Sunday, October 2, 2022
HomeNewsএ টি পি এ ফুটবল প্ৰতিযোগিতাৰ পাছত এইবাৰ যোৰহাটত ৰাজ্যিক ক্ৰীড়া সমাৰোহ

এ টি পি এ ফুটবল প্ৰতিযোগিতাৰ পাছত এইবাৰ যোৰহাটত ৰাজ্যিক ক্ৰীড়া সমাৰোহ

যোৰহাটৰ পৰা সংগীতা বৰা

শতবর্ষত উপনীত হোৱা যোৰহাট জিলা ক্ৰীড়া সন্থাই এ টি পি এ ফুটবল প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত কৰাৰ পাছত এইবাৰ বছৰটোৰ শেষৰ ফালে ৰাজ্যিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লাভ কৰিছে । জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু সাধাৰণ সম্পাদক জুল খাউণ্ড আৰু আন আন বিষয়ববীয়াসকলৰ সৈতে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু সহকাৰী সম্পাদক নিপন দাসে এই সম্পৰ্কত প্ৰাৰম্ভিক আলোচনা কৰে । সোনকালে ৰাজ্যিক ক্ৰীড়া সমাৰোহ সম্পৰ্কত পুনৰ বাৰ আলোচনা মিলিত হ’ব । এই কথা প্ৰকাশ কৰিছে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে ।

সম্পাদক গৰাকীয়ে শত বৰ্ষত অনুষ্ঠিত ঐতিহ্যমণ্ডিত ৫৭ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা, মাৰাথন প্ৰতিযোগিতা আৰু শতবৰ্ষ উদ্বোধনী অনুষ্ঠানত সহযোগিতা আগবঢ়োৱা যোৰহতীয়া ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ জনাইছে । সম্পাদকগৰাকীয়ে জনাইছে যে প্ৰবীণ ক্ৰীড়া সংগঠক ক্ৰীড়া সন্থাৰ প্ৰাক্তন উপ সভাপতি, প্ৰাক্তন ৰেফাৰী নৰেন শৰ্মাৰ পৰিয়ালে প্ৰতিবছৰে এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে ক্ৰীড়া সন্থালৈ ২৫, ০০০ টকা আগবঢ়োৱাৰ সন্মতি প্ৰকাশ কৰিছে । সম্পাদক গৰাকীয়ে শৰ্মা পৰিয়ালৰ বদান্যতাৰ শলাগ লৈছে । এইবাৰ এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম চাহ খেতিয়ক সন্থা, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, যোৰহাট মেডিকেল কলেজ, সঞ্জীৱনী হাস্পতাল, উইং পাৱাৰ, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, অইল ইণ্ডিয়া, এন আৰ এল, জগত ফাৰ্মাৰ, ৰেবকান্ত বিদ্যালয় সংগীবৃন্দ ৯২, যোৰহাট কো কম্পজিট চেণ্টাৰ, কৃষি বিশ্ববিদ্যালয়, জিলা ক্ৰীড়া সন্থাৰ সকলো সদস্য, উপ ক্ৰীড়া সন্থা, ক্ৰীড়া সন্থাৰ পঞ্জীয়ন ভুক্ত ক্লাব, জিলাখনৰ বৰ্তমানৰ আৰু প্ৰাক্তন খেলুৱৈ, শুভাকাংক্ষী, ক্ৰীড়াপ্ৰেমী, সংবাদ মাধ্যম, ক্ৰীড়াপ্ৰেমীয়ে সকলো কাৰ্যসূচীত জনোৱা সহযোগিতাৰ বাবে ধন্যবাদ জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments