অলিম্পিয়াৰ প্ৰতিবেদন
ক্ৰিষ্টিয়ানো ৰোণাল্ডো ক’ভিড প’জিটিভ। জানিব পৰা মতে পৰ্টুগাল জাতীয় দলৰ হৈ ব্যস্ত থকাৰ সময়তে ৰোণাল্ডো ক’ভিড-১৯ ত আক্ৰান্ত হোৱা বুলি গম পোৱা গৈছে।
পৰ্টুগীজ ফুটবল ফেডাৰেশ্যনে প্ৰকাশ কৰা মতে, বৰ্তমান ৰোণাল্ডোৰ শৰীৰত ক’ভিডৰ কোনোধৰণৰ লক্ষণে দেখা দিয়া নাই আৰু তেওঁক চিকিৎসকৰ পৰামৰ্শ অনুসৰি আইছ’লেশ্যনত ৰখা হৈছে।
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ৰোণাল্ডোৱে জুভেণ্টাছৰ হৈ খেলি থকাৰ সময়তো তেওঁৰ চাৰিগৰাকী সতীৰ্থৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছিল।
আজি য়ু ই এফ এ নেশ্যন লীগত ৰোণাল্ডোৱে পৰ্টুগালৰ হৈ চুইডেনৰ বিপক্ষে খেলাৰ কথা আছিল যদিও ক’ভিড প’জিটিভ হোৱাৰ পাছতে তাৰকা ফুটবলাৰ গৰাকীক জাতীয় দলৰ কেম্পৰ পৰা অব্যাহতি দিয়া হৈছে।