Tuesday, October 4, 2022
HomeNewsএছিয়া কাপত পুনৰ ভাৰত - পাকিস্তানৰ পৰৱৰ্তী মেচ হোৱাৰ সম্ভাৱনা

এছিয়া কাপত পুনৰ ভাৰত – পাকিস্তানৰ পৰৱৰ্তী মেচ হোৱাৰ সম্ভাৱনা

এছিয়া কাপত পুনৰ ভাৰত – পাকিস্তানৰ পৰৱৰ্তী মেচ হোৱাৰ সম্ভাৱনা

অলিম্পিয়া প্ৰতিবেদন: পুনৰ ভাৰত – পাকিস্থানৰ পৰৱৰ্তী মেচ হোৱাৰ সম্ভাৱনা । আকৌ দুয়ো দেশৰ মাজত ক্ৰিকেটৰ উন্মাদনা । মাজত মাথোন কেইটামান দিন ।

ডুবাইত সগৌৰৱেৰে অব্যাহত আছে এছিয়া কাপ ২০২২ । সন্মানীয় প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল শনিবাৰে শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হয় । প্ৰথম মেচত আঠ উইকেটত জয়ৰ মালা পিন্ধিলে আফগান দলে । দেওবাৰে অনুষ্ঠিত হয় ভাৰত – পাকিস্থানৰ হাই ভল্টেজ মেচ । এই মেচত ৫ উইকেটত ৰোমাঞ্চকৰ বিজয় অৰ্জন কৰিলে টীম ইণ্ডিয়াই ।

এইবাৰ ভাৰত তথা পাকিস্তানৰ ক্ৰিকেটপ্ৰেমীৰ বাবে আছে কিছু সুখবৰ । ৪ ছেপ্টেম্বৰত আকৌ এবাৰ ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট দলে ছুপাৰ ফ’ৰৰ খেলত মুখামুখি হোৱাৰ সম্ভাৱনা আছে । কাৰণ, ভাৰত আৰু পাকিস্তানৰ বাহিৰেও, হংকঙৰ দলটো আছে গ্ৰুপ ‘এ’ত । কিন্তু এই দল বাকী দুটা দলতকৈও তুলনামূলকভাৱে যথেষ্ট দুৰ্বল । এছিয়া কাপৰ সময়সূচী অনুসৰি অহা ৩১ আগষ্টত হংকঙৰ বিৰুদ্ধে খেলপথাৰত নামিব মেন ইন ব্লু । এইখিনিতে আহিছে এক আশাৰ ৰেঙণি ।
যদিহে টীম ইণ্ডিয়া এই মেচত জয়ী হয় তেন্তে ছুপাৰ ফ’ৰৰ মেচৰ বাবে যোগ্যতা অৰ্জন কৰিব ৰোহিত বাহিনীয়ে ।

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশা —– হংকঙক হৰুৱাই ছুপাৰ ফ’ৰত প্ৰৱেশ কৰক ব্লু আৰ্মীয়ে । ভাৰত-পাকিস্তানৰ মেচ প্ৰত্যক্ষ কৰিবলৈ উৎকন্ঠিত হৈ আছে দুয়ো দেশৰ কোটি কোটি জনতা । হয়তো সেইদিন সমাগত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments