এখন ক্ৰীড়া ইতিহাসৰ প্ৰসংগৰে মনলৈ উভতি আহে ল’ৰালি

মানস কুমাৰ মহন্ত

লং নগঞা জনগণৰ বাবে আন এক সুকীয়া সংস্কৃতি— সম্প্ৰীতিৰ এখনি সাঁকো। এই কলঙৰ পাৰতেই নগাঁৱৰ কিশোৰ-কিশোৰীয়ে এদিন বিচাৰি পাইছিল নিজস্ব পৃথিৱী। পৰিসৰ ঠেক হ’লেও সেই পৃথিৱী তাহানিৰ থলুৱা খেল-ধেমালিসমূহে বৰ্ণিল কৰি তুলিছিল। আমাৰো ল’ৰালি পাৰ হৈছিল কলঙৰ পাৰত। নগাঁও চহৰৰ নেহৰুবালি এখন বহল পথাৰ; সেয়াও কলঙৰ পাৰতেই। এই কলঙৰ পাৰত নগঞা ৰাইজে বিহু পাতিছিল— ভোগালী বিহু। কলঙৰ বাকৰিৰ সেই বিহু মেলাত উদ্যোক্তাসকলে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা পাতিছিল। আজি প্ৰায় লুপ্ত হৈ পৰা আমাৰ সেই থলুৱা খেল-ধেমালিয়ে নেহৰুবালিৰ ভোগালী বিহুকো দিছিল কিশোৰ-কিশোৰীসকলৰ বিনোদনৰ আন এক মাত্ৰা। কণ কণ মইনাহঁতৰ পৰা বয়স্কজনেও খেলিছিল সময়ৰ খেল। এতিয়া সেয়া পাহৰণিৰ গৰ্ভত।

বাৰিষা অহাৰ সময়ত নেহৰুবালিৰ পাৰতেই আমি খেলিছিলো— গাগিনী-গাগিনী কলঙৰ পানী কিমান· আগ ঠেং দুটা তুলি ধৰি গাগিনীয়ে কৈছিল— ইমান। আমাৰ লগৰে কোনোবা এটা হৈছিল গাগিনী, আৰু বালিত বহি থকা গাগিনীয়ে নিজৰ দুয়োটা হাত ঠেঙৰ নিচিনা কৰি তুলি ধৰি দেখুৱাইছিল। সেয়া আছিল প্ৰতীকী। কিন্তু তাৰ মাজতেই আমাৰ দিনৰ ল’ৰা-ছোৱালীয়ে সাজি লৈছিল সম্প্ৰীতিৰ এখনি সাঁকো— নিজস্ব এখন পৃথিৱী।

ফুটবল নাছিল। ৰবাব টেঙাৰেই ফুটবল খেলিছিলো, কেতিয়াবা ফটা কাপোৰৰ টোপোলাই হৈছিল আমাৰ ফুটবল। আমি খেলিছিলো— টাংগুটি। ‘অলং-দলং কৰিছে জুৰ মলয়া বলিছে ৰজা-ৰাণী আহিছে’— বিদায় আমাৰ বন্ধু, এয়াও আমাৰ খেল আছিল। অলং-দলং কৰিছে এটি গীত, কোনেনো গাইছিল এতিয়া পাহৰিলো। ‘আকাশবাণী’য়েও জনপ্ৰিয় কৰি তুলিছিল এই গীত। সেই গীতৰ কলি আওৰাই আমি খেলিছিলো ‘অলং-দলং’ এই খেল। আমাৰ লগৰে ৰুমি আৰু জুমিয়ে আঁত ধৰিছিল এই খেলৰ। দুয়োজনীয়ে দুপাৰে থিয় হৈ হাতত হাত ধৰি ৰৈ আছিল। আমাৰ কিশোৰ-কিশোৰীৰ দলটো সেই হাতৰ তলেৰেই এজন এজনকৈ পাৰ হৈ গৈছিল, ৰে’লগাড়ীৰ দবা পাৰ হৈ যোৱাৰ দৰে। আটায়ে গুণগুণাইছিল— অলং-দলং…। বিদায় আমাৰ বন্ধু বুলি কৈ দুয়োজনীয়ে হাত নমাই আমাৰ সমদলৰ কোনোবা এজনক আবদ্ধ কৰিছিল। বাকীকেইজনক বিদায় দিছিল। সেয়া আছিল খেল। ৰুমি, জুমি বয়সত আমাতকৈ এক-দুবছৰৰ ডাঙৰ আছিল। নগাঁৱৰ আমোলাপট্টিৰ টিকম দাসৰ এই দুই জীয়ৰী এতিয়া প্ৰৌঢ়া।

ৰুমাল চুৰিৰ খেল! কোনে খেলা নাছিল বাৰু· মাটিত গোল কৰি বহি লোৱা আমিবোৰৰ কাষেৰেই আমাৰ লগৰ কোনোবা এটা দৌৰিছিল। হাতত এখন ৰুমাল, হঠাতেই ৰৈ আমাৰ কোনোবা এজনৰ পিছফালে ৰুমালখন পেলাই দৌৰিছিল। সেই খেলবোৰ এতিয়া ইতিহাস হ’ল। কিন্তু আজি প্ৰতিজন প্ৰৌঢ়ৰ মনলৈ সেই খেলবোৰেই যেন ওলোটাই আনিছে তেওঁলোকৰ ল’ৰালিক। মাধ্যম— এখন কিতাপ। ‘থলুৱা তথা পৰম্পৰাগত খেল-ধেমালি’ শীৰ্ষক এইখন ক্ৰীড়া বিষয়ক গ্ৰন্থই বিয়লিৰ ৰং বিচাৰি ফুৰা প্ৰতিজনলৈ যেন ওলোটাই আনিছে পুৱাৰ প্ৰথম কিৰণ। অসমৰ ক্ৰীড়া ইতিহাসৰ প্ৰথম খণ্ড হিচাপে অলিম্পিয়া প্ৰকাশনে ক্ৰীড়া বিশ্বৰ সন্মুখত দাঙি ধৰিছে ‘থলুৱা তথা পৰম্পৰাগত খেল-ধেমালি’ শীৰ্ষক এই ক্ৰীড়া গ্ৰন্থ।

চিলা উৰুৱাইছিলো আমি। এই চিলাৰ সূতাত মাঞ্জা লগাইছিলো। মাঞ্জা প্ৰস্তুত কৰাৰ পদ্ধতিও আছিল অনেক। মাঞ্জাত আইনাৰ গুড়িও আছিল। মাঞ্জা লগোৱা সূতাৰে উৰুৱা চিলাই আন কোনোবাই কোনোবা দিশত উৰুৱাই থকা চিলা ‘কাটিছিল’। তেনেদৰে আনৰ চিলা কাটিব পৰাৰ সেই আনন্দ সতকাই পোৱা যায়নে·

সিদিনা শুনিলো গায়ক-গীতিকাৰ দীক্ষুৱে গোৱা এটা গান— ‘এদিম চেদিম বাই’। এইটো আজিৰ গীত, কিন্তু আমাৰ ল’ৰালিৰ দিনবোৰত সেয়া আমাৰ বাবে আছিল এটা খেল। আমি গাইছিলো— ৰজাই হুকুম দিছে এদিম চেদিম বাই, কি হুকুম দিছে এদিম চেদিম বাই— এনেকৈয়ে গাই আমি আমাৰ দলৰ কোনোবা এজনক পঠিয়াই দিছিলো ৰজাই বিচাৰি পঠিওৱাৰ বাবে। সেয়া এতিয়া নষ্টালজিয়া। অসমত প্ৰান্ত বিশেষে তিনিশতকৈও অধিক থলুৱা তথা পৰম্পৰাগত খেল-ধেমালি আছিল। সেই খেল-ধেমালিয়ে অৱশ্যে আজি পৰম্পৰা কঢ়িয়াব পৰা নাই। সেই সকলো খেল-ধেমালি এতিয়া যেন বিমূৰ্ত সময়ৰ গৰ্ভত। ইয়াৰ মাজতো গুৱাহাটীৰ ‘অলিম্পিয়া প্ৰকাশনে’ সেই বিমূৰ্ত সময়ক মূৰ্ত কৰাৰ এক আন্তৰিক প্ৰচেষ্টাৰে প্ৰকাশ কৰি উলিয়ালে অসমৰ ক্ৰীড়া ইতিহাসৰ থলুৱা খেল-ধেমালিসমূহৰ এক সংকলন। অলিম্পিয়া প্ৰকাশনৰ কৰ্ণধাৰ, ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাৰ এই গৱেষণামূলক ৩৪০ পৃষ্ঠাৰ গ্ৰন্থখনে অসমৰ বড়ো, কাৰ্বি, ৰাভা, তিৱা আদি বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা খেল-ধেমালিসমূহক তুলি ধৰিছে। এইক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াইছে গহীন সোণোৱালে। প্ৰকাশক আৰু লেখক চিৰঞ্জীৱ শৰ্মাই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি গ্ৰন্থখনৰ প্ৰথম খণ্ডটো অসমৰ ক্ৰীড়াপ্ৰেমীসকলৰ হাতত তুলি দিলে। ইয়াৰ দ্বাৰা তেওঁলোকে এটা জাতীয় দায়িত্ব পালন কৰিলে। ইয়াৰ বাবে দুয়োজনলৈ অভিনন্দন জনাবই লাগিব। ইয়াতেই কিন্তু তেওঁলোক ৰৈ যোৱা নাই। এইখন গ্ৰন্থৰ দ্বিতীয় খণ্ডও অলিম্পিয়া প্ৰকাশনে ইতিমধ্যে প্ৰকাশ কৰি উলিয়ালে। য’ত ১৭০বিধ খেল অন্তৰ্ভুক্ত হৈছে। কেৱল সেয়েইনে· বিলুপ্ত হৈ পৰা এইসমূহ খেল  অসমৰ বাহিৰত চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে অলিম্পিয়া প্ৰকাশনে এইখন গৱেষণামূলক গ্ৰন্থৰ ইংৰাজী ভাঙনি (Sports History of Assam জ্ঞ Traditional Games And Sports)ও ইতিমধ্যে উলিয়াই দিছে।

অলিম্পিয়া প্ৰকাশনৰ এইখন গ্ৰন্থৰ বিষয়ে ২০১৫ চনৰ মে’ মাহতে সুন্দৰ এক নিবন্ধ লিখি উলিয়াইছিল প্ৰাতঃস্মৰণীয়  ব্যক্তিত্ব কবি, চিন্তাবিদ নলিনীধৰ ভট্টাচাৰ্যই। আজি প্ৰয়াত এই মহীৰূহে চিৰঞ্জীৱ শৰ্মা আৰু গহীন সোণোৱালৰ পুৰণি খেলসমূহ তুলি ধৰাৰ এই প্ৰচেষ্টাক শলাগিছিল আন্তৰিকভাৱে। কেৱল সেয়ে নহয়, অলিম্পিয়া প্ৰকাশনৰ এইখন গ্ৰন্থৰ বিষয়ে ড০ উপেন ৰাভা হাকাচাম, ড০ পদ্মপাণি, ড০ পৰাগ কুমাৰ ভট্টাচাৰ্য, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, বাবলু বসুমতাৰী, নগেন ভট্টাচাৰ্য, নেচিমুল মজিদ আৰু বহুজনে নিজৰ লেখাৰে চিৰঞ্জীৱ-গহীনৰ এনে প্ৰচেষ্টাক সামাজিক দায়িত্ববোধৰ প্ৰকাশ বুলি কৈ গৈছে। সেয়াই সঁচা। অলিম্পিয়া প্ৰকাশনৰ এইখন গ্ৰন্থই সঁচাকৈয়ে হেৰাই যোৱা ল’ৰালিক মনলৈ ওভতাই আনিছে। অসমৰ হেৰাই যোৱা থলুৱা আৰু পৰম্পৰাগত খেলসমূহক পুনৰ প্ৰাসংগিক আৰু জীপাল কৰি তোলাৰ বাবে অলিম্পিয়া প্ৰকাশনে আন কেইবাখনো গ্ৰন্থ তাৰ ভিতৰত— ড০ উপেন ৰাভা হাকাচাম আৰু ড০ ধনেশ্বৰ কলিতাৰ দ্বাৰা সম্পাদিত ‘অলৌ গুটি তলৌ গুটি’ অন্যতম। অসমৰ খেল-ধেমালিসমূহৰ আলমত ৰচিত গীত-মাতৰ পুথি হ’ল ‘অলৌ গুটি তলৌ গুটি’। অলিম্পিয়া প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ক্ৰীড়া সম্পৰ্কীয় গ্ৰন্থসমূহৰ ভিতৰত আছে— ‘আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰত ছটা দশকৰ অসমীয়া’। এই গ্ৰন্থ যুগুতাই উলিয়াইছে জিন্তু বৰঠাকুৰ আৰু চিৰঞ্জীৱ শৰ্মাই। এই দুই ক্ৰীড়া সাংবাদিকৰ আন এখন গ্ৰন্থ হ’ল ‘ৰঞ্জি ক্ৰিকেটত অসম সন্তান’। জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতাৰ ‘ঈশ্বৰ আমাক ফুটবল দিয়া’, আন্তৰ্জাতিক খ্যাতিসম্পন্ন ফুটবলাৰ টছেন বৰাৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘মই যেতিয়া ফুটবল’, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাৰ ‘অসম ফুটবলৰ বৰ্ণিল যাত্ৰা’, সাংবাদিক সিদ্ধাৰ্থ শংকৰ ডেকাৰ ‘আই এছ এল ঃ আশা আৰু আশংকা’। সুবোধ মল্ল বৰুৱাৰ ক্ৰীড়াভিত্তিক গল্প-উপন্যাসৰ সংকলন ‘যাত্ৰাৰ আঁৰৰ যাত্ৰা’কো পদূলিলৈ উলিয়াই আনিছে অলিম্পিয়া প্ৰকাশনে। অসমৰ ক্ৰীড়া সাহিত্যত এক অনন্য মাত্ৰা প্ৰদান কৰা অলিম্পিয়া প্ৰকাশন ভৱিষ্যতেও এই দায়িত্ববোধৰ দোহাই দি আগবাঢ়িব। সেই আশা কৰিব নোৱাৰোনে|

Leave a Reply

Your email address will not be published. Required fields are marked *