Tuesday, October 4, 2022
HomeNewsএটাও বল নেখেলাকৈয়ে ভাৰতীয় মহিলা ক্ৰিকেট দল প্ৰৱেশ কৰিলে ফাইনেলত

এটাও বল নেখেলাকৈয়ে ভাৰতীয় মহিলা ক্ৰিকেট দল প্ৰৱেশ কৰিলে ফাইনেলত

মহিলা টি-২০ বিশ্বকাপ ক্ৰিকেটত ইতিহাস সৃষ্টি কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে।

অৱশ্যে আই চি চিৰ এই মেগা ইভেণ্টখনৰ ফাইনেলত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ভাৰতীয় দলটোৱে এটাও বলৰ সন্মখীন হ’বলগীয়া ন’হল। ছেমি ফাইনেলত এটাও বলৰ সন্মুখীন নোহোৱাকৈয়ে ভাৰতীয় দলটোৱে আজি ফাইনেলত প্ৰৱেশ কৰিছে।

ইংলেণ্ডৰ বিপক্ষে অনুষ্ঠিত হোৱা ছেমি ফাইনেলখনত বৰষুণৰ বাবে এটাও বল খেল পথাৰত নপৰিল। যাৰ বাবে মেচখন অমিমাংসিত হয় যদিও ভাৰতেই ফাইনেলত প্ৰৱেশ কৰিছে।

অৱশ্যে প্ৰতিযোগিতাখনত বৰ্তমানলৈকে ভাৰতীয় দলটোৱেসকলো মেচত জয় লাভ কৰাৰ সুৱাদতেই প্ৰতিযোগিতাখনৰ ফাইনেলত উপনিত হয়। এখনো মেচত পৰাজয় নকৰাৰ বাবে ভাৰতীয় দলটো গ্ৰুপ লীগত শীৰ্ষস্থানত আছিল। যাৰ বাবে ভাৰতে এই সুবিধা লাভ কৰিলে।


উল্লেখ্য যে প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন ৮ মাৰ্চত অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments