Wednesday, July 6, 2022
HomeNewsএসময়ৰ চেম্পিয়ন এতিয়া হ'ল ম'ষ্ট ৱাণ্টেড

এসময়ৰ চেম্পিয়ন এতিয়া হ’ল ম’ষ্ট ৱাণ্টেড

✍️ তুষাৰ প্ৰতিম

টকিঅ’ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিব অমিত পংঘাল আৰু মনিষ কৌশিকে। হাৰিয়ানাৰ ছি দুগৰাকী বক্সাৰে হয়তো ভাৰতলৈ পদক জয়ৰে গৌৰৱ কঢ়িয়াই আনিব। অমিত আৰু মনিষৰ অলিম্পিক যাত্ৰাৰ পূৰ্বে এতিয়া পোহৰলৈ আহিছে আন এগৰাকী বক্সাৰৰ প্ৰসংগ। এসময়ত এইগৰাকী বক্সাৰ অমিত আৰু মনিষতকৈ অধিক প্ৰতিভাসম্পন্ন আছিল। কিন্তু আজি তেওঁ দিল্লী আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড অপৰাধীৰ মাজৰ এজন। যাৰ মূৰৰ মূল্য ২ লক্ষাধিক টকা।

২০০৮ চনত বেইজিং অলিম্পিকত হাৰিয়ানাৰ সন্তান বিজেন্দৰ সিঙে দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতেই হাৰিয়ানাত বক্সিঙৰ এক জাগৰণ সৃষ্টি হৈছিল। বীজেন্দৰক আদৰ্শ হিচাপে লৈ ৰাজ্যখনৰ প্ৰায়বোৰ কিশোৰেই নিজকে এগৰাকী সফল বক্সাৰ হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছিল। হাৰিয়ানাৰ এনে সহশ্ৰাধিক কিশোৰৰ মাজত আছিল দীপক পহাল নামৰ ১৫ বছৰীয়া এগৰাকী কিশোৰো। যিয়ে নিজকে বক্সাৰ হিচাপে গঢ়ি তুলিবলৈ পৰিয়ালৰ লগত সংঘাতত লিপ্ত হৈছিল। সেই সময়ত হাৰিয়ানাৰ চৰকাৰেও বক্সিঙকে ধৰি সকলো ধৰণৰ ক্ৰীড়াক গুৰুত্ব প্ৰদান কৰাত এটা সময়ত দীপকৰ পিতৃ-মাতৃয়ে পুত্ৰৰ ইচ্ছা পূৰণ কৰিবলৈ বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰাত সমৰ্থন জনালে। তেওঁলোকে ভাবিলে পুত্ৰই বক্সিঙৰ জৰিয়তে কিবা এটা কৰিব পাৰিব। মাত্ৰ এটা বছৰ প্ৰশিক্ষণ গ্ৰহণ কৰিয়েই দীপকে বক্সিঙত দেখুৱাইছিল নিজৰ পাৰদৰ্শিতা‌। প্ৰতিভাৰ বলতেই আকৌ দীপক নিৰ্বাচিত হৈছিল ছাই কেন্দ্ৰলৈ।

১৬ বছৰ বয়সত দীপকে ৰাজ্যিক চেম্পিয়নৰ লগতে ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল দীপক। দীপকে এই চেম্পিয়নশ্বিপ অৰ্জনৰ বাটত পৰাস্ত কৰিলে বৰ্তমান অলিম্পিকলৈ যোগ্যতা অৰ্জনকৰা অমিত পংঘাল আৰু মনিষ কৌশিকক। ইয়াৰ লগে লগে হাৰিয়ানাৰ নিজ গাঁৱৰ ৰাইজে ভাবিবলৈ আৰম্ভ কৰিলে বীজেন্দৰত পিছত দীপকেই পুনৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি পদক জয় কৰিব। আনকি প্ৰশিক্ষকেও দীপকক অমিত পংঘাল, মনিষ কৌশিক আদিৰ দৰে বক্সাৰতকৈ অধিক প্ৰতিভাসম্পন্ন বুলি মান্যতা প্ৰদান কৰিলে।

তেনে সময়তে দীপকে সংঘটিত কৰিলে এক ভয়ংকৰ অঘটন। ছাই কেন্দ্ৰত দীপকে এগৰাকী খেলুৱৈক ঘো‍চিয়ালে। যাৰ বাবে তেওঁ ছাই কেন্দ্ৰৰ পৰা বহিস্কৃত কৰা হ’ল। সেই সময়তে আকৌ ২০১২ চনত ভাৰতীয় বক্সিং ফেডাৰচনকো নিষিদ্ধ ঘোষণা কৰা হ’ল। যাৰ বাবে বক্সাৰ সকলে নিজৰ ভৱিষ্যত অনিশ্চয়তা দেখি বাট হেৰুওৱাৰ উপক্ৰম হ’ল। তেনে এক জটিল সময়তে দীপক পহালৰ চিনাকী হয় অপৰাধ জগতৰ সৈতে জড়িত জীতেন্দ্ৰ মান উৰফে গৌগিৰ সৈতে। জীতেন্দ্ৰ‌ই হাৰিয়ানাত অসহায় বক্সাৰ, মুষ্টি যোদ্ধা সকলক সহায়ৰ চলেৰে অপৰাধমূলক কৰ্মত লিপ্ত কৰাইছিল। দীপকো লাহে লাহে অপৰাধ জগতৰ এটা চিনাকী নামলৈ পৰিণত হৈ পৰিল। ২০১৬ চনত দীপক পহালৰ নাম জীতেন্দ্ৰ মানক জে’লৰ পৰা পলায়ন কৰাত সহায় কৰা ব্যক্তিৰ তালিকাত আহে। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। কেইদিনমান জে’লত থকাৰ পিছত দীপক জে’লৰ পৰা বাহিৰলৈ আহি পুনৰ বক্সিঙৰ লগত জড়িত হৈ পৰে। পুনৰ আৰম্ভ কৰে বক্সিঙৰ অনুশীলন। কিন্তু ২০১৮ চনত দীপকৰ নাম পুনৰ অপৰাধৰ লগত জড়িত হৈ পৰে। ইয়াৰ পিছতে তেওঁ ঘৰ তথা গাওঁ এৰি পলায়ন কৰে। ঘৰৰ পৰিয়ালে পৰৱৰ্তী সময়ত গম পাই যে দীপকৰ ওপৰত চাৰিগৰাকী ব্যক্তি হত্যাৰ অভিযোগ আছে। আৰক্ষীয়ে প্ৰায়ে দীপকৰ ঘৰলৈ গৈ দীপকক বিচাৰি হাৰাশাস্তি কৰে। উপায়ন্তৰ হৈ দীপকৰ লগত পৰিয়ালৰ সম্পৰ্ক শেষ কৰাৰ কথা বাতৰি কাকতৰ জড়িয়তে ৰাজহুৱা কৰে। বৰ্তমান দীপকৰ মূৰৰ ওপৰত দিল্লী আৰক্ষীয়ে ২ লক্ষাধিক টকাৰ মূল্য নিৰ্ধাৰণ কৰিছে।

এইদৰেই এসময়ৰ চেম্পিয়ন এতিয়া হৈ পৰিল কুখ্যাত অপৰাধী। যিসময়ত দীপকে এসময়ত পৰাস্ত কৰা অমিত, মনিষে দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰি দেশক গৌৰৱাম্বিত কৰিব সেই সময়ত দীপকে নিজকে আৰক্ষীৰ চকুৰ পৰা লুকুৱাই দৌৰি ফুৰিব লাগিব। নিজৰ দেহৰ শক্তিক অসৎ কামত ব্যৱহাৰ কৰি নিজৰ জীৱন প্ৰায় ধ্বংস কৰা দীপক পহাল নামৰ এসময়ৰ চেম্পিয়ন বক্সাৰ আৰু বৰ্তমানৰ কুখ্যাত অপৰাধীগৰাকীয়ে অলিম্পিকত অমিত পংঘাল, মনিষ কৌশিকক দেখি নিশ্চয় অনুতপ্ত হ’ব। অৱশ্যে অনুতপ্ত হ’লেও এতিয়া আৰু ৰক্ষা নাই দীপকৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments