Thursday, July 7, 2022
HomeNewsএ চি এৰ প্ৰাক্তন সম্পাদক ৰাণা গোস্বামীৰ বিয়োগত এ চি এৰ শোক...

এ চি এৰ প্ৰাক্তন সম্পাদক ৰাণা গোস্বামীৰ বিয়োগত এ চি এৰ শোক প্ৰকাশ

১৭ মে’, গুৱাহাটী : অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক ৰাণা গোস্বামীৰ বিয়োগত অসম ক্ৰিকেট সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শ‌ইকীয়াই গভীৰ শোক প্ৰকাশ কৰিছে। ক’ভিড-১৯ ত আক্ৰান্ত হৈ গুৱাহাটীস্থীত এপ’ল হাস্পতালত ১৬ মে’, দেওবাৰে মৃত্যুক সাৱটি লৈছিল প্ৰাক্তন ক্ৰীড়া সংগঠকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। গুৱাহাটীৰ উজানবজাৰৰ নিবাসী প্ৰয়াত গোস্বামীয়ে ইহ সংসাৰত পত্নী, পুত্ৰ আৰু কন্যাক এৰি গৈছে।

উল্লেখ্য যে, ২০০১ চনত চাইগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰয়াত ৰাণা গোস্বামীৰ অসম ক্ৰিকেট সন্থাৰ সৈতে দীৰ্ঘদিনীয়া আৰু সুন্দৰ সম্পৰ্ক আছিল। তেওঁ ১৯৮৬-১৯৮৯ আৰু ১৯৮৯-১৯৯২ চনলৈ অসম ক্ৰিকেট সংন্থাৰ সম্পাদক, ১৯৯২-৯৫ চনলৈ উপ-সভাপতি আৰু ১৯৬৯-৭৪ আৰু ১৯৭৪-৭৭ চনলৈ সহকাৰী সচিব হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পূৰ্বে প্ৰয়াত গোস্বামীয়ে ১৯৭৯-৮৬ চনলৈ অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৯৫-৯৭ চনলৈ সন্থাৰ পৰিচালনা সমিতিৰ সদস্য আছিল।

অসম ক্ৰিকেট সন্থাৰৰ সম্পাদক হিচাপে তেওঁৰ কাৰ্যকালতে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ১৯৮৭ চনৰ ১১ জানুৱাৰীত ভাৰত বনাম শ্ৰীলংকা আৰু একেটা বছৰৰে ২৩ ডিচেম্বৰত ৱেষ্ট ইণ্ডিজৰ মাজত এদিনীয়া মেচ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। ১১ জানুৱাৰী দুখন এদিনীয়া খেল আৰু ১৯৮৭ চনৰ ২৩ ডিচেম্বৰত ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ মাজত দুখনকৈ এদিনীয়া ক্ৰিকেট মেচ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিল।

এগৰাকী প্ৰখ্যাত আৰু জনপ্ৰিয় ক্ৰীড়া সংগঠক প্ৰয়াত ৰাণা গোস্বামীয়ে গুৱাহাটী ক্ৰীড়া সংস্থাৰ সৈতেও এক সুন্দৰ আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক বজাই ৰাখিছিল। তেওঁ ১৯৬৯-৭৪ চনলৈ সন্থাৰ ক্ৰিকেট সচিব, ১৯৭৪-৮১ চনলৈ সহকাৰী সচিব, ১৯৮১-১৯৯০ চনলৈ সাধাৰণ সম্পাদক আৰু ১৯৯০-৯৪, ১৯৯৬-৯৮, ২০০৪-২০০৬ আৰু ২০১২-২০১৪ চনলৈ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰয়াত ৰাণা গোস্বামীয়ে ১৯৯৫ চনৰ শ্বাৰজাহ ভ্ৰমণকাৰী ভাৰতীয় ক্ৰিকেট দলৰ মেনেজাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। এই দলটোৰ অধিনায়ক হিচাপে আছিল মহম্মদ আজহাৰুদ্দিন। আনহাতে দলটোৰ প্ৰশিক্ষক হিচাপে আছিল বিষাণ সিং বেদী, যিয়ে প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও বিচিচিআইৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

এইগৰাকী প্ৰখ্যাত ক্ৰীড়া সংগঠকক ২০১৮ চনত অসমৰ প্ৰবীণ ক্ৰিকেট সংস্থাই নুৰুল আমিন ক্ৰীড়া সংগঠক বঁটাৰে সন্মানিত কৰিছিল।

অসম ক্ৰিকেট সংস্থা এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে প্ৰয়াত ৰাণা গোস্বামীৰ শোকগ্ৰস্ত পৰিয়ালৰ সদস্যসকলক সমবেদনা জনোৱাৰ উপৰিও প্ৰয়াত গোস্বামীৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। প্ৰয়াত গোস্বামীৰ সন্মানত আজিৰ পৰা আৰম্ভ কৰি এসপ্তাহৰ বাবে অসম ক্ৰিকেট সন্থাৰ পতাকা অৰ্ধ-নৰ্মিত কৰি ৰাখিব বুলি জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments