Thursday, July 7, 2022
HomeNewsএবছৰৰ বাবে পিছুৱাই দিলে থমাছ আৰু ওবেৰ কাপ

এবছৰৰ বাবে পিছুৱাই দিলে থমাছ আৰু ওবেৰ কাপ

অলিম্পিয়াৰ প্ৰতিবেদন

কৰ’না সংক্ৰমণৰ বাবে সমগ্ৰ বিশ্বত দীৰ্ঘসময়ৰ বাবে স্থবিৰতা। এক দীঘলীয়া স্থবিৰতাৰ মাজেৰে এতিয়া পুনৰ খেল পথাৰত খেলুৱৈৰ আগমন ঘটিছে। ক’ভিড প্ৰ’টকলৰ মাজেৰে আৰম্ভ হৈছে বিশ্বৰ বহু জনপ্ৰিয় প্ৰতিযোগিতা। চেম্পিয়নছ লীগ, ইউ এছ অপেনৰ পিছত ১৯ তাৰিখৰ পৰা আছে আইপিএল। অৱশ্যে এতিয়ালৈকে বেডমিণ্টনৰ ক্ষেত্ৰখন স্তব্ধ হৈয়ে আছে। অক্টোবৰ মাহৰ ৩ তাৰিখৰ পৰা ১২ তাৰিখলৈ ডেনমাৰ্কত থমাছ আৰু ওবেৰ কাপৰ জড়িয়তে বেডমিণ্টন ক্ষেত্ৰখনতো প্ৰতিযোগিতা আৰম্ভ কৰাৰ কথা আছিল। পিছে এতিয়া এই প্ৰতিযোগিতাখনো এবছৰৰ বাবে পিছুৱাই দিয়া হ’ল। এই বিষয়ে আজি বিশ্ব বেডমিণ্টন ফেডাৰেচনে ঘোষণা কৰিছে।

পুৰুষৰ চিংগলছৰ ১৩ বাৰৰ বিজয়ী ইণ্ডোনেছিয়া, কোৰিয়া, থাইলেণ্ড, অষ্ট্ৰেলিয়া, টাইৱান, চিংগাপুৰ আৰু হংকং আদি দেশৰ শ্বাটলাৰে নিজৰ নাম প্ৰতিযোগিতাৰ পৰা উঠাই লয়। ইয়াৰ পিছতে ভাৰতীয় তাৰকা শ্বাটলাৰ চাইনা নেহৱালৰ লগতে বহু কেইগৰাকী তাৰকা শ্বাটলাৰে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাক লৈ চিন্তিত হৈ পৰিছিল। অৱশ্যে বেডমিণ্টন এচ’ছিয়েচন অব ইণ্ডিয়াৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত চাইনাই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ মান্তি হৈছিল। কিন্তু চাইনাই কৈছিল প্ৰতিযোগিতাখনৰ পৰা ৭ খন শক্তিশালী দেশে নাম উঠাই লোৱাৰ পিছত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ কোনো অৰ্থ নাথাকিব।

মনকৰিবলগীয়া যে অক্টোবৰ মাহতে ডেনমাৰ্কত অনুষ্ঠিত হ’বলগীয়া ডেনমাৰ্ক চুপাৰ ৭৫০ প্ৰতিযোগিতা, ডেনমাৰ্ক মাষ্টাৰ্চ বেডমিণ্টন প্ৰতিযোগিতাও বাতিল কৰি দিয়া হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments