Wednesday, July 6, 2022
HomeNewsএছিয়ান ডেন্সস্কেট স্পৰ্টছত স্বৰ্ণজয়ী মেহল আগৰৱালাক সম্বৰ্ধনা

এছিয়ান ডেন্সস্কেট স্পৰ্টছত স্বৰ্ণজয়ী মেহল আগৰৱালাক সম্বৰ্ধনা

অলিম্পিয়া প্ৰতিবেদন

সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত সদ্যসমাপ্ত এছিয়ান ডেন্সস্কেট স্পৰ্টছ চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰা মেহল আগৰৱালাক সম্বৰ্ধনা জনোৱা হয় । নেপালত যোৱা ৩১ মে- ১ জুনত অনুষ্ঠিত প্ৰতিযোগিতাত মেহলে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ১২ আৰু ১৪ বছৰ অনূৰ্দ্ধ ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ পদক দুটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে । প্ৰথমবাৰৰ বাবে আয়োজিত এছিয়ান ডেন্সস্কেট চেম্পিয়নশ্বিপত ভাৰতৰ ২৩ জনীয়া দলে অংশগ্ৰহণ কৰে । মাৰ্চত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাচনি যোগে ভাৰতীয় দলটো গঠন কৰা হৈছিল । এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰাৰ সূত্ৰে মেহলে ইউৰোপত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় ডেন্সস্কেট চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিলে । এই উপলক্ষ্যে আয়োজিত সংবাদ মেলত উপস্থিত থাকে অসম ডেন্সস্কেট সন্থাৰ সভাপতি উদয় বৰগোঁহাই, কোষাধ্যক্ষ সৰিতা যাদৱ, অসম ৰোলাৰ স্কেটিং সন্থাৰ সম্পাদক অনুপম শৰ্মা, মেহলৰ পিতৃ গুৱাহাটী আঠগাঁৱৰ বিশিষ্ট ব্যৱসায়ী বিকাশ আগৰৱালা, মাতৃ সন্তোষ আগৰৱালা । সাংবাদিকসকলৰ আগত মেহল আগৰৱালাই ডেন্সস্কেট প্ৰদৰ্শন কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments