Friday, September 30, 2022
HomeNewsএছিয়া কাপত হংকঙক পৰাস্ত কৰি ছুপাৰ ফ'ৰত বাবৰ বাহিনী

এছিয়া কাপত হংকঙক পৰাস্ত কৰি ছুপাৰ ফ’ৰত বাবৰ বাহিনী

এছিয়া কাপত হংকঙক পৰাস্ত কৰি ছুপাৰ ফ’ৰত বাবৰ বাহিনী

অলিম্পিয়া প্ৰতিবেদন: এছিয়া কাপত হংকঙক পৰাস্ত কৰি ছুপাৰ ফ’ৰত বাবৰ বাহিনী । পুনৰ আন এক মেচত মুখামুখি হ’ব ভাৰত -পাকিস্তান । উৎকন্ঠিত ক্ৰিকেট বিশ্ব ।

চলিত এছিয়া কাপত অধিনায়ক বাবৰ আজমৰ নেতৃত্বত পাকিস্থানে চুপাৰ ফ’ৰত প্ৰৱেশ কৰিলে । শুক্ৰবাৰে গ্ৰুপ ৰাউণ্ডৰ অন্তিম মেচত খেলপথাৰত নামিল পাকিস্তান বনাম হংকং । তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত পাকিস্তানৰ হাতত নিৰ্লজ্জ আত্মসমৰ্পণ কৰিলে টীম হংকঙে । বৃহৎ ৰাণৰ ব্যৱধানত পাকিস্তানে ১৫৫ ৰাণত ধৰাশায়ী কৰিলে হংকঙক ।

প্ৰথমে বেটিং কৰি পাকিস্থানে ২ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৯৩ ৰাণৰ স্কৰ । পাকিস্তানৰ হৈ মহম্মদ ৰিজৱানে অপৰাজিত ৭৮ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । তেওঁৰ উপৰি ফখৰ জামানৰ বেটৰ পৰা আহিল অৰ্ধশতক । ইয়াৰ বিপৰীতে ১০ অভাৰ ৪ টা বলত ৩৮ ৰাণতেই অল আউট হল হংকং । দলীয়। শতকৰ ঘৰো স্পৰ্শ কৰিব নোৱাৰিলে হংকঙে ।

হংকঙৰ কোনো এগৰাকী বেটাৰেই দহকৰ ঘৰত ৰাণ সংগ্ৰহ কৰাত বিফল হয় । হংকং দলৰ অধিনায়ক নিজাকত খানে সৰ্বাধিক ৮ ৰাণ কৰি পেভেলিয়নলৈ উভতি আহে । ফলত অনায়াসে জয়ৰ মালা পিন্ধিলে বাবৰ বাহিনীয়ে ।
পাকিস্তানৰ দুৰ্দান্ত বলাৰ মহম্মদ নৱাজে ৩ টা, শাদাব খানে ৪টা উইকেটৰ পতন ঘটায় ।

এতিয়া, ৪ ছেপ্টেম্বৰ, দেওবাৰে ভাৰত-পাকিস্তান পুনৰ মুখামুখি হোৱাটো নিশ্চিত হৈ পৰিল । গ্ৰুপ ৰাউণ্ডৰ প্ৰথম মেচত ইতিমধ্যে ভাৰতে পাকিস্তানক ৫ উইকেটেত পৰাস্ত কৰিছে ।
আকৌ খেলপথাৰত দুয়োটা দলে প্ৰদৰ্শন কৰিব এখন উন্নাদনা ভৰপূৰ মেচ । ইয়াকে লৈ উৎকন্ঠিত ভাৰত- পাকিস্থানৰ কোটি কোটি ক্ৰিকেট অনুৰাগী । ভাৰতে পাৰিবনে পাকিস্থানক পুনৰ পৰাস্ত কৰিব ? অপেক্ষা মাথোন ৪ ছেপ্টেম্বৰলৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments