Sunday, October 2, 2022
HomeNewsএ টি পি এ শ্বিল্ড ফুটবলত অইলক পৰাস্ত কৰি বিদ্যুৎ পৰিষদ...

এ টি পি এ শ্বিল্ড ফুটবলত অইলক পৰাস্ত কৰি বিদ্যুৎ পৰিষদ চূড়ান্ত বিজয়ী

অলিম্পিয়াৰ হৈ যোৰহাটৰ পৰা গিমেচী সংগীতা বৰাৰ প্ৰতিবেদন

অসমৰ অন্যতম গুৰুত্বপূৰ্ণ এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় পূৰ্বৰ পাঁচ বাৰৰ বিজয়ী অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দল । দেওবাৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে অইল ইণ্ডিয়া দলক আক্ৰমণ প্ৰত্যাক্ৰমেৰে ভৰপূৰ এখন খেলত ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অর্জন কৰে । দুয়ো দলে প্ৰথমৰ পৰাই আক্ৰমণ ৰছে বিপক্ষৰ হাফত । ফেভাৰিট হিচাপে ফিল্ডত নামে অইল ইণ্ডিয়া দল আৰু সেই অনুসৰি উপৰ্যুপৰি আঘাত হানে বিদ্যুতৰ হাফত । খেলৰ প্ৰথমাৰ্ধত অইল ইণ্ডিয়াৰ আক্ৰমণত চেদেলি ভেদেলি হৈ পৰে বিদ্যুৎ দলৰ ৰক্ষণ বিভাগ । খেলৰ প্ৰথমাৰ্ধত বিদ্যুৎ পৰিষদ দলে দুই এটা আক্ৰমণ ৰছে যদিও ব্যৰ্থ হয় দুৰ্বল ফিনিছিং তথা অইল দলৰ সুদক্ষ গ’লৰক্ষক অৰুপ বৰুৱাৰ সুন্দৰ প্রদর্শনৰ বাবে । খেলত প্ৰথম অগ্ৰগতি লাভ কৰে অইল ইণ্ডিয়া দলে প্ৰথমাৰ্ধত এটা পেনাল্টিৰ জৰিয়তে । অইলৰ ৰাহুল দাসে চেণ্টাৰ পজিছনৰ পৰা বল লৈ বিদ্যুতৰ বক্সত প্ৰৱেশ কৰোতে বিদ্যুতৰ ৰক্ষণ বিভাগৰ খেলুৱৈয়ে বিধিনিষিদ্ধভাবে বাধা দিয়াত ৰেফাৰীয়ে পেনাল্টি ঘোষণা কৰে । আৰু উক্ত পেনাল্টি গ’ললৈ ৰূপান্তৰ কৰি অইল ইণ্ডিয়া দলক খেলৰ প্ৰথমাৰ্ধৰ ১১ মিনিটত ১-০ গলৰ অগ্ৰগতি প্ৰদান কৰে মিন্টু বড়োৱে । ইয়াৰ পাছত বিদ্যুৎ দলে সমতা স্থাপন কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰে যদিও ব্যৰ্থ হয় অইল ইণ্ডিয়া ৰ ৰক্ষণ বিভাগৰ সুন্দৰ প্ৰদৰ্শন ৰ বাবে । যাৰ ফলত খেলৰ প্ৰথমাৰ্ধত ১-০ গলত অগ্ৰগতি লাভ কৰি থাকে অইল ইণ্ডিয়া দলে । প্ৰথমাৰ্ধত পিছপৰি ৰোৱা বিদ্যুৎ দলে খেলৰ দ্বিতীয়াৰ্ধত আক্ৰমণ ৰছে অইলৰ হাফত । কিন্তু ব্যৰ্থ হয় দুৰ্বল ফিনিছিঙৰ বাবে । ইয়াৰ বিপৰীতে অইল ইণ্ডিয়া দলে ৰক্ষণাত্মক খেল প্ৰদৰ্শন কৰে । কিন্তু ইয়াৰ মাজতে খেলৰ দ্বিতীয়াৰ্ধত কাউণ্টাৰ এটেকত বিদ্যুৎ দলৰ হৈ সমতা স্থাপন কৰে ত্ৰিদেৱ বড়োৱে । দ্বিতীয়াৰ্ধৰ ৪০ মিনিটত বিদ্যুৎ দলৰ শুভংগছো বসুমতীয়ে এটা বল লৈ অইল দলৰ হাফত প্ৰৱেশ কৰি দিয়া এটা মাইনাচত বল গ’ললৈ ৰূপান্তৰ কৰে বিদ্যুৎ দলৰ ত্ৰিদেৱ বড়োৱে । (১-১) ইয়াৰ পিছত পুনৰ এবাৰ আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি বিদ্যুৎ দলে খেলৰ ব্যৱধান ২-১ লৈ বৃদ্ধি কৰে ব্যৱচেঙ আওৰ গলৰ সহায়ত । ইয়াৰ পাছত অইল দলে সমতা স্থাপনৰ আপ্ৰাণ চেষ্টা কৰে যদিও ব্যৰ্থ হয় । ফলত বিদ্যুৎ দলে ৫৭ সংখ্যক এ টি পি এ প্রতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments