Tuesday, October 4, 2022
HomeNewsএছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মেছত এক আবেগিক মুহূৰ্ত

এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মেছত এক আবেগিক মুহূৰ্ত

ছচিয়েল মিডিয়াত ভাইৰেল এক ভিডিঅ” । কান্দি কান্দি খেলপথাৰৰ পৰা বাহিৰ ওলাইছে এগৰাকী খেলুৱৈ । এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মেছত এক আবেগিক মুহূৰ্ত । উপস্থিত দৰ্শকৰ চকুত চকুপানী ।

অব্যাহত আছে এছিয়া কাপ ২০২২ । ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত এছিয়া কাপৰ দ্বিতীয়খন মেচত জয়ী হয় ভাৰত । কিন্তু এইখন মেচত পাকিস্তানৰ এজন খেলুৱৈয়ে জয় কৰিবলৈ সক্ষম হয় বিশ্ব ক্ৰিকেটৰ প্ৰতিজন অনুৰাগীৰ হৃদয় । তেওঁ হৈছে পাকিস্তানৰ বেগী বলাৰ নাচিম শ্বাহ । সদ্যহতে ভাইৰেল হৈছে নাচিম শ্বাহৰ এটি ভিডিঅ’ । ভিডিঅ’টোত নাচিম শ্বাহক দেখা গৈছে কান্দি কান্দি খেলপথাৰৰ পৰা ড্ৰেছিং ৰুমলৈ আহি থকা অৱস্থাত ।

উল্লেখযোগ্য যে খেলৰ মাজতেই আঘাতপ্ৰাপ্ত হয় পাকিস্তানৰ বেগী বলাৰজন । কিন্তু আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো দলটোৰ বাবে শেষ মুহূৰ্তলৈকে খেলি গ’ল তেওঁ । সঁচা অৰ্থত এজন খেলুৱৈ কাক কয় যেন শিকাই গ’ল বিশ্ববাসীক । এই দৃশ্য‌ই আবেগিক কৰি তুলিলে উপস্থিত প্ৰতিজন দৰ্শকৰ লগতে টিভি পৰ্দাত মেচখন প্ৰত্যক্ষ কৰা অজস্ৰ ক্ৰিকেটপ্ৰেমীক । মাংসপেশীৰ প্ৰচণ্ড বিষত চটফটাই থাকিও নিজ দলটোক জয়ী কৰিবৰ বাবে কৰা চেষ্টাই চমকিত কৰি তুলিছিল বিশ্ববাসীক । কিমান বিষ সহ্য কৰি খেলি আছিল তেওঁ সেয়া সমগ্ৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে । কিন্তু শেষ মুহূৰ্তলৈকে যুঁজি যুঁজি শেষত হাৰ মানিবলগীয়া হোৱাত কান্দি কান্দি তেওঁ খেলপথাৰৰ পৰা ড্ৰেছিং ৰুমলৈ অহা দৃশ্যই প্ৰতিজন দৰ্শককেই আবেগিক কৰি তুলিলে । হয়তো নাচিম শ্বাহে ভাবিছিল যে তেওঁ আঘাত নোপোৱা হ’লে দলটোৱে জয়লাভ কৰিব পাৰিলেহেঁতেন ! কিন্তু দুৰ্ভাগ্যক্ৰমে শৰীৰে তেওঁক সংগ নিদিলে । মেচখনত ভাৰত ঠিকেই জয়ী হ’ল কিন্তু হৃদয় জয় কৰিলে নাচিম শ্বাহে । স্পৰ্টছমেন স্পিৰিট ইয়াকে কয় বোধহয় !

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments