Friday, September 30, 2022
HomeNewsএছিয়া কাপৰ পৰা প্ৰস্থানৰ দুৱাৰদলিত ভাৰত

এছিয়া কাপৰ পৰা প্ৰস্থানৰ দুৱাৰদলিত ভাৰত

এছিয়া কাপৰ পৰা প্ৰস্থানৰ দুৱাৰদলিত ভাৰত

অলিম্পিয়া প্ৰতিবেদন: ছুপাৰ ফ’ৰত ধাৰাবাহিক পৰাজয় ৰোহিত বাহিনীৰ । শ্ৰীলংকাৰ হাতত পৰাভূত টীম ইণ্ডিয়া । ৰোহিতৰ অৰ্ধশতকেও পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা নকৰিলে মেন ইন ব্লুক । এছিয়া কাপৰ পৰা প্ৰস্থানৰ দুৱাৰদলিত ভাৰত ।

এছিয়া কাপৰ ছুপাৰ ফ’ৰত পৰাজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ আছে টীম ইণ্ডিয়াৰ । পাকিস্তানৰ হাতত ৫ উইকেটত পৰাস্ত হোৱা টীম ইণ্ডিয়াই পুনৰ ছুপাৰ ফ’ৰৰ দ্বিতীয় মেচতো জয়ৰ মুখ নেদেখিলে । মংগলবাৰে সমুখ সমৰত নামিল ভাৰত আৰু শ্ৰীলংকা । প্ৰথমে বেটিং কৰি ভাৰতে ৮ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৭৩ ৰাণ । খেলৰ প্ৰথম ভাগতে অপেনাৰ কে এল ৰাহুল আৰু বিৰাট কোহলিৰ উইকেট হেৰুৱালে ভাৰতে । গভীৰ চাপৰ মাজতে অধিনায়ক ৰোহিত শৰ্মাই দলটোক অগ্ৰগতি প্ৰদান কৰে ।

ৰোহিতে এই মেচত কৰিলে অৰ্ধশতক । ৰোহিতে ৪১ টা বল খেলি সংগ্ৰহ কৰিলে ৭২ ৰাণ ।। অধিনায়কজনৰ ইংনিছটোত আছিল ৫ টা বাউণ্ডেৰী আৰু ৪ টা অভাৰ বাউণ্ডেৰী । আনহাতে ভাৰতীয় দলৰ হৈ সূৰ্যকুমাৰ যাদৱেও ২৯ টা বল খেলি দললৈ ৩৪ ৰাণৰ বৰঙণি আগবঢ়ায় ।

এইবাৰ ১৭৪ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল শ্ৰীলংকা । শ্ৰীলংকান বেটাৰৰ অদমনীয় প্ৰদৰ্শনত উফৰি পৰিল ভাৰতীয় এজনৰ পাছত আনজন বলাৰ । শ্ৰীলংকাৰ হৈ নিষাঙ্ক আৰু মেনডিছে কৰিলে অৰ্ধশতক । এই দুয়োজন আউট হোৱাৰ পাছত ৰাজাপাকছা আৰু ছানকাই শ্ৰীলংকাক জয়ৰ মুখলৈ লৈ যায় । ১৯ অভাৰ ৫ টা বলত জয়ৰ লক্ষ্যত উপনীত হ’ল টীম শ্ৰীলংকা । ৪ টা উইকেট হেৰুৱাই শ্ৰীলংকাই সংগ্ৰহ কৰিলে ১৭৪ ৰাণ । ফলত ৬ উইকেটত জয়ী হ’ল শ্ৰীলংকা ।

এছিয়া কাপৰ ছুপাৰ ফ’ৰত এয়া ভাৰতৰ দ্বিতীয়টো পৰাজয় । এই পৰাজয়ৰ লগে লগে এছিয়া কাপৰ পৰা বিদায় প্ৰায় নিশ্চিত ল’লে ৰোহিত বাহিনীয়ে । ভাৰতৰ এই প্ৰদৰ্শনত সুখী নহয় দেশৰ ক্ৰিকেট অনুৰাগী । ছুপাৰ ফৰত ভাৰতৰ এনে ছন্দপতন কিয় ? সকলোৱে আশা কৰিছে এছিয়া কাপত হেৰুৱা ছন্দ ঘূৰাই পাওক টীম ইণ্ডিয়াই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments