Thursday, July 7, 2022
HomeNewsঐতিহাসিক বিজয়ৰ আনন্দ উদযাপন কৰা কিন্তু সতৰ্ক হোৱা আচল টীমটো কিছু সপ্তাহ...

ঐতিহাসিক বিজয়ৰ আনন্দ উদযাপন কৰা কিন্তু সতৰ্ক হোৱা আচল টীমটো কিছু সপ্তাহ পিছত আহিব যাক তোমালোকে পৰাজিত কৰিব লাগিব

‘ঐতিহাসিক বিজয়ৰ আনন্দ উদযাপন কৰা কিন্তু সতৰ্ক হোৱা আচল টীমটো কিছু সপ্তাহ পিছত আহিব যাক তোমালোকে পৰাজিত কৰিব লাগিব।’ বৰ্ডাৰ-গাভাস্কাৰ টেষ্টত ভাৰতৰ ঐতিহাসিক বিজয়ৰ পিছতে উল্লাখত মতলীয়া হৈ থকা ভাৰতীয় দলক এক প্ৰকাৰৰ সকিয়নী প্ৰদান কৰিলে ইংলেণ্ডৰ পূৰ্বৰ ক্ৰিকেটাৰ কেভিন পিটাৰছেনে।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতে অষ্ট্ৰেলিয়াক নিজ দেশৰ মাটিতে ২-১ ত পৰাস্ত কৰি বিজয় উৎসৱ পালন কৰিছে। বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা ভিন্নজনে শুভেচ্ছাৰে উপচায় পেলাইছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি প্ৰতিজন প্ৰবীণ, নবীন ক্ৰিকেটাৰে শুভেচ্ছা জনাইছে। বি চি চি আইয়ে এই ঐতিহাসিক বিজয়ৰ বাবে উপহাৰ হিচাপে আগবঢ়ালে ৫ কোটি টকা। এনে সময়তে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেনে এক টুইটৰ জড়িয়তে ভাৰতক এই ঐতিহাসিক বিজয়ৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে এক সকিয়নী প্ৰদান কৰিছে।

টুইটাৰত পিটাৰছেনে হিন্দীতে লিখিছে, ভাৰতে এই ঐতিহাসিক বিজয় উদযাপন কৰক, কিয়নো এইয়া সকলো বাধা অতিক্ৰম কৰি প্ৰাপ্ত হৈছে। কিন্তু আচল টীম ইংলেণ্ড কিছু সপ্তাহৰ পিছত আহি আছে, যাক তোমালোকে নিজৰ ঘৰৰ মাটিতেই পৰাস্ত কৰিব লাগিব। সতৰ্ক হোৱা, দুই সপ্তাহত বহুত বেছি উদযাপন কৰাৰ পৰা সাৱধান হৈ থাকিবা।

উল্লেখ্য যে আগন্তুক ফেব্ৰুৱাৰী মাহত ভাৰত ভ্ৰমণলৈ আহিব ইংলেণ্ড ক্ৰিকেট দল। এই ভ্ৰমণকালত ইংলেণ্ডে ভাৰতৰ লগত ৪ খন টেষ্ট, ৩ খন এদিনীয়া আৰু ৫ খন টি-২০ৰ চিৰিজত অংশগ্ৰহণ কৰিব। যাৰ বাবে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰজনে ভাৰতীয় দলটোৰ ওপৰত চাপ সৃষ্টি কৰিবলৈকে এনেদৰে সামাজিক মাধ্যমত মন্তব্য কৰা পৰিলক্ষিত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments