Tuesday, October 4, 2022
HomeNewsএছিয়া কাপত বিবাদত লিপ্ত দুই দেশৰ ক্ৰিকেটাৰ

এছিয়া কাপত বিবাদত লিপ্ত দুই দেশৰ ক্ৰিকেটাৰ

অলিম্পিয়া প্ৰতিবেদন

এছিয়া কাপত বিবাদত লিপ্ত দুই দেশৰ ক্ৰিকেটাৰ । খেলপথাৰত পাকিস্তানী ক্ৰিকেটাৰ আছিফ আলি আৰু ফৰিদ আহমেদ মালিকৰ কুচিৎ আচৰণ । আছিফক নিষিদ্ধ কৰাৰ দাবী আফগানিস্তান অনুৰাগীৰ ।

বুধবাৰে এছিয়া কাপত মুখামুখি হয় পাকিস্তান আৰু আফগানিস্তান । খেলখনৰ অন্তিম পৰ্যায়ত দুয়ো দেশৰ ক্ৰিকেটাৰসকল আছিল গভীৰ চাপত । সকলোৱে ছুপাৰ ফ’ৰৰ পৰা ফাইনেলত প্ৰৱেশ কৰিবলৈ অপ্ৰাণ চেষ্টা চলায় । পাকিস্তানৰ সন্মুখত আছিল ১৩০ ৰাণৰ বিজয়ী লক্ষ্য । ক্ৰীজত আছিল পাকিস্তানী ক্ৰিকেটাৰ আছিফ আলী ‌। ১৮ অভাৰ ৫ টা বল যোৱালৈকে পাকিস্তানৰ ৰাণ সংগ্ৰহ হৈছিল ১১৮ । কিন্তু ফৰিদ আহমেদ মালিকৰ দুৰ্দান্ত বলিঙত কেটছ আউট হয় আছিফ আলী । ক্ৰীজৰ পৰা আছিফ আলী পেভেলিয়নলৈ উভতিব খোজোতেই ঘটিল অঘটন । আফগানিস্তান বলাৰ ফৰিদ আহমেদ মালিকে উইকেট লোৱাৰ আনন্দ উদযাপন কৰিলে । তাৰ পাছতেই লাগিল কেনা । খেলপথাৰত দেখা গল এক অশুভনীয় পৰিবেশ । পাকিস্তানী ক্ৰিকেটাৰ আছিফে আনকি খেলপথাৰতে মালিকৰ ওপৰত তেওঁৰ বেট দাঙি ধৰিছিল । কাজিয়াৰ সূত্ৰপাত হোৱাৰ উমান পাই বাকী খেলুৱৈসকলে দুয়োগৰাকী খেলুৱৈক আঁতৰাই নিয়ে । ইয়াৰ পাছতেই বিভিন্ন জনে দুয়োগৰাকী ক্ৰিকেটাৰক কৰিছে সমালোচনা । এই ঘটনাত স্তম্ভিত হৈ পৰিল আফগানিস্তান ক্ৰিকেট বৰ্ডৰ প্ৰাক্তন কাৰ্যবাহী ছফিক ষ্টানিকজাই । তেওঁ সামাজিক মাধ্যম যোগে পাকিস্তানী ক্ৰিকেটাৰজনৰ এনে আচৰণৰ বাবে বাকী প্ৰতিযোগিতাৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনালে । তেওঁ লিখিলে এনেদৰে—-

“এয়া আছিফৰ দ্বাৰা চৰম পৰ্যায়ৰ মুৰ্খতা । তেওঁক বাকী টুৰ্ণামেন্টৰ পৰা নিষিদ্ধ কৰা উচিত । যিকোনো বলাৰ সফল হ’লে উদযাপন কৰাৰ অধিকাৰ আছে । কিন্তু ই শাৰিৰীক হোৱাটো একেবাৰ গ্ৰহণযোগ্য নহয় ।”

ইফালে এই ঘটনা সন্দৰ্ভত মুখ খুলিছে পাকিস্থানৰ প্ৰাক্তন ক্ৰিকেটাৰ চোৱেইব আখতাৰে । তেওঁৰ নিজৰ ইউটিউব চেনেল যোগে আফগানিস্তানৰ ফৰিদ আহমেদ মালিকৰ আচৰণৰ ওপৰত প্ৰশ্ন তুলিছে । আখতাৰে কয়, ” আমি এখন ৰাষ্ট্ৰ হিচাপে আফগানিস্তানক তেওঁলোকৰ কঠিন সময়ত সদায় সমৰ্থন কৰো । আছিফ আলী আউট হোৱাৰ পাছত তেওঁক কিয় ঠেলি দিয়া হৈছিল ? আনকি তেওঁক কিয় গালি গালাজ কৰা হৈছিল ? ”

 

এই ঘটনাৰ বাবেই আফগানিস্তানক আল্লাই শাস্তি দিয়া বুলি মন্তব্য কৰিছে আখতাৰে ।
খেলপথাৰত দুগৰাকী তাৰকা ক্ৰিকেটাৰৰ বিবাদে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে । এছিয়া কাপৰ দৰে সন্মানজনক টুৰ্ণামেন্টত এনে দৃষ্টিকটু দৃশ্য দুয়োখন দেশৰ ক্ৰিকেট ক্ষেত্রৰ বাবে দুৰ্ভাগ্যজনক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments