Thursday, July 7, 2022
HomeNewsক'ত হেৰাল তাহানিৰ ল'ৰালিৰ ধেমালি !

ক’ত হেৰাল তাহানিৰ ল’ৰালিৰ ধেমালি !

ক’ত হেৰাল তাহানিৰ ল’ৰালিৰ ধেমালি !

অলিম্পিয়া প্ৰতিবেদন : অলৌ গুটি টলৌ গুটি কচুপাতৰ ঘাই
যিখন হাতত গুটি আছে সেইখন হাতত পায়—-

থলুৱা গীতেৰে মুখৰিত আপোনাৰ সেই আপোন চোতালখনত আজি যেন এক অজান নিস্তব্ধতা । আমি প্ৰত্যেকেই জীৱনৰ প্ৰতিটো মূহুৰ্ত সুন্দৰ ভাবে উপভোগ কৰিবলৈ খেল-ধেমালিৰ প্ৰাধান্যতা অপৰিহাৰ্য । প্ৰতিজন ব্যক্তিৰ জীৱনৰ আদিপাঠ হ’ল ক্ৰীড়া । ক্ৰীড়াৰ লগতে উমলি- জামলি প্ৰত্যেকজন ব্যক্তিয়ে পাৰ কৰি আহিছে শৈশৱ, কৈশোৰ, যৌৱন ।

আৰু অধিক পঢ়ক

নিভাঁজ বোকা-মাটিৰে সমৃদ্ধ গাওঁবোৰৰ চোতালত বেলি পৰাৰ সময়ত এটা সময়ত এক সুকীয়া পৰিবেশ বিৰাজ কৰিছিল । বিদ্যালয় ছুটিৰ পাছত বন্ধুসকলৰ লগত চুবুৰীৰ ডাঙৰ চোতাল এখনত থলুৱা খেলবোৰত আনন্দবোৰ যেতিয়াই দুলিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই সৃষ্টি হৈছিল আপোন গাওঁখনত এক আনন্দ আৰু সমন্বয়ৰ বাৰ্তা ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

কিন্তু আজিৰ সময়ত গাওঁবোৰত সেই আবেলিৰ ভাললগা কোলাহলবোৰে বাৰ্তা কঢ়িয়াবলৈ পাহৰিছে নেকি ! চোতালবোৰতো নিস্তব্ধতাই বাহ লৈছে । ইমান দ্ৰুতগতিত পৰিবৰ্তন কিয় হৈছে, কেনেকৈ হৈছে ? এই প্ৰশ্ন লৈয়ে আজি আমাৰ এই বিশেষ প্ৰতিবেদন ।

দহ দশক মানৰ আগৰ শৈশৱত মনৰ আনন্দ উল্লাসবোৰ উদ্ভাসিত কৰাৰ প্ৰথম মঞ্চখনেই আছিল ঘৰৰ আপোন চোতাল খন । আহিলা হিচাপে আছিল থলুৱা খেল-ধেমালি । থলুৱা খেলসমূহে শৈশৱ কালছোৱাক বৌদ্ধিক, মানসিক, শাৰীৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল ।

আজিৰ শৈশৱবোৰ সুকীয়া হৈ পৰিছে !

জিটেল পৃথিৱী খনে আবৰি ধৰিছে বৰ্তমানক । অতিবাহিত কৰা শৈশৱবোৰ কিমান ফলপ্ৰসূ হৈছে সেয়া সন্দেহৰ আৱৰ্তত । মাৰ্বল গুটিৰে লক্ষ্যভেদ কৰা অতীতবোৰ যে এতিয়া মোবাইল গেমলৈ পৰিবৰ্তন হৈছে ! এয়াই বাস্তৱ—-ইয়াৰ বাবে দোষী কোন ? আমাৰ ব্যস্ততাময় সমাজ , ডিজিটেল চিষ্টেম নে অভিভাৱক ? এয়া আজিৰ সময়ত ডাঙৰ প্ৰশ্ন ।

এই ক্ষেত্ৰত অভিভাৱকসকল অধিক সচেতন হ’ব লাগিব ।অভিভাৱকসকলে নিজৰ শিশুটিক থলুৱা খেলৰ বাবে এখন মুকলি মঞ্চ দিয়াটো অত্যন্ত প্ৰয়োজন । য’ত থলুৱা খেলৰ গীত-মাতৰ জৰিয়তে আপোন চোতালখনত তেওঁলোক সোণালী হৈ জিলিকিব পাৰে । ৰবাব টেঙাৰ বলত দুভৰিৰ বোলনিৰে বিশ্ব জয় কৰাৰ সপোন দেখিব পাৰে । পুখুৰী-পাৰ খেলেৰে বিপদ আৰু নিৰাপদৰ বিচাৰ কৰিব পাৰে । ওখ জাপৰ জৰিয়তে আকাশ চোৱাৰ সপোন দেখিব পাৰে । য’ত শৈশৱ কালচোৱা অতিবাহিত কৰি এজন সচাঁ মনৰ মানুহ হ’ব পাৰে ।

এয়াই সময় । নহ’লে, পলম হৈ যাব । সমাজ ব্যৱস্থাৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে এই ক্ষেত্ৰত । বৌদ্ধিক মহল, অভিভাৱক, সচেতন নাগৰিক, প্ৰত্যেকজন ব্যক্তিৰ ওচৰত আজিৰ সময়ত এক গধুৰ দায়িত্ব — থলুৱা খেলেৰে সূৰ্য্য উঠা দেশক আৰু অধিক সোণালী কৰি তোলাৰ ।

অলিম্পিয়া স্পৰ্টছেও এই প্ৰতিবেদনৰ জৰিয়তে এক ক্ষুদ্ৰ প্ৰয়াস কৰিলো থলুৱা খেলক সদায়ে উজ্জীৱিত কৰাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments