Tuesday, October 4, 2022
HomeNewsএছিয়া কাপত অৰ্ধশতকেৰে উজলিল কিং কোহলি আৰু সূৰ্য কুমাৰ যাদৱ

এছিয়া কাপত অৰ্ধশতকেৰে উজলিল কিং কোহলি আৰু সূৰ্য কুমাৰ যাদৱ

এছিয়া কাপত অৰ্ধশতকেৰে উজলিল কিং কোহলি আৰু সূৰ্য কুমাৰ যাদৱ

অলিম্পিয়া প্ৰতিবেদন: এছিয়া কাপত দ্বিতীয়টো জয় ভাৰতৰ । হংকঙৰ বিৰুদ্ধে ৪০ ৰাণত জয়ী মেন ইন ব্লু । অৰ্ধশতকেৰে উজলিল কিং কোহলি আৰু সূৰ্য কুমাৰ যাদৱ ।

ডুবাইত সগৌৰৱেৰে অব্যাহত আছে এছিয়া কাপ ২০২২ । নিজা প্ৰথম মেচত ভাৰতে পাকিস্থানৰ বিৰুদ্ধে ৫ উইকেটত ইতিমধ্যে জয়ী হৈছে । বুধবাৰে দ্বিতীয়খন মেচত অৱৰ্তীণ হ’ল ভাৰত আৰু হংকং । প্ৰথমে বেটিং কৰি ভাৰতে ২ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৯২ ৰাণ ।

অধিনায়ক ৰোহিত শৰ্মা ২১ ৰাণ আৰু কে এল ৰাহুলে ৩৬ ৰাণ কৰিয়েই আউট হ’লেও কিং কোহলি আৰু সূৰ্য কুমাৰ যাদৱৰ যুগলবন্দীয়ে দলটোক জয়ৰ মুখলৈ লৈ যায় । হংকঙৰ বিৰুদ্ধে মেচখনত কোহলিক দেখা গ’ল ফৰ্মত । পুৰণি দুৰ্দান্ত গতিৰে কৰিলে অৰ্ধশতক । ৪৪ টা বলত কোহলিয়ে বৰঙণি যোগায় ৫৯ ৰাণৰ । কোহলিৰ ইনিংছত আছিল ১ টা বাউণ্ডেৰী আৰু ৩ টা অভাৰ বাউণ্ডেৰী ।

আনহাতে সূৰ্য কুমাৰ যাদৱৰ পৰা বৰষিল যেন অগ্নি । অৰ্ধশতকৰ পৰা বঞ্চিত নহ’ল তাৰকা বেটাৰ সূৰ্য কুমাৰ যাদৱ । ২৬ টা বলত দুৰন্ত গতিৰে সূৰ্য্য কুমাৰে সংগ্ৰহ কৰিলে ৬৮ ৰাণ । আনহাতে ১৯৩ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল হংকং । জয়ৰ বাবে অশেষ চেষ্টা কৰিলেও ভাৰতীয় বলাৰৰ সমুখত তিষ্টিব নোৱাৰিলে হংকং । ভাৰতীয় দুৰ্ধৰ্ষ বলাৰ ৰবীন্দ্ৰ জাডেজা, ভূৱেনেশ্বৰ কুমাৰ, অৰ্শদীপ সিঙে লাভ কৰিছে এটাকৈ উইকেট । হংকঙৰ হৈ বি হায়াটে ৪০ আৰু কে শ্বাহে ৰাণ কৰিলে ৩০ । অশেষ চেষ্টা কৰিও ১৫২ ৰাণতে থমকিল হংকঙৰ বিজয় ৰথ । ফলত ৪০ ৰাণত জয়ী হ’ল ৰোহিত বাহিনী ।

উল্লেখযোগ্য যে, ভাৰত আৰু পাকিস্তানৰ বাহিৰেও হংকং দলটো আছিল গ্ৰুপ ‘এ’ত । টীম ইণ্ডিয়াই হংকঙৰ বিৰুদ্ধে জয়ী হোৱাৰ লগে লগে ছুপাৰ ফ’ৰৰ মেচৰ বাবে যোগ্যতা অৰ্জন কৰিলে ।

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশা —–ছুপাৰ ফ’ৰৰ মেচত ভাৰত হওক অপ্ৰতিৰোধ্য । এছিয়া কাপত জয়ৰ কৃতিত্ব অৰ্জন কৰক ব্লু আৰ্মীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments