Friday, August 12, 2022
HomeNewsএদিন চাকৰি এৰি গুছি আহিছিল খেলৰ বাবেই: অসম উশ্বুৰ তাৰকা খেলুৱৈ ৰজনী...

এদিন চাকৰি এৰি গুছি আহিছিল খেলৰ বাবেই: অসম উশ্বুৰ তাৰকা খেলুৱৈ ৰজনী দেউৰী

খেল ভালপোৱা এটা ল’ৰা। ইমানেই খেল ভাল পাইছিল যে খেলৰ বাবেই তেওঁ প্ৰতিৰক্ষা বিভাগৰ চাকৰিও বাদ দি গুছি আহিছিল ঘৰলৈ। চাকৰি বাদ দি গুছি অহা দেখি গাঁৱত সকলোৱে অজলা-অঁকৰা ল’ৰা বুলি তিৰস্কাৰ কৰিছিল। খেলক আন্তৰিকতাৰে ভাল পোৱাৰ আৰু উদাহৰণ আছে। প্রতিৰক্ষা বিভাগত সাধাৰণতে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক দখল কৰিলেই লাভ কৰা যায় পদোন্নতি। তেনে এখন প্ৰতিযোগিতাতে এবাৰ এজন প্ৰতিপক্ষৰ খেলুৱৈয়ে তেওঁক খেলখনত হৰাৰ বিনিময়ত উৎকোচ যাচিছিল।

কিন্তু কেইবালাখ টকাৰ প্ৰলোভন প্ৰত্যাখান কৰিছিল খেল ভালপোৱা এই যুৱকজনে। ধেমাজিৰ এখন ভিতৰুৱা অঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ জিকাৰ লগতে উশ্বুৰ ইণ্টাৰনেশ্বনেল চেম্পিয়নশ্বিপত পদক জয় কৰি অহা এই খেলুৱৈজনেই হৈছে ৰজনী দেউৰী। ধেমাজিৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰজনীৰ সৰুৰে পৰা খেলা-ধূলাৰ প্ৰতি আছিল তীব্ৰ আকৰ্ষণ। পঢ়া-শুনাত তেনেই কেঁচা আছিল। মাতৃ লীলা দেউৰী আৰু পিতৃ উপেন দেউৰীয়ে আন দহজন অভিভাৱকৰ দৰেই বিচাৰিছিল ল’ৰাই পঢ়ি-শুনি ডাঙৰ মানুহ হওঁক। ল’ৰা আছিল নাচোৰবান্দা। প্ৰথমে কীক বক্সিং, তাৰপাছত টাইকোৱানডো আৰু অৱশেষত উশ্বুৰ বিভিন্ন প্ৰতিযোগিতাত অংশ লৈ পদক বুটলিবলৈ সক্ষম হৈছিল। প্রথম অৱস্থাত পিতৃ-মাতৃয়ে বাধা দিছিল। কিন্তু এদিন বাতৰি-কাকতত ল’ৰাৰ সফলতাৰ বাতৰি পঢ়িবলৈ পাই পিতৃ মাতৃৰ ল’ৰাৰ প্ৰতি থকা মনোভাৱ সলনি হ’ল। আগৰ দৰে ল’ৰাই খেলিলে বেয়া নোপোৱা হ’ল। খং নকৰা হ’ল।

সেয়াই আৰম্ভণি। প্ৰথমে ৰাজ্যিক পৰ্য্যায়ত খেলি সুনাম অর্জন কৰা ৰজনীয়ে ২০০৭ চনত প্ৰথমখন ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত অংশ লয়। সেইবাৰ মিৰাটত অনুষ্ঠিত নেচনেল উশ্বু চেম্পিয়নশ্বিপত ৰজনীয়ে ব্ৰঞ্জৰ পদক দখল কৰে। তাৰ পাছত পুনৰ ২০১০ চনত ঝাৰখণ্ডত অনুষ্ঠিত উশ্বুৰ নেচনেল চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এনেদৰেই ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যোৱা ৰজনী এসময়ত চাৰ্ভিচেজ দলৰ এজন নিয়মীয়া খেলুৱৈ হিচাবে সকলোৰে চিনাকি হৈ পৰে।

এদিন চাকৰি এৰি গুছি আহিছিল সি:

ঘৰখনক আর্থিকভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্যে এছ এছ বিৰ চাকৰিৰ বাবে দৌৰিবলৈ ওলাই গৈছিল সি। ভাৱিছিল এছ এছ বিৰ ক্ৰীড়া শাখাত ভবিষ্যতে খেলাৰ সুযোগ পাব। চাকৰি জীৱন আৰম্ভ কৰাৰ কিছু দিন পাছত সি উৰ্ধতন বিষয়াক তাক খেলাৰ সুযোগ দিবলৈ অনুৰোধ জনাইছিল। কিন্তু এছ এছ বিত সি ভৰ্তি হৈছিল এজন সাধাৰণ জোৱানৰ ৰূপত। সেয়ে খেলাৰ অনুমতি লাভ কৰাৰ কোনো উপায় তাৰ বাবে উপলব্ধ নাছিল। যি আশা লৈ সি চাকৰিত সোমাইছিল সেই আশা পূৰণ নোহোৱাত চাকৰি ত্যাগ কৰি সি ঘৰ পালেহি। গাঁৱৰ ওচৰ চুবুৰীয়াই তাক মূৰৰ বিকৃতি ঘটা বুলিয়েই ক’বলৈ ধৰিলে। যি সময়ত মানুহে চাকৰিৰ বাবে হামৰাও কাঢ়ি ফুৰিছে, সেই সময়ত চাকৰি বাদ দি গুছি অহা কথাটো কোনেও সহজে ল’ব পৰা নাছিল। ঘৰত আহি পুনৰ উশ্বুৰ অনুশীলনত নামি পৰিল ৰজনী। পুনৰ নিজকে আন এক যাত্ৰাৰ বাবে সাজু কৰি তুলিলে।

চাৰ্ভিচেজৰ এজন নিয়মীয়া খেলুৱৈ হৈ জিলিকছে ৰজনী!

এছ এছ বিৰ চাকৰি এৰি ঘৰলৈ ঘূৰি অহাৰ পাছতো কচৰৎ এৰি দিয়া নাছিল ৰজনীয়ে। তেনেতে যদি এদিন খবৰ পালে যে আৰ্মীৰ ক্ৰীড়া শাখাৰ বাবে ল’ৰা ভৰ্তি হৈ আছে। সেই ৰেলীত অংশ লৈ ভাৰতীয় সেনালৈ নিৰ্বাচিত হ’ল ৰজনী। সেনাৰ খেলৰ শাখাত ভৰ্ত্তি হোৱাৰ পিছৰ পৰাই চাৰ্ভিচেজৰ হৈ প্ৰতিনিধিত্ব কৰি বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সুনাম অৰ্জন কৰি আহিছে ৰজনীয়ে। উশ্বুত চাৰ্ভিচেজৰ হৈ ২০১১ চনত ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক অৰ্জন কৰে ৰজনীয়ে। পুনৰ কেৰেলাত অনুষ্ঠিত ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ অর্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনে ৰজনীয়ে। তাৰোপৰি পাঁচবাৰকৈ ছিনিয়ৰ নেচনেল উশ্বুত পদক লাভ কৰিবলৈ সক্ষম হৈছে সুদক্ষ খেলুৱৈজনে। ২০১৩ চনত পোন প্ৰথমবাৰৰ বাবে ৰজনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত ভুমুকি মাৰে ৱৰ্ল্ড উশ্বু চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ জৰিয়তে। মালেছিয়াত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত ব্ৰঞ্জ লাভ কৰে ৰজনীয়ে। ইয়াৰ পিছতো বহুকেইবাৰ দেশক প্ৰতিনিধিত্ব কৰি দেশৰ লগতে ৰাজ্যলৈও সুনাম কঢ়িয়াই আনিছে ধেমাজিৰ এই সুদক্ষ উশ্বু খেলুৱৈজনে।তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান টুৰ্ণামেণ্ট হ’ল ইণ্ডোনেছিয়াত অনুষ্ঠিত সপ্তম চণ্ড ৱৰ্ল্ড উশ্বু চেম্পিয়নশ্বিপ,য’ত ৰজনীয়ে লাভ কৰিছিল ব্ৰঞ্জৰ পদক। পঞ্চম পাৰ্ছ কাপ উশ্বু চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা খেলুৱৈগৰাকীয়ে ২০১৬ চনত টাইৱানত অনুষ্ঠিত নৱম ছিনিয়ৰ এছিয়ান উশ্বু চেম্পিয়নশ্বিপতো লাভ কৰে ৰূপৰ পদক। ২০১৪ চনত এইগৰাকী অসম সন্তানে এছিয়ান গেমছটো ভাগ লৈছিল। সুদক্ষ উশ্বু খেলুৱৈজনৰ পৰৱৰ্তী লক্ষ্য দিল্লীত অনুষ্ঠিত হ’ব লগা এছিয়ান উশ্বু চেম্পিয়নশ্বিপ।

- Advertisment -
RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments