পৰ্যবেক্ষণ কৰি এটা কথা উপলব্ধি কৰিছিল যে ‘উচু’ আন আন সমৰকলাতকৈ বহু পৰিমাণে ট্টস্তুvaুন্তুঙ্গ। কাৰণ উচুত কিকিং, বক্সিং, থ্ৰয়িং এই সকলোবোৰ ব্যৱহাৰ কৰা হয়। সেয়ে স্বাভাৱিকতে ক্লাবটোৰ লগত জড়িত প্ৰশিক্ষক প্ৰশিক্ষাৰ্থীসকল উচুৰ প্ৰতি আকৰ্ষিত হৈছিল। ছাত্ৰীবাৰী মাৰ্চিয়েল ক্লাবৰ বিভিন্ন জিলাত কিছুমান শাখা ক্লাবো আছিল, এই শাখা ক্লাববোৰৰ যিসকল উচুৰ প্ৰতি আকৰ্ষিত হৈছিল বা উচুৰ প্ৰতি আগ্ৰহী আছিল তেওঁলোকক ছাত্ৰীবাৰী মাৰ্চিয়েল ক্লাবৰ মুখ্য প্ৰশিক্ষক মুৰুলীধৰ চৌধুৰীয়ে উচুৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল। শাখা ক্লাববোৰেও এই আহ্বানক সঁহাৰি জনাই উচুৰ চৰ্চা তথা প্ৰশিক্ষণ আৰম্ভ কৰিছিল। যিহেতু সেই সময়ৰ ছাত্ৰীবাৰী ক্লাবৰ প্ৰায় সকলো সদস্যই কাৰাটে, টাইকোৱানডো, বক্সিং, জুডো আদি সমৰকলাৰ সমানে চৰ্চা কৰিছিল গতিকে কম-বেছি পৰিমাণে এই সকলোবোৰ ক্ৰীড়াৰ ওপৰত সম্যক জ্ঞান আছিল। সেইবাবেই এইসকল সমৰকলাৰ লগত জড়িত খেলুৱৈৰ উচু আয়ত্ত কৰোঁতে বৰ বিশেষ অসুবিধা হোৱা নাছিল। কাৰিকৰী দিশত যিবোৰ ভুল বা দুৰ্বলতা আছিল সেইবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আঁতৰ কৰোৱা হৈছিল। যিহেতু উচুক এইসকল সমৰকলাবিদে আঁকোৱালি লৈছিল, গতিকে উচুৰ এটা ৰাজ্যিক সন্থা গঠনৰ দিহা কৰা হৈছিল। উচুৰ ৰাজ্যিক সন্থা গঠনৰ ক্ষেত্ৰত ছাত্ৰীবাৰী ক্লাবৰ সেইসকল সমৰকলাবিদৰ বিশেষ অসুবিধা এইকাৰণেই হোৱা নাছিল যে অসমৰ যদিও ছোৱালী আৰু ল’ৰা উভয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰদৰ্শন বৰ্তমান সন্তোষজনক। প্ৰতিবছৰে ছিনিয়ৰ, জুনিয়ৰ, ছাব-জুনিয়ৰ পৰ্যায়ত চেম্পিয়ন হোৱাৰ উপৰি বহুতে পদক লাভ কৰিবলৈ সক্ষম হৈ আহিছে। ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ খেলুৱৈয়ে ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান অসমৰ উচু সফল হোৱাৰ অন্তৰালত খেলুৱৈসকলৰ একাগ্ৰতা, প্ৰশিক্ষকসকলৰ উন্নত প্ৰশিক্ষণৰ  উপৰি আছে অসম উচু সন্থাৰ বিষয়ববীয়াসকলৰ পৰিকল্পিত আঁচনি। কিয়নো বৰ্তমান অসমত উচু খেলুৱৈসকলক প্ৰশিক্ষণ দিবলৈ আছে পৰ্যাপ্ত প্ৰশিক্ষক। ইয়াৰ ভিতৰত দুগৰাকী  আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক ক্ৰমে ৰঞ্জিত বড়ো আৰু মমি কছাৰী। ইয়াৰ উপৰি প্ৰতিখন জিলাত প্ত!6 গৰাকীকৈ প্ৰায় সমগ্ৰ অসমত চ্ছ্ৰঙ্ম!প্তঙ্ম গৰাকী ৰাষ্ট্ৰীয় প্ৰশিক্ষক আছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব— অসমৰ উচুক শ্বিলঙস্থিত আছাম ৰাইফলছে কাৰিকৰী দিশৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ দি যথেষ্ট সহায় আগবঢ়াইছে।

অসমৰ উচুৱে কেইবছৰ মানৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰবাহিক সফলতা লাভ কৰাৰ আন্তৰালত উচু সন্থাৰ বিষয়ববীয়াৰ পৰিকল্পিত আঁচনিৰ কথা ইতিমধ্যে  উল্লেখ কৰা হৈছে। বিষয়ববীয়াসকলৰ এই সু-পৰিকল্পিত আঁচনিৰ উমান পোৱা যায় আন বহুকেইটা কাৰ্যপন্থাত। সন্থাটোৱে অসমৰ বিভিন্ন প্ৰান্তত থকা শাখাসমূহত সঠিকভাৱে অনুশীলন হৈছেনে নাই, সা-সুবিধাবোৰ সঠিকভাৱে পাইছেনে নাই এই সকলোবোৰ দিশ চোৱা-চিতা কৰিবলৈ প্ৰতি চ্ছ্ৰ খন জিলা সামৰি  একোজনকৈ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। পৰ্যবেক্ষকৰ প্ৰতিবেদন অনুসৰি ৰাজ্যিক সন্থাই ব্যৱস্থা গ্ৰহণ কৰে।

অসম উচু সন্থাৰ সফলতাৰ আঁৰত থকা আন এক উল্লেখযোগ্য কাৰণ হ’ল সন্থাটোৰ সকলো বিষয়ববীয়া ক্ৰীড়াৰ লগত জড়িত। ৰাজ্যিক সন্থাৰ বিষয়ববীয়া হ’বলৈ সন্থাটোৱে নিৰ্ধাৰণ কৰি দিছে কিছু যোগ্যতাৰ। সেই অনুসৰি ৰাজ্যিক সন্থাৰ বিষয়ববীয়া হ’বলৈ হ’লে প্ৰয়োজন হয় যিকোনো এবিধ সমৰকলাৰ ব্লেক বে’ল্ট। অসম উচু সন্থাৰ বৰ্তমানৰ সভাপতি-সম্পাদককে প্ৰমুখ্য কৰি সকলো সমৰকলাৰ ব্লেক বে’ল্টপ্ৰাপ্ত। অসম উচু সন্থাৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ সভাপতি মুৰুলীধৰ চৌধুৰী কাৰাটেৰ ছিক্স ডান ব্লেক বে’ল্ট হোৱাৰ বিপৰীতে সম্পাদক ৰঞ্জিত বড়ো উচুৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক।  এনে ধৰণৰ ব্যৱস্থাৱলীৰ বাবেই অসম উচু সন্থাই সাফল্যৰ বাটত অগ্ৰসৰ হৈছে।

ৰজ্ঝজ্ঝ3 চনতে গঠন হোৱা অসম উচু সন্থাৰ বহু সমস্যা  আছিল যদিও সন্থাৰ সু-পৰিকল্পিত আঁচনিৰ লগতে নেতৃত্ববহনকাৰী ব্যক্তিসকলৰ দক্ষতাৰ বাবেই বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ আজিকোপতি সন্থা চলাই আছে। সন্থাই প্ৰথম অৱস্থাত প্ৰশিক্ষাৰ্থীসকলৰ পৰা কোনো ধৰণৰ মাচুল লোৱা নাছিল, কিন্তু নেহৰু ষ্টেডিয়ামলৈ অহাৰ পিছত আমি ব্যৱহাৰ কৰা কোঠাকেইটাৰ ভাৰা দিবলগীয়া হোৱাৰ বাবে প্ৰশিক্ষাৰ্থীসকলৰ পৰা নামমাত্ৰ মাচুল আদায় কৰা হৈছে। প্ৰশিক্ষাৰ্থীসকলৰ পৰা সংগৃহীত এই মাচুলৰ পৰাই আমাৰ বিভিন্ন কাম-কাজ পৰিচালনা কৰা হয়। প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ চ্ঙ্মঙ্ম7 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত চৰকাৰে আমাক প্ৰদান কৰিছিল, যিবোৰ আজিও ব্যৱহাৰ কৰি থকা হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে সফলতা লাভ কৰি অহা অসম উচু সন্থাই চৰকাৰৰ পৰা আৰ্থিক সাহায্য  লাভ কৰিছেনে নাই জানিবলৈ চেষ্টা কৰোঁতে উচু সন্থাৰ বিষয়ববীয়াই আমাক জনায় যে অন্যান্য সন্থাসমূহে পোৱাৰ দৰেই আমিও কিছু পৰিমাণে আৰ্থিক সাহায্য লাভ কৰো যদিও  সেয়া পৰ্যাপ্ত নহয়। যিটো পৰিমাণৰ আৰ্থিক সাহায্য লাভ কৰো, সেইখিনি অনুশীলনৰ বাবে স্প’ৰ্টছ অথ’ৰিটী অৱ আছামৰ পৰা ভাৰালৈ ব্যৱহাৰ কৰা কোঠাকেইটা আৰু বিজুলীৰ বিল আদায় দিওঁতেই শেষ হয়। গতিকে আৰ্থিক সাহায্যৰ  পৰিমাণ বৃদ্ধি কৰাটো আবশ্যক।

অসম উচু সন্থাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা বহু উচু খেলুৱৈয়ে সংস্থাপন লাভ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত যিসকলে উচুৰ চৰ্চা কৰে, তাৰ গৰিষ্ঠসংখ্যকেই নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। এনে বহু উচু খেলুৱৈ আছে, যিসকলে গুৱাহাটীতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় টকাকেইটা গোটোৱাৰ সামৰ্থ্য নাই। এনেধৰণৰ খেলুৱৈক অসম উচু সন্থাই সহায় সহযোগিতা আগবঢ়োৱাৰো নিদৰ্শন দেখিবলৈ পোৱা যায়। উচুৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত সংস্থাপন লাভ কৰিছে যদিও উচুৰ নামত অসম পুলিচত সংৰক্ষণৰ ব্যৱস্থা বৰ্তমানলৈকে নাই। যদি সংৰক্ষণৰ ব্যৱস্থা কৰা হয়, তেনে আৰ্থিকভাৱে পাছ পৰা বহু প্ৰতিভাৱান উচু খেলুৱৈৰ বাবে সুবিধা হ’লহেঁতেন। অসম উচু সন্থাৰ বিষয়ববীয়াসকলে এইক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰাটো আশা কৰিছে। সমৰকলাক মনে-প্ৰাণে ভাল পোৱা সমৰকলাবিদ মুৰুলীধৰ চৌধুৰীয়ে ৰজ্ঝ7চ্ছ্ৰ চনতে গুৱাহাটীৰ ছাত্ৰীবাৰীত প্ৰতিষ্ঠা কৰা ‘ছাত্ৰীবাৰীৰ মাৰ্চিয়েল ক্লাব’ৰ পৰা সুদীৰ্ঘ এক পৰিক্ৰমাৰ অন্তত গঠন হোৱা অসম উচু সন্থা বৰ্তমান অসমৰ ক্ৰীড়া সন্থাসমূহৰ ভিতৰত অন্যতম সফল সন্থা। এই সন্থাটোৰ পদ্ধতিগত কাৰ্যকলাপ আৰু পৰিচালনাৰ ক্ষেত্ৰত থকা নীতি-নিয়মে সন্থাটোক আনতকৈ পৃথক কৰি তুলিছে। ইয়াৰ বাবে সন্থাৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ সভাপতি মুৰুলীধৰ চৌধুৰী বিশেষভাৱে ধন্যবাদৰ পাত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *