এচ’ছিয়েশ্বন অৱ টেনিছ প্ৰফেছনেলে ঘোষণা কৰিলে ২০২০বৰ্ষৰ বঁটা সমূহ ঘোষণা কৰিলে। টেনিছ তাৰকা ৰজাৰ ফেডেৰাৰ, ন’ভাক জ’কভিছকে ধৰি খ্যাতনামা টেনিছ তাৰকাসকলে লাভ কৰিলে বিভিন্ন কেটেগৰিৰ বঁটাসমূহ।
ছুইজাৰলেণ্ডৰ তাৰকা টেনিছ খেলুৱৈ ৰজাৰ ফেডেৰাৰে চিংগলছ কেটেগৰিত লাভ কৰিছে ফেনছ ফেভাৰিট বঁটা। আনহাতে ৰাফেল নাডালে ধাৰাবাহিকভাৱে তিনিবাৰ আৰু মুঠ চাৰিবাৰ লাভ কৰিলে খেল ভাৱনা বঁটা। ফেডেৰাৰে ধাৰাবাহিকভাৱে ১৮ বাৰ এই সন্মান লাভ কৰিছে।
নভাক জকভিছে ধাৰাবাহিকভাৱে বৰ্ষটোৰ শেষলৈকে ১নং স্থানৰ খেলুৱৈ হিচাপে থাকি ৰেকৰ্ড সৃষ্টি কৰিলে। তেওঁ ২০২০ বৰ্ষত অষ্টমটো অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপৰ সৈতে মুঠ ৪ টা খিতাপ জয় কৰিলে।
ইয়াৰ উপৰিও ৰাছিয়াৰ Andrey Rublev য়ে লাভ কৰিছে Most Improved player of the Year বঁটা। আনহাতে তেওঁৰ প্ৰশিক্ষক Fernando Vicente য়ে লাভ কৰিছে বৰ্ষটোৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান।
নিউকমাৰ অফ দ্যা ইয়েৰ বঁটা লাভ কৰিলে ১৭ বৰ্ষীয় Carlos Alcaraz য়ে। খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ১৩৬ সংখ্যক ৰেংকিং লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ তিনিবাৰকৈ ATP Challenge Tour ট্ৰফীও জয় কৰিবলৈ সক্ষম হৈছিল।
পূৰ্বৰ বিশ্বক্ৰমৰ ২৫ নং স্থানৰ কানাডাৰ টেনিছ খেলুৱৈ Vasek Pospisil য়ে লাভ কৰিছে Comeback Player of the Year বঁটা। ২০১৯ বৰ্ষত আঘাতৰ সমস্যাত ভূগিছিল আৰু বেক চাৰ্জাৰী কৰোৱাব লগীয়া হৈছিল। ২০২০বৰ্ষত তেওঁ এই আঘাতৰ পৰা মুক্ত হৈ পুনৰ ক’ৰ্টলৈ ঘূৰি আহিছিল। কেৱল ঘূৰি অহাই নহয় নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে তেওঁ ATP ৰ ফাইনেললৈ উত্তীৰ্ণ হৈছিল। ২০১৯ ত ১৫০ ৰেংকিঙত থকা খেলুৱৈজনে ২০২০ বৰ্ষত লাভ কৰিছে বিশ্বক্ৰমৰ ৬১সংখ্যক ৰেংকিং।