অলিম্পিয়া প্রতিবেদন
এযোৰ জোতাৰ অভাৱত খালি ভৰিৰেই ৰেচ ৱাকিঙৰ অনুশীলন কৰি অলিম্পিকলৈ যোগ্যতা অর্জন কৰা এগৰাকী খেলুৱৈ । যাৰ কঠোৰ জীৱন সংগ্ৰাম আজি বিশ্বৰ প্ৰতিগৰাকী খেলুৱৈৰ বাবে প্ৰেৰণাৰ উৎস । এনে এগৰাকী খেলুৱৈৰ জীৱনৰ কথাৰে আজিৰ অলিম্পিয়া স্পৰ্টছৰ এক বিশেষ প্রতিবেদন ।
নাম তেওঁৰ ভাৱনা জাট । ১৯৯৬ চনৰ ৰাজস্থানৰ ৰাজছমন্দ জিলাৰ কাব্ৰা গাঁৱৰ এটি অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী খেলুৱৈৰ পিতৃ আছিল এজন সাধাৰণ কৃষক । মাক দেউতাক আৰু দুজন ককায়েকৰ সৈতে এটি মাটিৰ সৰু ঘৰত বাস কৰা ভাবনাই এসাজ খাই আন এসাজৰ বাবে কৰিবলগা হৈছিল যথেষ্ট সংগ্ৰাম । আনকি মৌলিক অধিকাৰ শিক্ষাৰ ক্ষেত্ৰতো আহি পৰিছিল বাধা । ৰেচ ৱাকিং কি ভাৱনাই জনা নাছিল । জনা নাছিল অলিম্পিক কি । স্কুলৰ শাৰীৰিক নিৰ্দেশক হীৰালাল কুমাৱতে ভাবনাক পৰিচয় কৰাই দিয়ে ৰেচ ৱাকিঙৰ সৈতে আৰু তেনেদৰেই ভাবনাই ডিষ্ট্ৰিক্ট এডুকেচন এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । ভাবনাই পোনপ্ৰথমবাৰৰ বাবে প্ৰতিযোগিতামূলক ইভেণ্টত ভাগ লয় ২০১০ চনত অনুষ্ঠিত ৰাজস্থান এথলেটিকছ চেম্পিয়নশ্বিপত । য’ত তেওঁ ৩০০০ মি: ৰেচ ৱাক ইভেণ্টত নিজ স্কুলক প্রতিনিধিত্ব কৰিছিল । তাৰ পিছতেই ভাবনাই বিভিন্ন জিলাভিত্তিক টুৰ্ণামেণ্টসমূহত অংশগ্ৰহণ কৰি পদক বুটলিবলৈ আৰম্ভ কৰে । ভাবনাই সিদ্ধান্ত ল’লে ৰেচ ৱাকিঙকেই নিজৰ কেৰিয়াৰ হিচাপে ল’ব ।
কেৰিয়াৰৰ আৰম্ভণিতে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ভাৱনা । এগৰাকী খেলুৱৈ হিচাপে ভাবনাই হাফ পেন্ট পিন্ধি খেলপথাৰত অনুশীলন কৰিবলগা হৈছিল । কিন্তু এখন ৰক্ষণশীল সমাজত সেয়া আছিল নিষিদ্ধ আৰু ভাবনালৈ গাঁও পঞ্চায়তৰ পৰা নিৰ্দেশ আহিছিল তেনে নকৰিবলৈ । যাৰ ফলত পুৱা ৩.৩০ বজাতেই উঠি ঘৰৰ ওচৰৰে লেতেৰা গলি এটাত অনুশীলন কৰিবলগা হৈছিল ভাৱনাই । তথাপি ভাৱনা নিজ লক্ষ্যত কিন্তু স্থিৰ আছিল ।
২০১১-২০১৪ চনলৈ ভাবনাই বিভিন্ন জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিল । দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম অব্যাহত ৰাখি ভাৱনাই এযোৰ জোতাৰ অভাৱত খালি ভৰিৰেই বহুকেইখন প্ৰতিযোগিতাত অংশ ল’বলগা হৈছিল । পিছলৈ এযোৰ মাত্ৰ চেণ্ডেলেৰে অংশ লৈছিল প্ৰতিযোগিতাসমূহত । ভাৱনাৰ ভাষ্য, “মই প্রথম অৱস্থাত খালি ভৰিৰেই আৰু পিছলৈ মাত্ৰ এযোৰ ৰবৰৰ চেণ্ডেলেৰে প্ৰতিযোগিতাসমূহত অংশ লৈছিলো । কিন্তু পিছলৈ যেতিয়া মোক ৰবৰৰ চেণ্ডেলেৰে প্ৰতিযোগিতাত অংশ ল’ব দিয়া হোৱা নাছিল তেতিয়া দাদাই ৫০০ টকাৰে মোক এযোৰ জোতা কিনি দিছিল ।” ভাৱনাৰ এই সফলতাৰ আঁৰত আছে তেওঁৰ ককায়েকৰ যথেষ্ট কষ্ট আৰু ত্যাগ । ভাৱনাৰ অনুশীলনৰ বাবে ককায়েকে পঢ়া বাদ দি ২০১২ চনত উদয়পুৰৰ এটি ভাৰা ঘৰত থাকিবলৈ লয় । তাতেই ভূপাল নোবলছ ইউনিভাৰ্ছিটিৰ খেলপথাৰত ভাবনাই অনুশীলন আৰম্ভ কৰে । এটি ব্যক্তিগত কোম্পানীত ১০ হাজাৰ মাহিলী দৰমহাৰ টকাৰে ভনীয়েকক প্ৰতিযোগিতাসমূহলৈ পঠোৱাৰ লগতে থকা- খোৱা সকলো খৰছ বহন কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগা হৈছিল ককায়েকে । ভাৱনাই এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ অধীনত অথবা আন কোনোধৰণৰ ৰাষ্ট্ৰীয় শিবিৰত যোগদান কৰা নাছিল । সম্পূৰ্ণ নিজা খৰছত প্ৰশিক্ষণ গ্ৰহণ কৰিবলগা হৈছিল তেওঁ । ২০১৫ চনত ভাবনাই ২০ কি:মি: জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেচ ৱাক ইভেণ্টত ৰূপৰ পদক পাবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত জুনিয়ৰ ফেডাৰেচন কাপত তেওঁ স্বৰ্ণ পদক দখল কৰে । তাৰ পিছতেই ভাবনাই বেংগালুৰুৰ ছাইত (SAI) যোগদান কৰে ।
দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক কিছু সকাহ দিয়াৰ বাবে ২০১৬ চনত ভাৱনাই ইণ্ডিয়ান ৰেলৱেত টিকেট কলেক্টৰ হিচাপে যোগদান কৰে আৰু পৰিয়ালৰ সমস্ত দায়িত্ব মুৰপাতি লয় । ভাৱনাৰ এজন ককায়েক মানসিকভাৱে অসুস্থ আছিল — যাৰ চিকিৎসাৰ বাবেও প্ৰয়োজন হৈছিল বহুত টকা । পৰিয়ালৰ দায়িত্ব সমানে পালন কৰি ভাবনাই চলাই গৈছিল খেলৰ অনুশীলন । তাৰবাবে ইণ্ডিয়ান ৰেলৱেক অনুৰোধ জনাইছিল ‘পেইড লীভ’ৰ বাবে — যাতে চাকৰিৰ বাবে অনুশীলনত বাধা নাহে । আন্তঃৰেলৱে প্ৰতিযোগিতাত খেলাৰ প্ৰতিশ্ৰুতি দিলে ‘পেইড লীভ’ৰ অনুমতি প্ৰদান কৰা হ’ব বুলি জনালে ৰেলৱে কৰ্তৃপক্ষই । এনেদৰেই ভাৱনাৰ ইণ্ডিয়ান ৰেলৱেৰ সৈতেও খেলৰ যাত্ৰা আৰম্ভ হ’ল । ২০১৮ চনত লক্ষ্ণৌত .
আয়োজিত অল ইণ্ডিয়া ৰেলৱে এথলেটিকছত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে । ২০১৯ চনত পুনেত আয়োজিত ২০ কি:মি: ৰেচ ৱাকিঙত ভাৱনাই অৰ্জন কৰে স্বৰ্ণ পদক । ইমানবোৰ পদক অর্জনৰ পাছতো ইয়াৰ পাছত আৰু ভাবনাক ইণ্ডিয়ান ৰেলৱেৰ পৰা ‘পেইড লীভ’ দিয়া হোৱা নাছিল । যাৰবাবে ভাৱনাই ৰোহটকলৈ গৈ গুৰুমুখ চিহাগৰ তত্বাৱধানত থাকি অনুশীলন কৰাত বাধা আহি পৰিছিল । কাৰণ ৰোহটকত থাকি প্ৰশিক্ষণ ল’বলৈ খেলুৱৈ এগৰাকীৰ যথেষ্ট টকাৰ প্ৰয়োজন হয় । কিন্তু ভনীয়েকৰ সপোনবোৰ এনেদৰে আধাতে মৰহি যাবলৈ দিবপৰা নাছিল ককায়েক প্ৰকাশে । তেওঁ ভাৱনাৰ সকলো খৰছৰ দায়িত্ব ল’লে আৰু ভাৱনাক অনুশীলনৰ বাবে ৰোহটকলৈ পঠিয়ালে ।
২০২০ চনত ফেব্ৰুৱাৰীত ৰাঁচীত আয়োজিত ৰাষ্ট্ৰীয় চেম্পি়য়নশ্বিপৰ ২০ কি: মি: ৰেচ ৱাকিঙত নতুন ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়ি ২০২০ ৰ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিলে ভাবনাই । ভাবনাই ২০ কি: সম্পূৰ্ণ কৰে ১ ঘণ্টা ২৯ মিনিট আৰু ৫৪ ছেকেণ্ডত — য’ত অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰিবলৈ নিৰ্ধাৰিত সময় আছিল ১ঘণ্টা ৩১ মিনিট । টকিঅ’ অলিম্পিকত ৰেচ ৱাকিঙত অংশ লোৱা ভাৱনা হৈছে ভাৰতৰ একমাত্ৰ মহিলা এথলীট । টকিঅ’ত কোনো পদক জয় কৰিব নোৱাৰিলে যদিও ভাবনাৰ এই যাত্ৰা ৰূপকথাৰ দৰে । দৰিদ্ৰতা, সমাজৰ লাঞ্ছনা, চাকৰিৰ হেচা, বহন কৰিব নোৱৰা অনুশীলন ব্যয় — এই সকলো প্ৰতিবন্ধকতা নেওচি ভাবনাই অলিম্পিকত অংশগ্ৰহণ কৰিলে । এই সংগ্ৰামী যাত্ৰাৰ যোগেদি ভাবনাই পুনৰ প্ৰমাণ কৰি দেখুৱাই দিলে যে লক্ষ্য ঠিক থাকিলে কোনোধৰণৰ প্ৰতিবন্ধকতাই হেঙাৰ হ’ব নোৱাৰে ।।