Thursday, July 7, 2022
HomeNewsএগৰাকী ভাৰতীয় খেলুৱৈৰ প্ৰেমত পৰিছিল হিটলাৰ : প্ৰস্তাৱ দিছিল জাৰ্মানীতে থাকিবলৈ

এগৰাকী ভাৰতীয় খেলুৱৈৰ প্ৰেমত পৰিছিল হিটলাৰ : প্ৰস্তাৱ দিছিল জাৰ্মানীতে থাকিবলৈ

১৯৩৬ চনৰ বৰ্লিন অলিম্পিক। হিটলাৰৰ দেশ জাৰ্মানীলৈ সেইবাৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ খেলুৱৈৰ আগমণ ঘটিছে। বহুতৰে মনত শংকা, বহুতৰে মনত ক্ষোভ, বহুতৰে মনত আশ্চৰ্য। তাৰ মাজতে নিজকে সবাতোকৈ শ্ৰেষ্ঠ হিচাপে প্ৰমাণ কৰাৰ চেষ্টা। খেলুৱৈৰসকলৰ মনত শংকা, ক্ষোভ এইবাবেই যে হিটলাৰে ইতিমধ্যে ঘোষণা কৰিছে বাৰ্লিনত ইহুদী, নিগ্ৰো, শ্ৰমিকে ভাগ ল’ব নোৱাৰিব। যাৰ বাবে সমগ্ৰ বিশ্বত সৃষ্টি হৈছে বিতৰ্ক। হিটলাৰৰ প্ৰতি খেলুৱৈৰ মনত, ৰাষ্ট্ৰ নেতাৰ মনত সৃষ্টি হৈছে ক্ষোভ আৰু ঘৃণা। আন দেশৰ খেলুৱৈৰ দৰে ভাৰতীয় খেলুৱৈৰ মনতো কিছু ক্ষোভ, কিছু শংকা আৰু আশ্চৰ্য। তাৰ মাজতে বিশ্ব জয়ৰ আশাত বন্দী সকলো। পিছে সকলোৰে ক্ষোভ আৰু ঘৃণাৰ কাৰণ হৈ পৰা হিটলাৰেই যে এগৰাকী ভাৰতীয় খেলুৱৈৰ প্ৰেমত পৰিব, হিটলাৰৰ জাৰ্মানীত তেওঁক থাকি যাবলৈ ক’ব সেয়া জানো কোনোবাই ভাবিছিল!

১৯৩৬ চনত বাৰ্লিনলৈ ইতিহাস ৰচনা কৰিবলৈ ভাৰতীয় হকী দলটোও গৈছে। ইতিমধ্যে ১৯৩২ চনৰ লছ এঞ্জেলছ অলিম্পিক আৰু ১৯২৮ চনৰ আমষ্টাৰদাম অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰি ভাৰতীয় দলটোৱে অলিম্পিকত নিজকে অপ্ৰতিৰোধ্য হিচাপে প্ৰমাণ কৰিবলৈ ৰাউনা হৈছিল। ভাৰতীয় দলটোৰ নেতৃত্বত আছে মেজৰ ধ্যানচান্দ। অলিম্পিকৰ পূৰ্বে ভাৰতে আৰম্ভ কৰিলে অনুশীলন মেচ। এই অনুশীলন মেচত জাৰ্মানীৰ হাতত ভাৰত ৪-১ ৰ ব্যৱধানত পৰাস্ত হ’ল। জৰ্মানীয়ে তেতিয়া হকীলৈ আনিছে কিছু নতুনত্ব। পূৰ্বৰ তুলনাত জাৰ্মানীয়ে আক্ৰমনাত্মক ৰূপ ধাৰণ কৰিছে। গৃহ ভূমিত বিশ্বজয়ৰ হাবিয়াস।

অভ্যাস মেচত পৰাজয়ৰ পিছতেই ভাৰতীয় দলটোৱে কিছু সালসলনি কৰিলে। ভাৰতীয় দলটোত যোগ দিবলৈ ভাৰতৰ পৰা মাতি পঠিয়ালে আলী ইকটিদাৰ শ্বাহ দাৰাক। অৱশ্যে আলী লীগ পৰ্যায়ৰ মেচ শেষ হোৱাৰ পিছতহে বাৰ্লিনত উপস্থিত হৈ ভাৰতীয় দলত যোগদান কৰিলে। সেইবাৰ আকৌ পোন প্ৰথমবাৰৰ বাবে মেজৰ ধ্যান চান্দে অধিনায়কৰ দায়িত্ব লাভ কৰিছে।

আৰম্ভ হ’ল অলিম্পিকৰ মেচ। প্ৰথমখন লীগৰ মেচত ভাৰতৰ সন্মুখত হাঙ্গেৰী। দলটোক ভাৰতে ৪-০ ত পৰাস্ত কৰিলে। ইয়াৰ পিছত লীগৰ আটাইকেইখন মেচত ভাৰতীয় দলটোৱে আমেৰিকা আৰু জাপানক ক্ৰমে ৭-০ আৰু ৯-০ত পৰাস্ত কৰিবলৈ সক্ষম হ’ল।

লীগ পৰ্যায়ত অপৰাজিত হৈ থকা ভাৰতৰ সন্মুখত ছেমিফাইনেলত শক্তিশালী ফ্ৰান্স। ইউৰোপৰ শক্তিশালী দলটোকো ভাৰতে ছেমি ফাইনেলত ১০-০ ত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে। কিন্তু ফাইনেলত ভাৰতৰ সন্মুখত বাধা হৈ থিয় দিলে জাৰ্মানীয়ে। কিয়নো জাৰ্মানীলৈ অহাৰ পিছত ভাৰতে মাত্ৰ এখন মেচতেই পৰাস্ত হৈছে আৰু বিপক্ষৰ সেই দলটো হৈছে জাৰ্মানী। অভ্যাস মেচত ইতিমধ্যে জাৰ্মানীয়ে ভাৰতক ৪-১ত পৰাস্ত কৰি আত্মবিশ্বাসী হৈ আছে।

সেইদিনা আছিল ১৫ আগষ্ট। বাৰ্লিন অলিম্পিকত সেই দিনটোতেই অনুষ্ঠিত হৈছে হকীৰ ফাইনেল। ইতিমধ্যে ক্ৰমাগতভাৱে দুখন অলিম্পিকত স্বৰ্ণ পদক লাভ কৰি ভাৰত হেট্ৰিকৰ বাবে সাজু হৈছে। ইফালে আকৌ নিজ গৃহ ভূমিত বিশ্ব জয় কৰিবলৈ সাজু হৈছে জাৰ্মানী। জাৰ্মানীৰ দলটোৰ এই বিশ্বজয়ৰ ক্ষণ উপভোগ কৰিবলৈ হিটলাৰ নিজেই আহি ষ্টেডিয়ামত উপস্থিত হৈছে।

সময়ত খেল আৰম্ভ হ’ল। জাৰ্মানীয়ে আৰম্ভ কৰিলে তেওঁলোকৰ আক্ৰমনাত্মক খেল। সেই খেলখন ইমানেই আক্ৰমনাত্মক হৈছিল যে ভাৰতীয় দলটোৰ অধিনায়ক মেজৰ ধ্যানচান্দে জাৰ্মানীৰ গ’ল কীপাৰৰ লগত খুণ্ডা মাৰি বাগৰি পৰিল গ্ৰাউণ্ডত। আৰু ধ্যান চান্দৰ এটা দাঁত ভাঙিল। মাত্ৰ কিছুসময় খেল পথাৰত বাহিৰত থাকি পুনৰ খেল পথাৰত প্ৰেৱেশ কৰিলে ধ্যানচান্দে। এইবাৰ আৰু অধিক আক্ৰমানাত্মক হৈ উঠল ভাৰতীয় অধিনায়কজন। তীব্ৰ বেগেৰে দৌৰিবলৈকে ভৰিৰ পৰা জোটা যোৰ খুলি ললে। খালী ভৰিৰেই বাকীখিনি সময় খেলি ধ্যানচান্দে জাৰ্মানীক ব্যাক্তিগতভাৱে তিনিটা গ’ল দিলে। ধ্যানচান্দৰ তিনিটা গ’লৰ সহায়ত ভাৰতে জাৰ্মানীক মুঠ ৮-১ গলত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে জয় কৰিলে অলিম্পিকত স্বৰ্ণ পদক, লগে লগে ৰচনা হ’ল ইতিহাস।

ভাৰতীয় দলটোৰ অধিনায়ক ধ্যানচান্দৰ খেল দেখি অভিভূত হৈ পৰিল হিটলাৰ। মেচৰ শেষত হিটলাৰে নিজেই আহি ধ্যানচান্দক প্ৰশংসা কৰিলে। সকলোকে আচৰিত কৰি হিটলাৰে ধ্যান চান্দক নাজি বাহীনিত যোগদান কৰাৰ প্ৰস্তাৱ দিলে। হিটলাৰে ধ্যানচান্দক জৰ্মানীতে থাকি তেওঁৰ সেনাৰ উচ্চ পদবীত যোগদান কৰাৰ প্ৰস্তাৱ আগবঢ়ালে। ধ্যানচান্দে হিটলাৰৰ পৰা এই প্ৰস্তাৱ লাভ কৰি কিছুসময় মৌন হৈ থাকি পৰৱৰ্তী সময়ত অতি বিনয়ৰে সেই প্ৰস্তাৱ নাকচ কৰিলে।

এইদৰেই বাৰ্লিন অলিম্পিকত ইতিহাস ৰচনা কৰিলে ভাৰতীয় দলটোৱে। অধিনায়ক ধ্যানচান্দে নিজৰ হকীৰ যাদুৰে বিশ্বৰ বিভিন্ন লোকৰ লগতে হিটলাৰৰ দৰে মহা প্ৰতাপী ৰাষ্ট্ৰ নেতাকো প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments