Monday, October 3, 2022
HomeNewsএছিয়া কাপত নাজিবৰ অবিশ্বাস্য ইনিংছৰ সহায়ত ছুপাৰ ফ’ৰত আফগানিস্তান

এছিয়া কাপত নাজিবৰ অবিশ্বাস্য ইনিংছৰ সহায়ত ছুপাৰ ফ’ৰত আফগানিস্তান

এছিয়া কাপত নাজিবৰ অবিশ্বাস্য ইনিংছৰ সহায়ত ছুপাৰ ফ’ৰত আফগানিস্তান

অলিম্পিয়া প্ৰতিবেদন: আফগানিস্তানৰ সন্মুখত জয়ৰ লক্ষ্য আছিল মাত্ৰ ১২৮ ৰাণ ৷ ১৪ অভাৰৰ পিছত মহম্মদ নবিৰ নেতৃত্বাধীন আফগান দলটোৱে সংগ্ৰহ কৰিছিল ৬৫ ৷ ইয়াৰ পাছতে ১৮.৩ অভাৰত দলৰ স্কৰ হ’লগৈ ১৩১ ৰাণ ৷ ৭ উইকেটত বাংলাদেশক পৰাস্ত কৰি ডুবাইত চলিত এছিয়া কাপৰ প্ৰথম ছুপাৰ ফ’ৰত উপনীত হোৱা দলটো হ’ল আফগানিস্তান ৷

প্ৰথমে শ্ৰীলংকা আৰু দ্বিতীয় মেচত বাংলাদেশক পৰাস্ত কৰি এই কৃতিত্ব গঢ়িলে আফগানিস্তানে ৷ মাত্ৰ ১৭ টা বলত ৪৩ ৰাণত অপৰাজিত হৈ ৰ’ল নাজিবুল্লাহ জাৰদান ৷ মেচখনত বাংলাদেশে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ নামিয়েই আৰম্ভণিৰে পৰা অস্বস্তিত আছিল ৷ দলৰ প্ৰথম পাঁচগৰাকী বেটাৰে ৰাণ সংগ্ৰহ কৰিব পৰা নাছিল ৷ মহম্মদ নঈমে ০৬, আনামুল হকে ০৫, অধিনায়ক ছাকিব আল হাছানে ১১, মুছফিকুৰ ৰহিমে ০১ আৰু আফিফ হুছেইনে ১২ ৰাণ কৰে ৷

পাৱাৰপ্লেৰ ৬ অভাৰৰ ভিতৰত ৩ টা উইকেট পতনৰ পিছত ৬.২ অভাৰৰ ভিতৰত বাংলাদেশৰ স্কৰ আছিল ৪ উইকেটত ২৮ ৰাণ ৷ পঞ্চম উইকেটত পতন হয় ৫৩ ৰাণত ৷ ১৫.৫ অভাৰত মাহমুদুল্লাহ ( ২৭ বলত ২৫ ৰাণ ) আউট হ’লত বাংলাদেশৰ ৰাণ হয়গৈ ৬ উইকেটত ৮৯ ৷ ইয়াৰ পাছত মেহেদি হাছান মিৰাজৰ সহায়ত দ্ৰুত ইনিংছ খেলি কিছু সন্মান ৰক্ষা কৰে মোছাদ্দেক হুছেইনে ৷

তেওঁ ৭ নম্বৰত খেলিবলৈ নামি চাৰিটা ৪ আৰু এটা ৬ ৰ সহায়ত ৩১ টা বলত ৪৮ ৰাণ কৰি অপৰাজিত হৈ ৰয় ৷ বলিঙত প্ৰতিপক্ষৰ ৰছিদ খানে ৪ অভাৰত ২২ আৰু মুজিব উৰ ৰহমানে ৪ অভাৰত ২৫ ৰাণ ব্যয় কৰি তিনিটাকৈ উইকেট দখল কৰে ৷এছিয়া কাপৰ প্ৰথম মেচত শ্ৰীলংকাৰ বিৰুদ্ধে দুৰ্দান্ত বেটিং কৰি আফগানিস্তানে বিজয় অৰ্জন কৰিছিল ৷ কিন্তু ছাৰজাহত বাংলাদেশৰ বলাৰসকলৰ বিৰুদ্ধে ৰাণ সংগ্ৰহ কৰাটো আফগান দলৰ বাবে কিছু কঠিন আছিল ৷

১৩ অভাৰত মহম্মদ নবি আউট হোৱাৰ সময়ত আফগানিস্তানৰ স্কৰ আছিল তিনি উইকেটত ৬২ ৰাণ ৷ হজৰতুল্লাহ জাজাই ২৩, ৰহমানুল্লাহ গুৰবাজে ১১ আৰু নবিয়ে ৮ ৰাণ কৰে ৷ এইখিনিৰ পৰা ১৮.৩ অভাৰত নিশ্চিত হয় এই বিস্ময়কৰ বিজয় ৷ ইয়াৰ কাৰণ হ’ল নাজিবউল্লাহ জাৰদানৰ বিস্ফোৰক ইনিংছ ৷ তেওঁ ১৭ টা বলত ৪০ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ৷ তেওঁৰ এই দুৰ্দান্ত ইনিংছটোত আছিল এটা ৪ আৰু ৬ টা ছিক্সাৰ ৷ ইব্ৰাহিম জাৰদানে ৪১ টা বলত ৪২ ৰাণত অপৰাজিত হৈ ৰয় ৷ অফগানিস্তানে গ্ৰুপ পৰ্যায়ৰ দুখন মেচত জয়লাভ কৰি ছুপাৰ ফ’ৰত উপনীত হৈছে ৷ ফলত বৃহস্পতিবাৰে শ্ৰীলংকা আৰু বাংলাদেশৰ মাজৰ মেচখনত যিটো দল জয়ী হ’ব সেইটো দলেই গ্ৰুপ ‘বি’ ৰ দ্বিতীয় দল হিচাপে ছুপাৰ ফ’ৰত প্ৰৱেশ কৰিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments