হিমাৰ লগত তুলনা কৰাৰ বাবেই এথলেটিকছ ফেডাৰচন অৱ ইণ্ডিয়াৰ ওপৰত দুতী চান্দৰ খং উঠিছে। কেৱল খং উঠাই নহয়, দুতীয়ে হিমাই ট্ৰেক সলনি কৰাৰ বাবেও প্ৰশ্ন উত্থাপন কৰিছে।
দৰাচলতে শুক্ৰবাৰে হিমা আৰু দুতী চান্দে পাটিয়ালাস্থিত NSNIS ত অনুষ্ঠিত হ’বলগীয়া গ্ৰা পি-২ ত মুখামুখি হ’ব। আঘাতৰ সমস্যাৰ বাবে ৪০০ মিটাৰ ইভেণ্ট এৰি হিমাই ১০০ মিটাৰ আৰু ২০০ মিটাৰ ইভেণ্টত মনোনিবেশ কৰিছে। ইফালে দুতী চান্দে এই ইভেণ্টত ইতিমধ্যে ২০১৮ চনৰ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছে। সেয়ে কালিলৈ অনুষ্ঠিত হ’বলগীয়া গ্ৰা পি-২ ত পোন প্ৰথমবাৰৰ বাবে দুতী আৰু হিমা মুখামুখি হ’ব। যাৰ বাবে এই প্ৰতিযোগিতাৰ প্ৰচাৰৰ বাবে এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াই দুতী আৰু হিমাৰ নাম ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰতিযোগিতাখনৰ প্ৰচাৰ চলাইছে। যাৰ বাবে খং উঠিছে দুতীৰ।
দৈনিক ভাস্কৰৰ লগত হোৱা এক সাক্ষাৎকাৰত দুতীয়ে কৈছে, হিমা কোনো অলিম্পিক বা এছিয়ান গ’ল্ড মেডেলিষ্ট নহয় মোৰ তুলনা কৰিবলৈ।
তেওঁ কৈছে যে, হিমাই কেতিয়াও ১০০, ২০০ মিটাৰত অংশগ্ৰহণ কৰা নাই। তেওঁৰ লগত ফেডাৰচনে মোৰ তুলনা কিয় কৰি আছে? হিমা আৰু মোৰ বাহিৰে কি বেলেগ এথলিট নাই নেকি? আমাৰ দুয়োৰে মাজত দূৰত্ব বঢ়োৱাৰ চেষ্টা চলিছে নেকি? যদি ফেডাৰচনে এই ইভেণ্টৰ প্ৰচাৰ চলাবই বিচাৰে তেনে ধনেশ্বৰী আৰু অৰ্চনাৰ সহিতে অন্য এথলিটৰ নামো যোগ কৰক। হিমাই প্ৰথমে কেৱল ৪০০ আৰু ৮০০মিটাৰত হে অংশগ্ৰহণ কৰিছে। ৪০০মিটাৰত তেওঁ ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়িছে। এনে ক্ষেত্ৰত তেওঁ ১০০ মিটাৰত কিয় ভাগ লৈছে? কিবা নহয় কিবা ভুল নিশ্চয় হৈছে।
ইয়াৰ উপৰিও হিমাৰ প্ৰসংগত দুতীয়ে কয়,শুনিছোঁ হিমাৰ ‘বেক প্ৰবলেম’ আছে। এনেকুৱাত ৫০ মিটাৰ দৌৰিবলৈও কষ্টকৰ। তেওঁ ১০০ মিটাৰ ২০০ মিটাৰত দৌৰিব পাৰিলে ৪০০ মিটাৰ দৌৰাত কি অসুবিধা হয়? মোকো কওক এনেকুৱা কোন ডাক্তৰ আছে যিয়ে ‘বেক প্ৰবলেম’ত ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰাৰ পৰামৰ্শ দিয়ে আৰু ৪০০ মিটাৰ দৌৰিবলৈ বাধা প্ৰদান কৰে। মই ১৫ বছৰ ধৰি দৌৰি আছোঁ। যদি হিমাক ফেডাৰচনে ইমানেই ফাইটাৰ বুলি ভাবে তেনে এছিয়ান গেমছলৈ কিয় পঠিয়াই নিদিলে?
ইয়াৰ উপৰিও দুতীয়ে নিজৰ প্ৰসংগত কয় যে, মই কাৰো লগত প্ৰতিযোগিতা কৰিবলৈ প্ৰস্তুত নহয়। মই নিজৰ বেষ্ট টাইমিং ভংগ কৰিবলৈ প্ৰতিযোগিতাত নামিছো। মোৰ ১০০ মিটাৰত বেষ্ট টাইণিং ১১.২২চেকেণ্ড আছে। মই নিজকে উন্নত কৰি অলিম্পিক কোৱালিফাই কৰিব বিচাৰোঁ। গ্ৰা পি-১ ত মই ১০০ মিটাৰৰ বাবে ১১.৫১ চেকেণ্ড সময় লৈছিলোঁ। অৱশ্যে কৰ’নাৰ পিছত সেয়া প্ৰথম ইভেণ্ট আছিল। ২-৩ খন প্ৰতিযোগিতাত ভাগ লোৱাৰ পিছতে নিজৰ ফৰ্মলৈ ঘূৰি আহিম। মোৰ লগত কোন দৌৰিছে তাত মোৰ মতলব নাই।