Monday, July 4, 2022
HomeNewsএষ্টন ভিলাক পৰাস্ত কৰি ইংলিছ প্ৰিমিয়াৰ লীগত চেম্পিয়ন মানচেষ্টাৰ

এষ্টন ভিলাক পৰাস্ত কৰি ইংলিছ প্ৰিমিয়াৰ লীগত চেম্পিয়ন মানচেষ্টাৰ

এষ্টন ভিলাক পৰাস্ত কৰি ইংলিছ প্ৰিমিয়াৰ লীগত চেম্পিয়ন মানচেষ্টাৰ

অলিম্পিয়া প্ৰতিবেদন: ষষ্ঠবাৰৰ বাবে ইংলিছ প্ৰিমিয়াৰ লীগ ফুটবল টুৰ্ণামেণ্টৰ খিতাপ দখল কৰিলে মানচেষ্টাৰ চিটিয়ে । ইংলিছ প্ৰিমিয়াৰ লীগৰ অন্তিমখন মেচত এষ্টন ভিলাক ৩-২ গ’লত পৰাস্ত কৰাৰ লগে লগে মানচেষ্টাৰ চিটিয়ে লিভাৰপুলক অতিক্ৰম কৰি ষষ্ঠবাৰৰ বাবে ২০২১-২২ বৰ্ষৰ ইংলিছ প্ৰিমিয়াৰ লীগ দখল কৰিছে ।

আৰু অধিক পঢ়ক

পইণ্ট তালিকাত ৩৮ খনকৈ মেচ খেলি মানচেষ্টাৰ চিটিয়ে ৯৩ পইণ্টেৰে শীৰ্ষ স্থান অধিকাৰ কৰাৰ বিপৰীতে লিভাৰপুলে লাভ কৰিছে ৯২ পইণ্ট । মানচেষ্টাৰ চিটিয়ে ৩৮ খন মেচৰ ভিতৰত ২৯ খন জয় কৰাৰ বিপৰীতে ৬ খনত ড্ৰ’ খেলিছে আৰু ৩ খনত পৰাস্ত হৈছে । আনহাতে লিভাৰপুলে সমসংখ্যক মেচ খেলি ২৮ খনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে ৮ খন ড্ৰ’ খেলি ২ খনত পৰাজয় বৰণ কৰিছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

এই বিজয়ৰ লগে লগে মানচেষ্টাৰ চিটি ধাৰাবাহিকভাৱে দ্বিতীয় বাৰৰ বাবে ইংলিছ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন হৈছে । ইফালে মানচেষ্টাৰ চিটিৰ এই বিজয়ৰ লগে লগে লিভাৰপুলৰ এটা ছিজনত চাৰিটা খিতাপ জয়ৰ সপোনৰ সমাপ্তি ঘটিছে ।

লিভাৰপুলে ইতিমধ্যে লীগ কাপ আৰু এফ এ দখল কৰিছে । এনে পৰিস্থিতিত লিভাৰপুলে প্ৰিমিয়াৰ লীগ আৰু চেম্পিয়নছ লীগ দখল কৰি এটা ছিজনত চাৰিটা খিতাপ জয় কৰাৰ সপোন দেখিছিল ।

লিভাৰপুলৰ স্বপ্ন ভংগ কৰিলে মানচেষ্টাৰ চিটিয়ে

কিন্তু এই সপোন তেওঁলোকৰ সপোন হৈয়ে ৰ’ল । অৱশ্যে, লিভাৰপুলে চেম্পিয়নছ লীগ যদি জয় কৰিব পাৰে তেন্তে এটা ছিজনত তেওঁলোকৰ তিনিটা খিতাপ জয়ৰ স্বপ্ন পূৰণ হ’ব । ক্লাবটোৱে এতিয়া চেম্পিয়নছ লীগ দখলৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছে । লিভাৰপুলে অহা ২৯ মে’ত চেম্পিয়নছ লীগৰ ফাইনেলত মাদ্ৰিদৰ মুখামুখি হ’ব ।

এষ্টন ভিলাৰ বিৰুদ্ধে খেলখনত মানচেষ্টাৰ চিটিৰ হৈ ইলকে গুণ্ডোগানে দুটা গ’ল কৰি দলটোক বিজয় প্ৰদান কৰে । তেওঁৰ উপৰি ৰড্ৰিগো হাৰনাডজেৰ ভৰিৰ পৰাও অহা এটা গ’লে মানেচেষ্টাৰ চিটিৰ স্ক’ৰ বৃদ্ধি কৰে । এষ্টন ভিলাৰ হৈ মেটি কেছ আৰু ফিলিপ কোটিনহোৱে এটাকৈ গ’ল স্কোৰ কৰে ।

ইয়াৰ পূৰ্বে লিভাৰপুলেও তেওঁলোকৰ অন্তিম খন মেচ ৩-১ গ’লত জয় কৰিছিল । কিন্তু সেয়াই খিতাপ দখলৰ বাবে পৰ্যাপ্ত নাছিল । মানচেষ্টাৰ চিটিয়ে এষ্টন ভিলাৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ লগে লগে লিভাৰপুলৰ চেম্পিয়ন হোৱাৰ বাট বন্ধ হ’ল । যদিহে মানচেষ্টাৰ চিটিয়ে এষ্টন ভিলাৰ সৈতে হোৱা অন্তিমখন মেচত পৰজয় বৰণ কৰাহ’লে লিভাৰপুলৰ দখললৈ গ’ল হেঁতেন এই খিতাপ ।

উল্লেখ্য যে মানচেষ্টাৰ ইউনাইটেডে সৰ্বাধিক বাৰ ইংলিছ প্ৰিমিয়াৰ লীগৰ খিতাপ জয় কৰাৰ ৰেকৰ্ড গঢ়ি থৈছে । মানচেষ্টাৰ ইউনাইটেডে মুঠ ১৩ বাৰকৈ এই খিতাপ জয় কৰিছে । একে সময়তে, মানচেষ্টাৰ চিটিয়ে এইবাৰৰ সৈতে মুঠ ৬ বাৰ এই খিতাপ দখল কৰি সৰ্বাধিক খিতাপ দখলৰ তালিকাত দ্বিতীয় স্থানত আছে । আনহাতে চেলচিয়ে এতিয়ালৈকে মুঠ ৫ বাৰ এই খিতাপ দখল কৰিছে । চেলচি আছে এই তালিকাৰ তৃতীয় স্থানত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments