Tuesday, October 4, 2022
HomeNewsএছিয়া কাপৰ পৰা বাহিৰ ভাৰত

এছিয়া কাপৰ পৰা বাহিৰ ভাৰত

এছিয়া কাপৰ পৰা বাহিৰ ভাৰত

অলিম্পিয়া প্ৰতিবেদন: এছিয়া কাপৰ পৰা বাহিৰ ভাৰত । পাকিস্তানে চূৰমাৰ কৰিলে টীম ইণ্ডিয়াৰ আশা । নাছিম শ্বাহৰ দুটা অভাৰ বাউণ্ডেৰীৰ সহায়ত জয়ৰ লক্ষ্যত উপনীত পাক দল । ফাইলেনত মুখামুখি হ’ব পাকিস্তান বনাম শ্ৰীলংকা ।

বুধবাৰে এছিয়া কাপত বিজয়ৰ নায়কত পৰিণত হ’ল পাকিস্তানী ক্ৰিকেটাৰ নাছিম শ্বাহ । ৪ টা বল বাকী থকা অৱস্থাত পাকিস্তানক বিজয় লক্ষ্যত উপনীত কৰালে নাছিমে । নাছিম শ্বাহৰ ২ টা অভাৰ বাউণ্ডেৰীৰ সহায়ত জয়ৰ মালা পিন্ধিলে বাবৰ বাহিনীয়ে । বুধবাৰে এছিয়া কাপৰ ছুপাৰ ফ’ৰত হাই ভল্টেজ মেচত অৱতীৰ্ণ হ’ল পাকিস্তান বনাম আফগানিস্তান । প্ৰথমে বেটিং কৰি আফগান দলে সংগ্ৰহ কৰিলে ১২৯ ৰাণ ।

পাকিস্তানী দুৰ্দান্ত বলাৰৰ হাতত এটা এটাকৈ মুঠ ৬ টা উইকেট খহিল আফগানিস্তানৰ । আফগানিস্তানৰ হৈ জাদ্ৰানে সৰ্বাধিক ৩৫ ৰাণৰ ইংনিছ খেলে । ইফালে, ১৩০ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল বাবৰ বাহিনী । কম স্কৰিঙৰ মেচ হলেও আফগানৰ ফিল্ডিং আৰু বলিং ত্রাসত থৰকাচুতি হেৰুৱালে পাকিস্থানী বেটাৰে । শূন্যতেই পেভেলিয়নলৈ উভতিল অধিনায়ক বাবৰ আজম ।

সেইদৰে দুৰ্দান্ত বেটাৰ ৰিজৱানো ২০ ৰাণ কৰিয়েই আউট হয় । গভীৰ চাপত থকা অৱস্থাত চাদাব খানে পাকিস্তানক জয়ৰ দিশে অগ্ৰসৰ কৰালেও তেওঁ উইকেটত সৰহপৰ টিকিব নোৱাৰিলে । চাদাবৰ পতনৰ লগে লগে দিগবিদিগ হেৰুৱালে পাক দলে । ইতিমধ্যে ১৯ অভাৰতে পাকিস্তানে হেৰুৱালে ৯ টাকৈ উইকেট । শেষৰ ৬ টা বলত জয়ৰ বাবে পাকিস্তানক প্ৰয়োজন আছিল ১১ ৰাণ ।

ইফালে অন্তিম অভাৰত পাকিস্তানৰ হৈ ক্ৰীজত থাকিল বলাৰ নাছিম শ্বাহ আৰু মহম্মদ হাছনাইন । সকলো ক্ৰিকেট অনুৰাগীয়ে ভাবিছিল খেলখনত আফগানিস্তানে জয়লাভ কৰিব । পিছে নাছিম শ্বাহৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সহায়ত ক্ৰিকেট বিশ্বক চমকিত কৰি তুলিলে পাকিস্তান দলে । অন্তিম অভাৰৰ দুটা বলতেই নাছিম শ্বাহে ফজলহক ফাৰুকিৰ বলত কোবালে ছিক্সাৰ । ফলত ১৯ অভাৰ ২ টা বলতেই জয়ৰ লক্ষ্যত উপনীত হ’ল টীম পাকিস্তান ।

এই ৰোমাঞ্চকৰ বিজয়ৰ পাছত ফাইনেলত প্ৰৱেশ কৰিলে টীম পাকিস্তান । ১১ ছেপ্টেবৰত এছিয়া কাপৰ ফাইনেলত মুখামুখি হ’ব শ্ৰীলংকা বনাম পাকিস্তান ।

বুধবাৰৰ পাকিস্থান আৰু আফগানিস্তানৰ খেলখনৰ ওপৰতেই নিৰ্ভৰ কৰিছিল এছিয়া কাপত ভাৰতৰ জীৱন ৰেখা । কিন্তু পাকিস্তানে যে সেই আশা পূৰ্ণ হ’বলৈ নিদিলে ভাৰতৰ ! বৃহস্পতিবাৰে নিয়মমাফিক খেলত অৱতীৰ্ণ হ’ব ভাৰত বনাম আফগানিস্তান ।

এইদৰে এতিয়া এছিয়া কাপৰ পৰা বিদায় ল’লে টীম ইণ্ডিয়াই । নিৰাশাত অজস্ৰ অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments