এতিয়াৰে পৰা ভাৰতত অনুষ্ঠিত প্ৰতিটো টেষ্ট শৃংখলাৰ এখনকৈ টেষ্ট হ’ব দিবা-নৈশ। টেষ্ট ক্ৰিকেটক জীয়াই ৰাখিবলৈকে এইদৰে টেষ্ট ক্ৰিকেটক নতুনত্ব প্ৰদান কৰিব লাগিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে।
মনকৰিবলগীয়া যে ভাৰততে আজিৰ পৰা প্ৰায় ডেৰ বছৰ পূৰ্বে ইডেন গাৰ্ডেনত গোলপীয়া ৰঙৰ বলৰ সৈতে অনুষ্ঠিত কৰিছিল প্ৰথমখন দিবা-নৈশ টেষ্ট। বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্টখনক লৈ সৃষ্টি হৈছিল উৎকণ্ঠা। দৰ্শকৰ মাজত সৃষ্টি হৈছিল কৌতুহল। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই দিবা- নৈশ টেষ্ট উপভোগ কৰিবলৈ ষ্টেডিয়াম ভৰি পৰিছিল দৰ্শকে।
ইয়াৰ পিছত ভাৰতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত এডিলেইডত দ্বিতীয়খন দিবা-নৈশ টেষ্টত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত এতিয়া ভাৰতে তৃতীয়খন দিবা নৈশ টেষ্টত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে। ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট হ’ব দিবা নৈশ। আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এইখন টেষ্ট। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ। ১ লাখ ১০ হাজাৰ আসন থকা ষ্টেডিয়ামখনত ক’ভিড প্ৰ’টকল মানি উপস্থিত থাকিব প্ৰায় ৫৫ হাজাৰ দৰ্শক।
উল্লেখ্য যে সৌৰভ গাংগুলীয়ে উল্লেখ কৰা অনুসৰি টেষ্ট ক্ৰিকেটক জীয়াই ৰাখিবলৈ এতিয়াৰে পৰা প্ৰতিখন টেষ্ট শৃংখলাতে থাকিব একোখনকৈ দিবা-নৈশ টেষ্ট। পিছে এই দিবা-নৈশ টেষ্টৰ উৎকণ্ঠা কিমান দিনলৈ দৰ্শকৰ মাজত থাকিব সেয়া লক্ষণীয় হৈ ৰ’ব।