Tuesday, July 5, 2022
HomeNewsএভাৰেষ্ট দিৱস উদযাপন

এভাৰেষ্ট দিৱস উদযাপন

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী প্ৰেছ ক্লাবত অসম এভাৰেষ্ট দিৱস উদযাপন । অসম ৰক এণ্ড স্প’ৰ্ট ক্লাইম্বিং এছচিয়েচনৰ উদ্যোগ । প্ৰবীণ পৰ্বতাৰোহীক সম্বৰ্ধনা ।

আজিৰ পৰা ঠিক নটা বছৰৰ পূৰ্বে ১৮ মে’ত অসমৰ প্ৰথমজন অভিযাত্রী হিচাপে বিশ্বৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰি ইতিহাস ৰচিছিল তৰুণ শইকীয়াই । এই বিশেষ দিনটো অসম ৰক এণ্ড স্প’ৰ্ট ক্লাইম্বিং এছচিয়েচনে অসম এভাৰেষ্ট দিৱস উদযাপন কৰি আহিছে । এই বৰ্ষতো তাৰ ব্যতিক্ৰম নহ’ল । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত আয়োজন কৰা হয় এভাৰেষ্ট দিৱস ।
এই অনুষ্ঠানতে স্মাৰক আৰু গামোচাৰে সম্বৰ্ধনা জনায় এভাৰেষ্ট আৰোহী তৰুণ শইকীয়া, মনীষ ডেকা, নৱ কুমাৰ ফুকন, হেনৰী ডেভিদ টেৰণ আৰু খৰছিং তেৰণক । সেইদৰে এই অনুষ্ঠানতে বিশেষ ভাৱে সম্বৰ্ধনা জনায় প্ৰবীণ পৰ্বাতাৰোহী অজিত কলিতা, প্ৰাণগোপাল ভাগৱতী, ৰাজেন্দ্ৰ প্ৰসাদ গৌতম, জিষ্ণু দত্ত গোস্বামীক ।

সম্বৰ্ধনা গ্ৰহণ কৰি আবেগিক হৈ পৰিল এভাৰেষ্ট জয়ী তৰুণ শইকীয়া । এভাৰেষ্ট জয় কৰা অভিজ্ঞতাৰ বিষয়ে পুনৰ ৰোমন্থন কৰিলে তেওঁ । লগতে, দুয়োটা বৃক্ক বিকল হৈ পৰাৰ পাছতো যিদৰে আৰ্থিক আৰু মানসিকভাৱে মানুহে সহায় কৰিলে, তাৰ শলাগ ললে তৰুণ শইকীয়াই । ইয়াৰ পাছতে অসমৰ দ্বিতীয় গৰাকী এভাৰেষ্ট জয়ী মনিষা ডেকায়ো উপস্থিত ৰাইজৰ আগত নিজৰ পুৰণি অভিজ্ঞতাৰ বিষয়ে দোহাৰিলে । সেইদৰে, দূৰ্দান্ত পৰ্বতাৰোহী নৱ কুমাৰ ফুকন আৰু হেনৰী ডেভিদ তেৰণেও উভতি গ’ল এভাৰেষ্ট জয়ৰ সেই অতীতৰ দিনবোৰলৈ ।

উল্লেখযোগ্য যে, এভাৰেষ্ট দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিল জ্যেষ্ঠ সাংবাদিক সুবোধমল্ল বৰুৱা, নিতুমণি শইকীয়া, প্ৰবীণ পৰ্বতাৰোহী পাৰ্বতী প্ৰসাদ বৰুৱা, অৰ্চনা ভট্ৰাচাৰ্য ,এছ’চিয়েচনৰ তৰফৰ পৰা ড০ দুৰ্লভ চমুৱা, প্ৰদীপ কুমাৰ আৰু বিপুল পাঠককে ধৰি পৰ্বতাৰোহণ ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ব্যক্তি ।

ক্ৰীড়া অনুৰাগীৰ আশা — অসমে লাভ কৰক আৰু অধিক সংখ্যক এভাৰেষ্ট আৰোহী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments