Friday, September 30, 2022
HomeNewsএখন কাবাডী টুৰ্ণামেন্টত এটি মৰমলগা কণমাণিৰ সাহস

এখন কাবাডী টুৰ্ণামেন্টত এটি মৰমলগা কণমাণিৰ সাহস

এখন কাবাডী টুৰ্ণামেন্টত এটি মৰমলগা কণমাণিৰ সাহস

অলিম্পিয়া প্ৰতিবেদন: এখন কাবাডী টুৰ্ণামেন্টৰ এটা ভাইৰেল ভিডিঅ’ । হিৰোৰ ৰূপত নিচেই এটি কণমাণি । শক্তি নাথাকিলেও খেলপথাৰত বুদ্ধিৰে যে খেল জিকিব পাৰি,তাকেই যেন প্ৰমাণ কৰিলে এটি মৰমলগা শিশুয়ে ।

এখন জুনিয়ৰ পৰ্যায়ৰ কাবাডী টুৰ্ণামেন্ট । কিশোৰ খেলুৱৈৰ সৈতে বয়সত কম যেন লগা এটি মৰমলগা কণমাণি । বয়সত সৰু যেন লাগিলেও সেই খেলুৱৈ গৰাকীৰ সাহস দেখি তবধ মানিছে নেটিজেনসকলে । মূহুৰ্ততে ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ’ ।

ভিডিঅ’টোত দেখা গৈছে কণমাণি খেলুৱৈগৰাকীয়ে বিপক্ষৰ খেলুৱৈক ভৰিত ধৰি প্ৰথমে বগৰাই দিছে । তাৰপাছত বাকী সতীৰ্থ সকলে সাহস পাই বিপক্ষৰ খেলুৱৈ গৰাকীক ধৰি ৰাখিবলৈ সক্ষম হৈছে । লক্ষ্য কৰা যায়, এই কণমাণিটোৰ কাৰণেই বিপক্ষৰ খেলুৱৈগৰাকী খেলপথাৰত ধৰাশায়ী হ’ল । কণমাণিটোৰ সাহসক ধন্য মানিছে একাংশ ক্ৰীড়াপ্ৰেমীয়ে ।

ছচিয়েল মিডিয়াত কণমাণি খেলুৱৈগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে । এজনে ছচিয়েল মিডিয়াত লিখিলে -” এনেকুৱা সাহসী বুদ্ধিমান দহজন শিশু থাকিলে এদিন ভাৰতীয় কাবাডী দল বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হোৱাটো নিশ্চিত ।”

এগৰাকীয়ে কণমাণিটোক ভৱিষ্যতৰ ভাৰতীয় কাবাডী দলৰ অধিনায়ক বুলিও কৰিলে অভিহিত । ইফালে আন এগৰাকীয়ে লিখিলে-“শক্তিতকৈ তেওঁৰ সাহসী মনটোক শলাগিবলগীয়া, যেন ডেভিড আৰু গোলিয়াথ ।”

এনেদৰেই প্ৰশংসাৰ বৰষুণ পৰিল এই ভাইৰেল ভিডিঅ’টোত । সকলো ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছে —- কণমাণিটোৰ ভৱিষ্যত উজ্জ্বল হওক । চেল্যুট তোমাৰ সাহস ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments