Monday, July 4, 2022
HomeNewsএছিয়ান ডেন্সস্কেটিঙত স্বৰ্ণজয়ী মেহলৰ সফলতাৰ আঁৰৰ কাহিনী

এছিয়ান ডেন্সস্কেটিঙত স্বৰ্ণজয়ী মেহলৰ সফলতাৰ আঁৰৰ কাহিনী

এছিয়ান ডেন্সস্কেটিঙত স্বৰ্ণজয়ী মেহলৰ সফলতাৰ আঁৰৰ কাহিনী

অলিম্পিয়া প্ৰতিবেদন: স্কেট পিন্ধি এগৰাকী কিশোৰীৰ নৃত্য । হিন্দী গীতৰ তালে তালে লয়লাস । আকৌ বাবুৰ সেই বিখ্যাত গীত ‘পেডেল মাৰি মাৰি’ বিহুসুৰীয়া গীতত ভংগীমা ।

সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত এইদৰে ডেন্স স্কেটিং কৰিছে কণমাণি কিশোৰী মেহল আগৰৱালে । মেহলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিছে গৌৰৱ । নেপালত যোৱা ৩১ মে’ আৰু ১ জুনত অনুষ্ঠিত এছিয়ান ডেন্সস্কেট চেম্পিয়নশ্বিপত মেহলৰ দুটাকৈ স্বৰ্ণ অৰ্জন । প্ৰায় ৪২ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা এই সাফল্য অৰ্জন কৰিছে কিশোৰী গৰাকীয়ে ।

আৰু অধিক পঢ়ক

২৩ জনীয়া ভাৰতৰ দলটোৰ অন্যতম সদস্য আছিল মেহল

মাৰ্চত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাচনি যোগে ভাৰতীয় দলটো গঠন কৰা হৈছিল । সোমবাৰে, দিছপুৰ প্ৰেছ ক্লাবত অসম ডেন্সস্কেট স্পৰ্টছ এছচিয়েচনে আয়োজন কৰিলে এক সম্বৰ্ধনা অনুষ্ঠান । মেহলক এছচিয়েচন তৰফৰ পৰা দিলে অভিনন্দন । এই প্ৰতিযোগিতাৰ সময়ত মেহল হোৱা নাছিল নাৰ্ভাছ, আছিল আত্মবিশ্বাসী, ইয়াৰ বাবে স্বৰ্ণজয় কৰিছে বুলি মন্তব্য কৰিলে মেহলে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১২ আৰু ১৪ বছৰ অনূৰ্দ্ধ শাখাত স্বৰ্ণজয়ী প্ৰথম গৰাকী ডেন্স স্কেটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে মেহলে । প্ৰথমে ইয়াক হবি হিচাপে গ্ৰহণ কৰা মেহলে পিছলৈ ইয়াক স্পৰ্টছ হিচাপে ল’লে । নিজৰ ঘৰতে কৰিছিল অনুশীলন । কন্যাৰ এই সাফল্যত সুখী পিতৃ বিকাশ আগৰৱালা ।

মেহলে ২০২৩ বৰ্ষত ইউৰোপত হ’ব লগা ডেন্সস্কেটৰ বিশ্বকাপ চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন

এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰাৰ সূত্ৰে মেহলে ২০২৩ বৰ্ষত ইউৰোপত হ’ব লগা ডেন্সস্কেটৰ বিশ্বকাপ চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিলে । ডেন্সস্কেটিং যদি কোনোবা অভিজ্ঞ প্ৰশিক্ষক আছে, তেওঁলোকক আগবাঢ়ি আহিবলৈ আহ্বান জনালে পিতৃয়ে । মেহলৰ লগতে অসমৰ বাকী খেলুৱৈ সকলো ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলি আশাবাদী মেহলৰ পিতৃ।

স্কেট পিন্ধি ডেন্স কৰাটো ইমান সহজ নহয়, এই কাম কৰি দেখুৱালে মেহলে । ইয়াৰ বাবে আনন্দিত অসম ডেন্সস্কেট সন্থাৰ কোষাধ্যক্ষ সবিতা যাদৱ । কঠোৰ অনুশীলন কৰিলে সকলোৰে বাবে সম্ভৱ বুলি জনালে মেহলে । খেলুৱৈসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগদান কৰিবলৈ আহ্বান জনালে কণমাণি মেহলে ।

উল্লেখযোগ্য যে, সোমবাৰে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকিল অসম ডেন্সস্কেট সন্থাৰ সভাপতি উদয় বৰগোঁহাই, অসম ৰোলাৰ স্কেটিং সন্থাৰ সম্পাদক অনুপম শৰ্মা, মেহলৰ মাতৃ সন্তোষ আগৰৱালাকে আদি কৰি শুভাকাংখীসকল ।

ক্ৰীড়া অনুৰাগীৰ আশা — মেহলৰ এই স্বৰ্ণমুখী যাত্রা সদায়ে মহীয়ান হওক । অসমত গা কৰি উঠক ডেন্সস্কেট স্পৰ্টছ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments