Thursday, July 7, 2022
HomeNewsএছিয়ান ট্ৰেক চাইক্লিঙত চয়নিকা গগৈৰ ব্ৰঞ্জ অৰ্জন

এছিয়ান ট্ৰেক চাইক্লিঙত চয়নিকা গগৈৰ ব্ৰঞ্জ অৰ্জন

এছিয়ান ট্ৰেক চাইক্লিঙত চয়নিকা গগৈৰ ব্ৰঞ্জ অৰ্জন

অলিম্পিয়া প্ৰতিবেদন:

এছিয়ান ট্ৰেক চাইক্লিঙত চয়নিকা গগৈৰ ব্ৰঞ্জ অৰ্জন ৷
দলীয় শাখাত এই পদক অসম কন্যাৰ ৷
চয়নিকালৈ অসম অলিম্পিক সন্থাৰ ৫০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা ৷

অসমৰ আগশাৰীৰ চাইক্লিং খেলুৱৈ চয়নিকা গগৈয়ে এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত দলীয় শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে ৷ নতুন দিল্লীত শনিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ মহিলাৰ এলিট শাখাৰ দলীয় পাৰছুইট ইভেণ্টৰ পদক জয় কৰা ভাৰতীয় দলৰ নেতৃত্বত আছিল অসমৰ চয়নিকা গগৈ ৷

দলীয় শাখাত এই পদক অসম কন্যাৰ

ব্ৰঞ্জ জয়ৰ যুঁজত ভাৰতে উজবেকিস্তানক পৰাস্ত কৰে ৷ এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মহিলাৰ এলিট শখাৰ দলীয় পাৰছুইট চাইক্লিঙত ভাৰতীয় দলটোৱে ৰাষ্ট্ৰীয় অভিলেষ গঢ়ি ৪.৪৪ মিনিটত সম্পূৰ্ণ কৰে ৷ চয়নিকাকে ধৰি ভাৰতীয় দলটোৰ এই সফলতাৰ বাবে অসম চাইক্লিং সন্থাৰ সভাপতি হৰমিত সিং আৰু সম্পাদক ড॰ তপন দাসে অভিনন্দন জনাইছে ৷

চয়নিকালৈ অসম অলিম্পিক সন্থাৰ ৫০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা

ইফালে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে ভাৰতীয় দলটোৰ লগতে অসম জীয়ৰী চয়নিকা গগৈক অভিনন্দন জনোৱাৰ লগতে চাইক্লিষ্ট গৰাকীক অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা ৫০,০০০ টকা পুৰস্কাৰ আগবঢ়াব বুলি ঘোষণা কৰে ৷

আৰু অধিক পঢ়ক

গহপুৰ ডুবিয়া বৰিগাঁৱৰ সাধাৰণ খেতিয়ক মৃদুল গগৈ আৰু পবিত্ৰা দিহিঙীয়া গগৈৰ একমাত্ৰ সন্তান চয়নিকাই ২০১৫ বৰ্ষৰ পৰা প্ৰথম বাৰলৈ চাইক্লিঙৰ অনুশীলন আৰম্ভ কৰে ৷ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক শিক্ষা নিৰ্দেশক জীৱন বৰাৰ অনুপ্ৰেৰণাত চয়নিকাই চাইক্লিঙত কিছু পাৰদৰ্শিতা আগবঢ়োৱাত সেই বৰ্ষৰে শেষৰ ফালে গুৱাহাটীৰ টেপেচিয়াত অৱস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ চাইক্লিং ট্ৰেকত কিছুদিন এক ৰাজ্যিক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

সেই সময়ত এই শিবিৰ তদাৰক কৰে মণিপুৰৰ প্ৰশিক্ষক দীনেশ সিঙে ৷ ২০১৬ ত শিলচৰত অনুস্থিত অসম অলিম্পিক প্ৰতিযোগিতাৰ চাইক্লিঙৰ দলীয় শাখাত চয়নিকাই স্বৰ্ণ পদক লাভ কৰিছিল ৷ ইয়াৰ পাছৰ পৰা চয়নিকাই দিল্লীৰ ৰাষ্ট্ৰীয় চাইক্লিং একাডেমীৰ বাবে নিৰ্বাচিত হয় আৰু তেতিয়াৰ পৰা তেওঁ তাতে আছে ৷ চয়নিকাই অলপতে দিল্লীৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে ৷

বিগত ডেৰ বছৰ ধৰি ঘৰলৈ অহা নাই বাবে তেওঁৰ ককাক দধিৰাম গগৈ চিন্তিত হৈছে ৷ তেওঁৰ পিতৃয়ে টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় একাডেমীৰ পৰা ঘৰলৈ আহিলেহে নানানটা সমস্যাৰ সন্মুখীন হয় ৰাজ্যৰ এই আগশাৰীৰ চাইক্লিষ্ট গৰাকী ৷

গাঁওখনৰ চালিয়া জানৰ পাৰে পাৰে প্ৰায় ১ কিলোমিটাৰ লুংলুঙীয়া পথেৰে ঘৰলৈ আহিব লাগে ৷ দিল্লীৰ পৰা লগত অনা চাইকেলখন কান্ধত তুলি পকীপথ পালেহে অনুশীলন আৰম্ভ কৰিব পাৰে ৷ তদুপৰি একাডেমীৰ প্ৰশিক্ষকে ৰোড চাইক্লিঙৰ বাবে তেওঁক এখন নিজাকৈ চাইকেল ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়াত চয়নিকাৰ পিতৃ চিন্তিত হৈছে ৷

গাঁৱৰ ভিতৰুৱা মাটি ৰ বিঘা বন্ধক দিলেও ১ লাখ টকা নোলাব ৷ ফলত চাইকেলখনৰ বাবে প্ৰায় ৪,৮০,০০০ টকা কেনেকৈ সংগ্ৰহ কৰে এই চিন্তাই খাই মাৰিছে পিতৃ মৃদুল গগৈক ৷ ক্ৰীড়া অনুৰাগীৰ আশা– দৰিদ্ৰতা, বাট-পথহীন বাসগৃহ আদি সকলো প্ৰতিবন্ধকতা নেওচি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অধিক পদক দখল কৰি দেশ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনক গহপুৰৰ এই জীয়ৰী গৰাকীয়ে ৷ ক্ৰীড়াপ্ৰেমী ৰাইজৰ শুভদৃষ্টি পৰক এইগৰাকী অসম কন্যাৰ ওপৰত ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments