Tuesday, October 4, 2022
HomeNewsএছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অৰ্ধশতকৰ পাছত ফ্লিল্ডিং কৰা নাছিল কিং কোহলিয়ে

এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অৰ্ধশতকৰ পাছত ফ্লিল্ডিং কৰা নাছিল কিং কোহলিয়ে

এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অৰ্ধশতকৰ পাছত ফ্লিল্ডিং কৰা নাছিল কিং কোহলিয়ে

অলিম্পিয়া প্ৰতিবেদন: এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অৰ্ধশতকৰ পাছত ফ্লিল্ডিং কৰা নাছিল কিং কোহলিয়ে । হঠাৎ এনে কি হ’ল বিৰাট কোহলিৰ ? উদঘাটন হৈছে ইয়াৰ ৰহস্য ।

দেওবাৰে ক্ৰিকেট বিশ্বই উপভোগ কৰিলে ভাৰত-পাকিস্তানৰ উন্মাদনাৰে ভৰপূৰ মেচ । পাকিস্তানৰ হাতত ৫ উইকেটত পৰাজিত হলেও দুয়োটা দলৰ প্ৰদৰ্শন আছিল চমকপদ । এই মেচতেই পুনৰ পুৰণি দুৰ্দান্ত ফৰ্মত দেখা গৈছিল কিং কোহলিক । কোহলিয়ে পাকিস্তানৰ বিৰুদ্ধে কোবালে অৰ্ধশতক । ৪৪ টা বল খেলি বিৰাটে সংগ্ৰহ কৰিলে ৬০ ৰাণ । কিন্তু লক্ষণীয় ভাৱে, এই অৰ্ধশতক কৰাৰ পাছত ফিল্ডিঙত নমা নাছিল তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি । তেওঁক প্ৰথম পাঁচ অভাৰত ড্ৰেচিং ৰূমত দেখা গৈছিল । ৬ অভাৰৰ পাছত কোহলি আহে খেলপথাৰলৈ । পিছে ওৱাইড মিড অফ এলেকাৰ মাজত পাকিস্তানী ক্ৰিকেটাৰ ৰিজৱানৰ শ্বটত ফিল্ডিং মিছ হয় বিৰাটৰ ।

মেচখনৰ পাছৰ ফালে বিৰাটক দেখা গৈছিল পেভিলিয়নত । গভীৰ চাপত দেখা গৈছিল কিং কোহলিক । হয়তো তেওঁ ভাবিছিল অৰ্ধশতকটো অথলে যাব নেকি তেওঁৰ ! অৱশেষত সেয়ে হ’ল । সকলো ভাৰতীয়ক নিৰাশা কৰি পাকিস্তানৰ হাতত ধৰাশায়ী হ’ল টীম ইণ্ডিয়া ।

খবৰ অনুসৰি, বিৰাট কোহলিয়ে তেওঁৰ সোঁ ভৰিত আঘাত পাইছে । যাৰ বাবে ভালদৰে বিৰাটে সেই মেচত ফিল্ডিং কৰিব নোৱাৰিলে । মেচৰ সময়ত কোহলিয়ে সোঁ ভৰিত পেশীৰ চাপত ভুগিছিল বুলি জনা হৈছে ।

মেচখনত ভাৰত পাকিস্তানৰ হাতত পৰাস্ত হলেও ভাৰতীয়ৰ অন্তৰ জয় কৰিলে বিৰাটে । দীৰ্ঘ বিৰতিৰ পাছত ফৰ্মত দেখি আনন্দিত হৈ পৰিছে কোহলিৰ অনুৰাগীসকল । সকলোৱে আশা কৰিব — এছিয়া কাপত দুৰ্দান্ত হৈ পৰক বহু যুঁজৰ নায়ক কিং কোহলি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments