ক’ভিডত আক্ৰান্ত ৰোগীৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্য মেচ আয়োজন কৰি মেচৰ পূৰ্বে নিজেই কৰ’নাত আক্ৰান্ত হ’ল

ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্য মেচ আয়োজন কৰি মেচৰ পূৰ্বে নিজেই কৰ’নাত আক্ৰান্ত হ’ল শ্ৰীলংকাৰ পূৰ্বৰ অধিনায়ক উপুল থাৰাংগা। যাৰ বাবে আজি অনুষ্ঠিত হ’বলগীয়া শ্ৰীলংকা গ্ৰেট একাদশ আৰু টীম শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখন বাতিল কৰা হৈছে। শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰা জনোৱা অনুসৰি দেশৰ নাগৰিকৰ লগতে ব’ৰ্ডে ক্ৰিকেটাৰ সকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি মেচখন বাতিল কৰা হৈছে। উল্লেখযোগ্য যে দ্বীপ ৰাষ্ট্ৰখনত কৰ’নাৰ তৃতীয়টো ঢৌৰ সৃষ্টি হৈছে যাৰ বাবে ঠায়ে ঠায়ে লকডাউন ঘোষণা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *