Wednesday, August 10, 2022
HomeNewsএছিয়া কাপত ভাৰত-পাকিস্থানৰ হাই ভল্টেজ মেচ

এছিয়া কাপত ভাৰত-পাকিস্থানৰ হাই ভল্টেজ মেচ

অলিম্পিয়া প্ৰতিবেদন

সমাগত এছিয়া কাপ । পুনৰ সমুখ সমৰত নামিব ভাৰত বনাম পাকিস্তান । মংগলবাৰে এছিয়া কাপৰ সময়সূচী ঘোষণা ।

অহা ২৭ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈ ডুবাইত অনুষ্ঠিত হ’ব বহু প্ৰতীক্ষিত এছিয়া কাপ ক্ৰিকেট টুৰ্ণামেণ্ট । পুনৰ ভাৰত – পাকিস্থানৰ হাই ভল্টেজ মেচ প্ৰত্যক্ষ কৰিব বিশ্ববাসীয়ে । ২৮ আগষ্টৰ এছিয়া কাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান । মংগলবাৰে এছিয়া কাপৰ সময়সূচী ঘোষণা কৰা হৈছে । উদ্বোধনী মেচত অৱৰ্তীণ হ’ব শ্ৰীলংকা বনাম আফগানিস্তান ।
মংগলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব জয় শ্বাহে টুইটাৰযোগে এছিয়া কাপৰ সময়সূচী ঘোষণা কৰে । তেওঁ টুইট যোগে উল্লেখ কৰিছে এনেদৰে— ” অপেক্ষাৰ সময় অন্ত পৰিল । ২৭ আগষ্টৰ পৰা এছিয়ান ক্ৰিকেটত আৰম্ভ আধিপত্যৰ সংঘৰ্ষ । ফাইনেলৰ মহাৰণ অনুষ্ঠিত হ’ব ১১ ছেপ্টেম্বৰত । এছিয়া কাপৰ ১৫ সংখ্যক ছিজন টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে হৈ ৰ’ব আৰ্দশ । ”

উল্লেখযোগ্য যে, এইবাৰৰ এছিয়া কাপ শ্ৰীলংকাত আয়োজন কৰাৰ কথা আছিল যদিও ৰাজনৈতিক অস্থিৰতাৰ বাবে ইউ এ ইত অনুষ্ঠিত হ’ব ‌ প্ৰতিযোগিতাখনত ৬ টা দলে অংশগ্ৰহণ কৰিব । ইয়াৰ মাজতে ভাৰত-পাকিস্তানৰ মেচখনক লৈ উৎকন্ঠিত হৈ পৰিছে ক্ৰিকেট অনুৰাগী । বাবৰ আজম বাহিনীক ৰোহিত বাহিনীয়ে কিদৰে প্ৰতিহত কৰিব, সেয়া হ’ব লক্ষণীয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments