Tuesday, October 4, 2022
HomeNewsএছিয়া কাপত কিং কোহলিৰ অভিলেখ

এছিয়া কাপত কিং কোহলিৰ অভিলেখ

এছিয়া কাপত কিং কোহলিৰ অভিলেখ

অলিম্পিয়া প্ৰতিবেদন: এছিয়া কাপত কিং কোহলিৰ অভিলেখ । ৭১ টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিলে কোহলিয়ে । ৰিকি পন্টিঙৰ অভিলেখ স্পৰ্শ । সন্মুখত এতিয়া কেৱল ক্ৰিকেটৰ ভগৱান ।

এছিয়া কাপত ৭১ সংখ্যক শতকীয় ইনিংছ উদযাপন কৰিলে কিং কোহলিয়ে । প্ৰায় আঢ়ৈ বছৰৰ বিৰতিৰ পাছত বিৰাটৰ খৰাং বেটলৈ উভতিল শতকীয় ইনিংছ । এছিয়া কাপত টীম ইণ্ডিয়াই ফাইনেলত প্ৰবেশ কৰিব নোৱাৰিলেও বৃহস্পতিবাৰে আফগানিস্তানৰ বিৰুদ্ধে বিৰাটে ৰচিলে এক অভিলেখ । আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ৭১ টা শতক অৰ্জন কৰাৰ গৌৰৱ অৰ্জন কৰিলে কিং কোহলিয়ে ।

ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিঙৰ অভিলেখ স্পৰ্শ কৰিলে কোহলিয়ে । পন্টিঙৰ সৈতে এই মুহূৰ্তত সৰ্বাধিক শতক অৰ্জনৰ তালিকাত দ্বিতীয় স্থানত আছে বিৰাট কোহলি । এই তালিকাৰ শীৰ্ষত আছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ । তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত ১০০ টা শতকীয় ইনিংছ খেলি ইতিমধ্যে এক বিৰল কৃতিত্ব অৰ্জন কৰি থৈছে ।

বিৰাট কোহলিৰ এই ইংনিছটো আছিল চমকপ্ৰদ । ১২ টা বাউণ্ডেৰী আৰু ৬ টা অভাৰ বাউণ্ডেৰীৰ সহায়ত ৬২ টা বলত ১২২ ৰাণ সংগ্ৰহ কৰিলে তাৰকা ক্ৰিকেটাৰ বিৰাটে । উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ নবেম্বৰৰ পাছত কোহলিয়ে শতকীয় ইনিংছ খেলাত ব্যৰ্থ হৈছিল । ইয়াকে লৈ ক্ৰিকেট বিশ্বত চলিছিল তুমুল চৰ্চা ।

বৃহস্পতিবাৰে শতকীয় ইনিংছ খেলি বিৰাটে যেন পুনৰ বুজাই দিলে —- তেওঁৰ ফৰ্মৰ প্ৰত্যাৱৰ্তনৰ কথা ।
ইফালে এছিয়া কাপৰ ছুপাৰ ফ’ৰত ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে জয়ৰে অভিযান সমাপ্ত কৰিলে । ভাৰতে বেটিং কৰি ২১৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে যদিও ১১১ ৰাণতে ইনিংছ সামৰিলে আফগান দলে । ফলত জয়ী হল টীম ইণ্ডিয়া । কে এল ৰাহুলেও ৬১ ৰাণেৰে অৰ্ধশতকীয় ইংনিছ খেলি দিলে চমক ।

ক্ৰীড়া অনুৰাগীৰ আশা — বিৰাট কোহলিৰ এই দুৰ্দান্ত ফৰ্ম সদায়ে থাকক । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিলেখ সৃষ্টিৰে হৈ পৰক একছত্রী সম্ৰাট ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments