Tuesday, July 5, 2022
HomeNewsএভাৰেষ্ট জয়ী হেদায়েৎ আলীক সম্বৰ্ধনা

এভাৰেষ্ট জয়ী হেদায়েৎ আলীক সম্বৰ্ধনা

অলিম্পিয়া প্ৰতিবেদন

এভাৰেষ্টৰ শিখৰত আন এগৰাকী অসমীয়া ।
এভাৰেষ্ট আৰোহণ কৰি অসমত ভৰি দিলে হেদায়েত আলীয়ে । গুৱাহাটীত উষ্ম আদৰণি ।

অসমীয়াৰ স্বাভিমান গামোচাৰ চিহ্ন তেওঁৰ পৰ্বতাৰোহণৰ পোচাকত বিদ্যমান । ধৰ্মপত্নীয়ে মৰমেৰে পোচাকত এম্ব্ৰ‌ইডাৰী কৰিছে গামোচা । সেই গামোচা সংযুক্ত পোচাকেৰেই বিশ্বৰ সৰ্বোচ্চ শিখৰত ভৰি দিলে অসম সন্তানে । হাজোৰ পৰা গৈ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা হেদায়েত । যোৱা ১২ মে’ বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত বিশ্বৰ উচ্চতম শিখৰ মাউন্ট এভাৰেষ্টত তেওঁ উৰুৱালে ভাৰতৰ বিজয় নিচান । হেদায়েত আলীয়ে এই আৰোহণৰ বাবে প্ৰায় ৮ বছৰ অনুশীলন কৰিছিল । এভাৰেষ্টৰ পৰা আহি পোনে পোনে গুৱাহাটী পালেহি হেদায়েত আলী । শুক্ৰবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত দু:সাহসিক সংগঠন এক্সপ্ল’ৰাৰে আয়োজন কৰিলে এক সম্বৰ্ধনা অনুষ্ঠানৰ । ইয়াতে বিভিন্ন জনে অসম সন্তান গৰাকীক জনালে সম্ভাষণ । তেওঁ ঈশ্বৰক জনালে ধন্যবাদ ।

 

উল্লেখযোগ্য যে, হেদায়েত আলী হৈছে মাউন্ট এভাৰেষ্টৰ বুকুত খোজ থোৱা অসমৰ অষ্টম গৰাকী পৰ্বতাৰোহী । আলীয়ে এই অভিযান সম্পূৰ্ণ কৰি তুলিবৰ বাবে কেইবাবছৰ জুৰি শাৰীৰিক আৰু মানসিক ভাৱে প্ৰস্তুতি অব্যাহত ৰাখিছিল । অধ্যয়ন কৰিছিল গ্ৰন্থ । গ্ৰন্থৰ মাজত বিচাৰি ফুৰিছিল জীৱনৰ প্ৰকৃত ৰহস্য । মনৰ পৰা আঁতৰাই পেলাইছিল ভয় বা সংশয় ।

 

এভাৰেষ্টৰ সৰ্বোচ্চ শিখৰত যেতিয়া হেদায়েত উপনীত হৈছিল, তেতিয়া তেওঁ নিজকে বিশ্বাস কৰিব পৰা নাছিল । ১০ -১৫ মিনিট থকাৰ পাছত আকৌ উভতনি যাত্রাৰ চিন্তা কৰিছিল । বেছ কেম্প পোৱাৰ পাছতহে তেওঁৰ উপলব্ধি হ’ল– এভাৰেষ্ট অভিযান সফল হৈছে ।

 

এভাৰেষ্ট আৰোহণ অতিকৈ ভয়ানক । সাধাৰণতে এপ্ৰিল-মে’ মাহত এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ অনুমতি প্ৰদান কৰা হয় । এই বৰ্ষত প্ৰায় ৮০ খন দেশৰ পৰ্বতাৰোহীয়ে এই অভিযান চলাইছে । হেদায়েতে কলে এভাৰেষ্টৰ ট্ৰেফিক জামৰ কথা । ২০১৯ বৰ্ষত ট্ৰেফিক জামৰ ফলতেই ৭ জন লোকৰ মৃত্যু হৈছিল । তেওঁৰ এগৰাকী বন্ধুৰ এই শিখৰতে ট্ৰেফিক জামত মৃত্যু হৈছিল । এভাৰেষ্ট আৰোহণত মৃত্যু হোৱা বন্ধু জনৰ মৃতদেহ আজিও পৰি আছে সেই শিখৰত । এনে এক মৃতদেহৰ দমৰ মাজেদি এইগৰাকী অসম সন্তানে আৰোহণ কৰিলে এভাৰেষ্ট ।

 

উল্লেখযোগ্য যে, হেদায়েত আলীৰ দলটো আছিল মাউন্ট এভাৰেষ্টলৈ যোৱা এই ছিজনৰ প্ৰথমটো অভিযাত্ৰীৰ দল । হেদায়েত আলীৰ মাউন্ট এভাৰেষ্টৰ এই যাত্রাত আছিল ১১ জনীয়া এটি আন্তঃৰাষ্ট্ৰীয় দল ।

হেদায়েত আলীয়ে পৰ্বতাৰোহণ ক্ষেত্ৰত ৰোপন কৰিলে এক মাইলৰ খুটি । ক্ৰীড়া অনুৰাগীৰ আশা — হেদায়েত আলী নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰওক । এইগৰাকী অসমসন্তানক অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও যাচিলো অযুত শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments