Tuesday, July 5, 2022
HomeNewsএগৰাকী ১৬ বছৰীয়া যুৱকৰ দুঃসাহসিক ক্ৰীড়া

এগৰাকী ১৬ বছৰীয়া যুৱকৰ দুঃসাহসিক ক্ৰীড়া

এগৰাকী ১৬ বছৰীয়া যুৱকৰ দুঃসাহসিক ক্ৰীড়া

অলিম্পিয়া প্ৰতিবেদন: এগৰাকী ১৬ বছৰীয়া যুৱকৰ দুঃসাহসিক ক্ৰীড়া । লক্ষ্য চাইকেলেৰে লাডাখ যাত্রা । শিৱসাগৰৰ পৰা যাত্রা আৰম্ভ। শিৱসাগৰ জিলাৰ কীৰ্তিচিহ্নসমূহৰ প্ৰচাৰৰ উদ্দেশ্য । এগৰাকী চাইকেল চলাই ভাল পোৱা কিশোৰ । নাম তেওঁৰ সৌৰভ গগৈ ।

প্ৰখৰ ৰ’দ অতিক্ৰম কৰি তেওঁ কেৱল চাইকেল চলোৱাত ব্যস্ত । ঘৰ শিৱসাগৰ জিলাৰ বকতাত । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে সৌৰভ । পৰীক্ষাৰ ফলাফল ওলোৱাৰ পূৰ্বে সৌৰভে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ । শিৱসাগক জিলাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ বিষয়ে বিভিন্ন ৰাজ্যত প্ৰচাৰ কৰাৰ লক্ষ্য লৈ দেশৰ উত্তৰ- পশ্চিম অঞ্চলৰ বৰফৰ ৰাজ্য লাডাখলৈ বুলি যাত্রা আৰম্ভ কৰিছে সৌৰভে ।

আৰু অধিক পঢ়ক

শুক্ৰবাৰে দিনৰ ১১.৪৫ বজাত ঐতিহাসিক শিৱদৌলৰ চৌহদৰ পৰা তেওঁ যাত্রা আৰম্ভ কৰিছে । বিভিন্ন দল সংগঠনে সৌৰভক গামোচাৰে শুভেচ্ছা জনাইছে । প্ৰদান কৰিছে উৎসাহ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, সৌৰভৰ এনে চাইকেল যাত্রা এয়াই প্ৰথম নহয় । ইয়াৰ আগতো বকতাৰ পৰা ধুবুৰীলৈ চাইকেলেৰে যাত্রা কৰিছিল কিশোৰ গৰাকীয়ে । এইবাৰো শিৱসাগৰ এৰাৰ প্ৰাকক্ষণক তেওঁৰ অধ্যয়নৰত ধিতাই পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্র-ছাত্রীসকলে সৌৰভক জনালে উষ্ম আদৰণি । সৌৰভৰ এই প্ৰচেষ্টাক শলাগিলে সৌৰভৰ শিক্ষাগুৰুৱে ।

ডিঙিত গামোচা, পিঠিত বেগ আৰু চাইকেলত ত্রিৰংগা লৈ এই দুঃসাহসিক ক্ৰীড়াৰ বাবে আগবাঢ়ি গৈছে শিৱসাগৰীয়া সৌৰভ ।এটা মহৎ উদ্দেশ্য আগত ৰাখি ইমান কম বয়সতে এগৰাকী কিশোৰে এনে দুঃসাহসিক ক্ৰীড়া সম্পাদন কৰিবলৈ মন মেলাটো সঁচাই আচৰিত । ক্ৰীড়া অনুৰাগীৰ আশা– -সৌৰভৰ উদ্দেশ্যে সাফল্যমণ্ডিত হৈ উঠক । লাডাখত উৰক অসমৰ বিজয়ধ্বজা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments