Thursday, July 7, 2022
HomeNewsএছিয়া কাপ ফুটবলৰ বাবে বৃহৎ প্ৰস্তুতি ভাৰতৰ

এছিয়া কাপ ফুটবলৰ বাবে বৃহৎ প্ৰস্তুতি ভাৰতৰ

২০২৭ চনত ভাৰতত এছিয়ান কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আবেদন জনাইছে। প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ ভাৰতে এক অভিলাষী আঁচনিও যুগুতাই উলিয়াইছে। সৰ্বভাৰতীয় ফুটবল ফেডাৰচে প্ৰকাশ কৰা ‘বিড বুক’ত প্ৰতিযোগিতাখনৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিছে। আঁচনিখনৰ অনুসৰি প্ৰতিযোগিতাখনৰ বাবে মুঠ ৩১৮.৬৫ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰিও ১১ খন মহানগৰৰ ১২ খন খেল ষ্টেডিয়ামত মেচসমূহ অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰিছে। আহমেদাবাদ, ভূৱনেশ্বৰ, গোৱা, গুৱাহাটী, হায়দৰাবাদ, কোচি, কলকাতা, নৱি মুম্বাই, নতুন দিল্লী, পুনে আৰু থিৰুঅনন্তপুৰমক প্ৰতিযোগিতাখনৰ আয়োজক চহৰ হিচাপে ৰাখিছে। আনহাতে প্ৰতিযোগিতাৰ চূড়ান্ত খেল খনৰ স্থান কলকাতাৰ ছল্ট লেক ষ্টেডিয়াম নিৰ্ধাৰণ কৰা হৈছে।

সৰ্বভাৰতীয় ফুটবল ফেডাৰচনে যি বাজেট ধাৰ্য কৰিছে তাৰ ৯২.২০কোটি টকা ষ্টেডিয়ামৰ আধুনিকীকৰণ, অনুশীলনৰ সা-সুবিধাৰ বাবে, ৫৫ কোটি নিৰাপত্তাৰ বাবে, আয়োজক কমিটিৰ কাম কাজৰ বাবে ৫৭ কোটি টকা নিৰ্ধাৰণ কৰা।হৈছিল। আনহাতে ফেডাৰচনে পৰ্যটকৰ জৰিয়তে ১০০ নিযুত মাৰ্কিন ডলাৰ, টিকটৰ পৰা ৭৬ কোটি টকা আহৰণৰ লক্ষ্য হাতত লৈছে।

মনকৰিবলগীয়া যে ভাৰতৰ লগতে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ বিডত অংশগ্ৰহণ কৰিছে ইৰাণ, কাটাৰ আৰু ছৌদি আৰৱে। ২০২১ চনত প্ৰতিযোগিতাখনৰ আয়োজক দেশৰ নাম ঘোষণা কৰা হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments