এছিয়ান মহিলাৰ ট্ৰেক চাইক্লিঙৰ ব্যক্তিগত শাখাত চয়নিকা গগৈৰ ব্ৰঞ্জ অৰ্জন
অলিম্পিয়া প্ৰতিবেদন:নতুন দিল্লীত যোৱা ১৮-২২ জুনত অনুষ্ঠিত ৪১ সংখ্যক ছিনিয়ৰ, ২৮ সংখ্যক জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত ভাৰতৰ হৈ অসম কন্যা চয়নিকা গগৈয়ে দ্বিতীয়টো পদক অৰ্জন কৰিছে ৷ বুধবাৰে মহিলাৰ এলিট স্কেটচ ৰেচ চাইক্লিং টুৰ্ণামেণ্টত চয়নিকাই ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷
৭.৫ কিলোমিটাৰ দুৰত্বৰ এই শাখাত কোৰিয়াৰ কিম ইউৰিয়ে সোণ, জাপানৰ ফুৰুয়ামা কিয়ে ৰূপ অৰ্জন কৰাৰ বিপৰীতে চয়নিকা গগৈয়ে ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ইয়াৰ পূৰ্বে শনিবাৰে এছিয়ান ট্ৰেক চাইক্লিঙৰ দলীয় শাখাত চয়নিকাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷
মহিলাৰ এলিট শাখাৰ দলীয় পাৰছুইট ইভেণ্টত পদক জয় কৰা ভাৰতীয় দলৰ নেতৃত্বত আছিল চয়নিকা ৷ ব্ৰঞ্জ জয়ৰ যুঁজত ভাৰতে ইজবেকিস্তানক পৰাস্ত কৰে ৷ লক্ষ্যণীয়ভাৱে এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মহিলাৰ এলিট শাখাৰ দলীয় পাৰছুইট চাইক্লিঙত ভাৰতীয় দলটোৱে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৪.৪৪ মিনিটিত সম্পূৰ্ণ কৰে ৷
অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা ৫০,০০০ টকা পুৰস্কাৰ
উল্লেখযোগ্য যে এছিয়ান ট্ৰেক এণ্ড চাইক্লিঙত দুটাকৈ পদক অৰ্জন কৰাৰ বাবে চয়নিকাক অসম চাইক্লিং সন্থাৰ সভাপতি হৰমিত সিং আৰু সম্পাদক ড॰ তপন দাসে অভিনন্দন জনাইছে ৷ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে অসম জীয়ৰী চয়নিকা গগৈক অভিনন্দন জনোৱাৰ লগতে চাইক্লিষ্ট গৰাকীক অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা ৫০,০০০ টকা পুৰস্কাৰ আগবঢ়াব বুলি ইতিপূৰ্বে ঘোষণা কৰিছে ৷
এতিয়া ব্যক্তিগত শাখাতো এছিয়ান চেম্পিয়নশ্বিপত পদক লাভ কৰাৰ বাবে চয়নিকাক কেনেদৰে পুৰস্কৃত কৰে সেয়া নিশ্চয় লক্ষ্যণীয় হ’ব ।গহপুৰ ডুবিয়া বৰিগাঁৱৰ সাধাৰণ খেতিয়ক মৃদুল গগৈ আৰু পবিত্ৰা দিহিঙীয়া গগৈৰ একমাত্ৰ সন্তান চয়নিকাই ২০১৫ বৰ্ষৰ পৰা প্ৰথম বাৰলৈ চাইক্লিঙৰ অনুশীলন আৰম্ভ কৰে ৷ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক শিক্ষা নিৰ্দেশক জীৱন বৰাৰ অনুপ্ৰেৰণাত চয়নিকাই চাইক্লিঙত কিছু পাৰদৰ্শিতা আগবঢ়োৱাত সেই বৰ্ষৰে শেষৰ ফালে গুৱাহাটীৰ টেপেচিয়াত অৱস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ চাইক্লিং ট্ৰেকত কিছুদিন এক ৰাজ্যিক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে ৷
সেই সময়ত এই শিবিৰ তদাৰক কৰে মণিপুৰৰ প্ৰশিক্ষক দীনেশ সিঙে ৷ ২০১৬ ত শিলচৰত অনুস্থিত অসম অলিম্পিক প্ৰতিযোগিতাৰ চাইক্লিঙৰ দলীয় শাখাত চয়নিকাই স্বৰ্ণ পদক লাভ কৰিছিল ৷ ইয়াৰ পাছৰ পৰা চয়নিকাই দিল্লীৰ ৰাষ্ট্ৰীয় চাইক্লিং একাডেমীৰ বাবে নিৰ্বাচিত হয় আৰু তেতিয়াৰ পৰা তেওঁ তাতে আছে ৷ চয়নিকাই অলপতে দিল্লীৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে ৷ বিগত ডেৰ বছৰ ধৰি ঘৰলৈ অহা নাই বাবে তেওঁৰ ককাক দধিৰাম গগৈ চিন্তিত হৈছে ৷
তেওঁৰ পিতৃয়ে টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় একাডেমীৰ পৰা ঘৰলৈ আহিলেহে নানানটা সমস্যাৰ সন্মুখীন হয় ৰাজ্যৰ এই আগশাৰীৰ চাইক্লিষ্ট গৰাকী ৷ গাঁওখনৰ চালিয়া জানৰ পাৰে পাৰে প্ৰায় ১ কিলোমিটাৰ লুংলুঙীয়া পথেৰে ঘৰলৈ আহিব লাগে ৷ দিল্লীৰ পৰা লগত অনা চাইকেলখন কান্ধত তুলি পকীপথ পালেহে অনুশীলন আৰম্ভ কৰিব পাৰে ৷ তদুপৰি একাডেমীৰ প্ৰশিক্ষকে ৰোড চাইক্লিঙৰ বাবে তেওঁক এখন নিজাকৈ চাইকেল ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়াত চয়নিকাৰ পিতৃ চিন্তিত হৈছে ৷ গাঁৱৰ ভিতৰুৱা মাটি ১ বিঘা বন্ধক দিলেও ১ লাখ টকা নোলাব ৷ ফলত চাইকেলখনৰ বাবে প্ৰায় ৪,৮০,০০০ টকা কেনেকৈ সংগ্ৰহ কৰে এই চিন্তাই খাই মাৰিছে পিতৃ মৃদুল গগৈক ৷