Thursday, July 7, 2022
HomeNewsঐতিহাসিক মাৰাকানৰ নতুন নাম হব পেলে

ঐতিহাসিক মাৰাকানৰ নতুন নাম হব পেলে

ব্ৰাজিলৰ প্ৰখ্যাত মাৰাকানা ষ্টেডিয়ামৰ নাম সলনি কৰি জীৱন্ত কিংবদন্তী পেলেৰ নামেৰে নামাকৰণ কৰা হ’ব। ইতিমধ্যে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ৰ ৰাজ্যিক বিধানসভাই ভোটৰ ভিত্তিত এই প্ৰস্তাৱ আগবঢ়াইছে আৰু ৰাজ্যপালৰ ওচৰলৈ প্ৰস্তাৱটোৰ অনুমোদনৰ বাবে পঠিয়াইছে। ৰাজ্যপাল ক্লাডিঅ’ কাষ্ট্ৰোৱে এই প্ৰস্তাৱত স্বাক্ষৰ কৰিলেই মাৰাকানা ষ্টডিয়ামৰ নাম পেলেৰ নামলৈ পৰিবৰ্তন হ’ব।

উল্লেখ্য যে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ৰ মাৰাকানা অঞ্চলত থকা এই প্ৰখ্যাত ফুটবল ষ্টেডিয়ামখনক লৈ বিশ্বত বিভিন্ন ধৰণৰ গুজৱ চলি আহিছে। ১৯৫০ চনৰ বিশ্বকাপত এই ষ্টেডিয়ামতে ব্ৰাজিলৰ স্বপ্ন ভংগ হৈছিল। সেইবাৰ ফাইনেলত উৰগুৱেৰ হাতত পতন হৈছিল শক্তিশালী ব্ৰাজিলৰ। স্তব্ধ হৈছিল চাম্বা। গুজৱ চলিছিল মাৰাকানা ব্ৰাজিলৰ বাবে অভিশাপ। সেই একেখন মাৰাকানাতে ব্ৰাজিলে অনুষ্ঠিত কৰিছিল ২০১৪ চনৰ বিশ্বকাপৰ ফাইনেল। বিশ্বই মাৰাকানাকলৈ গুজৱ কৰিলেও, মাৰাকানাত চাম্বাৰ ছন্দ পতন হলেও, ফুটবল পাগল ব্ৰাজিলয়ানৰ স্বপ্ন ভংগ হলেও মাৰাকানা ব্ৰাজিলৰ অহংকাৰ, মাৰাকানা ব্ৰাজিলৰ গৌৰৱ। এই মাৰাকানাক লৈ এতিয়া ব্ৰাজিলে দুগুণে গৌৰৱ কৰিব। মাৰাকানাৰ ঠাইত ব্ৰাজিলৰ আন এক অহংকাৰ, গৌৰৱ পেলেৰ নাম আহিব। জীয়াই থাকোতেই পেলেক ব্ৰাজিলে দিব এই সন্মান। কাৰণ ব্ৰাজিল ফুটবলৰ বাবে, পেলে ফুটবলৰ বাবে, মাৰাকানা ফুটবলৰ বাবে।

উল্লেখ্য যে মাৰাকানাৰ আনুষ্ঠানিক নাম আছিল জৰ্নালিষ্টা মাৰিঅ’ ফিলহো। ব্ৰাজিলৰ প্ৰখ্যাত ক্ৰীড়া সাংবাদিক মাৰিঅ’ ফিলহোৰ নামেৰে ১৯৫০ চনতেই মাৰাকানাক নামাকৰণ কৰা হৈছিল যদিও ই মাৰাকানা নামেৰেই বিশ্বত সুদীৰ্ঘ সময় থিয় হৈ থাকিল। ৭৮ হাজাৰ দৰ্শকে একেলগে ফুটবল উপভোগ কৰিব পৰা এই ষ্টেডিয়াম পেলেৰ নামেৰে নামাকৰণ কৰি ৰিঅ’ ডি জেনেৰিঅ’ চৰকাৰে পেলেক অমৰত্ব প্ৰদান কৰাৰ যি প্ৰচেষ্টা চলাইছে তাকলৈ বিভিন্নজনে সন্তুষ্টি প্ৰকাশ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments