Tuesday, October 4, 2022
HomeNewsএছিয়া কাপৰ অনুশীলনত নাথাকিল ৰোহিত শৰ্মা

এছিয়া কাপৰ অনুশীলনত নাথাকিল ৰোহিত শৰ্মা

এছিয়া কাপৰ অনুশীলনত নাথাকিল ৰোহিত শৰ্মা , বিৰাট কোহলী,হাৰ্ডিক পাণ্ডিয়া

অলিম্পিয়া প্ৰতিবেদন

এছিয়া কাপৰ অনুশীলনত ব্যস্ত ভাৰতীয় দলৰ খেলুৱৈ । দেখা নগ’ল ৰোহিত শৰ্মা, বিৰাট কোহলি, হাৰ্ডিক পাণ্ডিয়াক । নাথাকিল প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো ।

ডুবাইত সগৌৰবেৰে অব্যাহত আছে এছিয়া কাপ ২০২২ । পাকিস্তানৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰাৰ পাছত দ্বিতীয়খন মেচত ভাৰতীয় দলে সমুখ সমৰত নামিব হংকঙৰ বিৰুদ্ধে । মেচৰ পূৰ্বে ভাৰতীয় দলক ‘প্ৰেক্টিছ ছেচনত’ তীব্ৰ অনুশীলনত ব্যস্ত থকা দেখা গৈছে । কিন্তু মঙলবাৰৰ এই প্ৰেক্টিছ ছেচনত দেখা নগ’ল তাৰকা ক্ৰিকেটাৰ কেইগৰাকীক । অনুশীলনৰ পৰা বিৰত থাকিল ভাৰতীয় দলৰ কেপ্টেইন ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলি, হাৰ্ডিক পাণ্ডিয়া , ভূৱনেশ্বৰ কুমাৰ, আবেশ খান, সূৰ্যকুমাৰ যাদৱ । আনকি দলটোৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়কো দেখা নগল খেলপথাৰত ।
কিন্তু কিয় ? প্ৰকৃততে হংকঙৰ বিৰুদ্ধে মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ এয়া আছিল অপচনেল প্ৰেক্টিছ ছেচন । প্ৰতিখন মেচৰ পূৰ্বে এটা অপচনেল প্ৰেক্টিছ ৰখা হয় । পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনৰ পূৰ্বেও ৰখা হৈছিল অপচনেল প্ৰেক্টিছ ছেচন । দলীয় মেনেজমেণ্টৰ সিদ্ধান্ত অনুসৰি আজিকালি প্ৰতিখন মেচৰ আগত ৰেগুলাৰ প্ৰেক্টিছ ছেচনৰ উপৰি এখন অপচনেল প্ৰেক্টিছ ছেচন ৰখা হয় —- য’ত খেলুৱৈসকলে অনুশীলন কৰাটো বাধ্যতামূলক নহয় । এই অপচনেল প্ৰেক্টিছ ছেচনত কোনোবা খেলুৱৈয়ে যদি অনুশীলন কৰিব নিবিচাৰে তেওঁ নিজৰ পচন্দ অনুসৰি হোটেলত আৰাম কৰিব পাৰে অথবা নিজৰ অন্য কোনো কামত ব্যস্ত থাকিব পাৰে । এইবাবেই অনুশীলন কৰি থকা দেখা নগল ৰোহিত শৰ্মা, বিৰাট কোহলি, হাৰ্ডিক পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, আবেশ খান, সূৰ্যকুমাৰ যাদৱৰ লগতে কোচ ৰাহুল দ্ৰাবিড়ক । এগৰাকী কোচ হিচাপে দলটোৰ নিৰীক্ষণৰ বাবে দ্ৰাবিড়ৰ উপস্থিতি নিতান্তই প্ৰয়োজন আহিল । কিয়নো হংকঙৰ বিৰুদ্ধে খেলিবলগা এই মেচখনৰ জয়ৰ ওপৰতেই নিৰ্ভৰ কৰিছে এছিয়া কাপত টীম ইণ্ডিয়াৰ ভৱিষ্যত । হংকঙৰ বিৰুদ্ধে মেচখনত জয়ী হ’লেহে ছুপাৰ ফৰৰ মেচৰ বাবে যোগ্যতা অর্জন কৰিব ৰোহিত বাহিনীয়ে । তদুপৰি প্ৰতিখন অপচনেল প্ৰেক্টিছ মেচত আন খেলুৱৈ উপস্থিত নাথাকিলেও কোচগৰাকীক উপস্থিত থকা কিন্তু দেখা পোৱা যায় ।
এতিয়া অপেক্ষা মাথো ৩১ আগষ্টত হ’বলগা ইণ্ডিয়া – হংকঙৰ মেচখনলৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments